অখিল অসম ভোজপুৰী পৰিষদৰ মাদুৰিপথাৰ আঞ্চলিক গঠন...

অখিল অসম ভোজপুৰী পৰিষদৰ মাদুৰিপথাৰ আঞ্চলিক গঠন...

author-image
Asomiya Pratidin
New Update
অখিল অসম ভোজপুৰী পৰিষদৰ মাদুৰিপথাৰ আঞ্চলিক গঠন...

অখিল অসম ভোজপুৰী পৰিষদৰ মাদুৰিপথাৰ আঞ্চলিক গঠন...

ডিজিটেস সংবাদ ধেমাজিঃ অখিল অসম ভোজপুৰী পৰিষদৰ মাদুৰিপথাৰ আঞ্চলিক সমিতি গঠনৰ বাবে দেওবাৰে এক গুৰত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ। মাদুৰিপথাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত সংগঠনটোৰ জ্যেষ্ঠ কৰ্মী বজৰং চাহুৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদেশ্য বাখ্যা কৰে ৰাজু চাহুৱে।

Advertisment

সভাখনত ভোজপুৰীসকলে সন্মুখীন হৈ অহা জাতিগত প্ৰমাণ পত্ৰ, শৈক্ষিক, আৰ্থ-সমাজিক, বান আৰু গড়াখহনীয়াৰ লগতে বিভিন্ন জলন্ত সমস্যাৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ কাৰ্যকৰিকৰণৰ বাবে গ্ৰহণ কৰে। সভাই ভোজপুৰীসকলৰ সামগ্ৰিক উন্নয়নৰ বাবে ভোজপুৰী পৰিষদ গঠনৰ বিষয়টো বিবেচনাৰ বাবে চৰকাৰৰ ওচৰত আহ্বান জোনায়।

সভাৰ শেষাৰ্ধত ৰাজু চাহুক সভাপতি, অমৰ বৈথকক উপ-সভাপতি,অমিত চাহুক সম্পাদক,কিৰণ চাহুক সহকাৰী সাধাৰণ সম্পাদিকা,অঞ্জলি চাহুক সাংস্কৃতিক সম্পাদিকা, অনুৰাধা মাধৱক প্ৰচাৰ সম্পাদিকা,বিষ্ণু চাহুক সাংগঠনিক সম্পাদক,পদুমনি মাহাতো,ৰচন চাহু,ৰাহুল মহাতো আৰু গণেশ মাহাতোক কাৰ্য্যলয় সম্পাদক আৰু মঙ্গল চাহুক কাৰ্যকৰী সদস্য হিচাপে লৈ সংগঠন টোৰ মাদুৰিপথাৰ আঞ্চলিক সমিতি গঠন কৰে।

কেইবাশ ৰাইজৰ উপস্থিতিত অনুষ্ঠিত ৰাজহুৱা সভাত পৰ্যবেক্ষক হিচাপে অখিল অসম ভোজপুৰী পৰিষদৰ ধেমাজি জিলাৰ সভাপতি ড০ দেবানন্দ সিং,সম্পাদক সুৰেন্দ্ৰ যাদৱ,সদস্য শ্ৰৱণ চাহু,ৰাজেশ চাহানীযে অংশ লয়। চিলাপথাৰ আঞ্চলিক এবছুৰ কৰ্মী মোছেচ বসুমতাৰী,আছু কৰ্মী বিমল বৰা আদি বহু লোক অতিথি হিচাপে উপস্থিত থাকি সভাৰ শোভাৱৰ্ধন কৰে।

Also Read: জামুগুৰিহাটৰ দক্ষিণাঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱঃ ক্ৰমাৎ বৃদ্ধি হাতী মানুহৰ সংঘাত

অসম ভোজপুৰী পৰিষদ