/asomiyapratidin/media/media_files/2025/02/10/kuj59mdXz8zKiJ2Mwa6p.jpg)
ডিজিটেল সংবাদ,ধেমাজিঃ অহা ১৪ ৰ পৰা ২১ মাৰ্চলৈকে সাতদিনীয়াকৈধেমাজি জিলাৰ অন্তৰ্গত মদাৰগুৰি কলিতা গাঁৱৰশ্ৰীশ্ৰী বাসুদেৱ থান আৰু নামঘৰৰ সমীপত সদৌ অসম ভিত্তিত অনুষ্ঠিত হ’ব ভাওনা আৰু দিহানাম প্ৰতিযোগিতা। এই প্ৰতিযোগিতাৰ বাবে আজি আনুষ্ঠানিকভাৱে আইতিৰ মঙ্গলধ্বনিৰে ধেমাজি জিলা বৈদিক সনাতম সমাজৰ মুখ্য উপদেষ্টা পূৰ্ণানন্দ তামুলীয়ে লাইখুঁটা স্থাপন কৰে।
লাইখুঁটা স্থাপনৰ এই অনুষ্ঠানতে প্ৰতিযোগিতাৰ উদযাপনসমিতিৰ সম্পাদক প্ৰদীপভৰালীয়ে সংবাদ মাধ্যমকো সম্বোধন কৰে। তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰতিযোগিতাৰ সবিশেষ উল্লেখ কৰিছে।
সম্পাদকগৰাকীয়ে উল্লেখ কৰা মতে ভাওনা প্ৰতিযোগিতাখনত অসম বিভিন্নজিলাৰ প্ৰায় ১৪ টা দলে অংশগ্ৰহণ কৰিব। তাৰোপৰি বহু কেইটা মহিলা দিহানাম দলে পৰিবেশন কৰিব।
এই প্ৰতিযোগিতা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ ইতিমধ্যে এখনি শক্তিশালী উদযাপন সমিতি আৰু এখনি কৰ্ণাধাৰ সমিতিও গঠন কৰি প্ৰস্তুতি আগবঢ়াই থকা হৈছে বুলি উল্লেখ কৰে৷ সভাত জামুগুৰি পাচঁআলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধানশিক্ষক তথা কৰ্ণাধাৰ সমিতিৰউপ-সভাপতি বিপিন চন্দ্ৰ বৰা, উদযাপন সমিতিৰ সভাপতি তোলন শইকীয়া,গুণ কলিতা, গোবিন কলিতা,ৰবীন তালুকদাৰৰ লগতেঅঞ্চলটোৰ ৰাইজসকল উপস্থিতথাকে৷