ADC ৰ তদন্তত উন্মোচিত ধেমাজি ৰাজহ চক্ৰৰ বিষয়া কাৰ্যালয়ৰ ভূমি কেলেংকাৰী

আনৰ নামত থকা ম্যাদী পট্টাৰ মাটি ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ মণ্ডল,কাননগো আৰু ৰাজহ চক্ৰ বিষয়াই জালিয়াতিৰে আনৰ নামলৈ কৰা ভুৱা নামজাৰি প্ৰমান কৰি জিলা অতিৰিক্ত আয়ুক্ত ড° সঞ্জীৱ কুমাৰ ফুকনে বুধবাৰে নাকচ কৰাৰ কথা ঘোষণা কৰে ৷

author-image
Asomiya Pratidin
New Update
ADC ৰ তদন্তত উন্মোচিত ধেমাজি ৰাজহ চক্ৰৰ বিষয়া কাৰ্যালয়ৰ ভূমি কেলেংকাৰী

ডিজিটেল সংবাদ, ধেমাজি: তিনি ভাই-ককাইৰ নামত থকা ম্যাদী পট্টা মাটি ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ মণ্ডল,কাননগো আৰু তদানীন্তন ৰাজহ চক্ৰ বিষয়াই সম্পূৰ্ণ জালিয়াতিৰে পত্নী সৰোজিনী গগৈক স্বামী মৃত নয়নমনি গগৈৰ দ্বিতীয় পত্নীৰ ঠাইত কন্যা সজাই ৪ বিঘা ১ কঠা ১২ লোচা ম্যাদী মাটি ভুৱাকৈ নামজাৰি কৰা প্ৰমান কৰি জিলা অতিৰিক্ত আয়ুক্ত ড° সঞ্জীৱ কুমাৰ ফুকনে বুধবাৰে নাকচ কৰাৰ কথা ঘোষণা কৰে ৷

Advertisment

উল্লেখ্য যে ধেমাজি হাতীগড়ৰ প্ৰণৱ গগৈ, বিনোদ গগৈ মৃত নয়নমণি গগৈৰ নামত থকা ৯ বিঘা ৩ কঠা ৩ লোচা ম্যাদী পট্টাৰ ভিতৰত দুই ভাতৃদ্বয় প্ৰণৱ গগৈ আৰু বিনোদ গগৈৰ অজ্ঞাতেই মণ্ডলদ্বয় হেমন্ত গগৈ, ৰাকেশ দাউ, কাননগো আৰু তদানীন্তন ৰাজহ চক্ৰৰ বিষয়াই মিলি বক্ৰ পথেৰে ভুৱাকৈ বাটোৱাৰী গোচৰ বনাই সম্পৰ্ক জালিয়াতিৰে হাতীগড়ৰ ২ নং কছৈটিং আৰু লায়েঙৰজানৰ মুঠ দুই ঠাইত ৪ বিঘা ১ কঠা ১২ লোচা মাটি ভুৱাকৈ নামজাৰি কৰিছিল ৷

ভুৱাকৈ নামজাৰি কৰা কেলেংকাৰীৰ ঘটনাৰ সম্পৰ্কে পট্টাদাৰ প্ৰণৱ গগৈ আৰু ভাতৃ বিনোদ গগৈয়ে বহু পলমকৈ কিছু তথ্য অনলাইন যোগে লাভ কৰা তথ্যৰ ভিত্তিত ৰাজহ চক্ৰ বিষয়া মনালী ৰজতক অৱগত কৰিবলৈ গৈছিল ৷ ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে অভিযোগকাৰীক 
সহযোগিতা কৰাৰ বিপৰীতে কাৰ্যালয়ৰ মাটিৰ কেলেংকাৰী কাণ্ডৰ সবিস্তাৰে প্ৰতিদিন ডিজিটেল আৰু অসমীয়া প্ৰতিদিনত কাকতত দুদিনকৈ প্ৰকাশ পোৱাৰ পিছতেই ৰাজহ চক্ৰ বিষয়া মনালী ৰজতে অভিযোগকাৰী পট্টাদাৰৰ ওপৰত ক্ষোভিত হৈ অভিযোগকাৰীক 
কাৰ্যালয়ৰ ভিতৰৰ পৰা দুৰ্ব্যৱহাৰ কৰি খেদি পঠিয়াইছিল ৷

ইফালে প্ৰকাশিত বাতৰিৰ পিছতেই জিলা আয়ুক্তই বিষয়টো তাৎক্ষণিকভাৱে হস্তক্ষেপ কৰি জিলা অতিৰিক্ত আয়ুক্ত ড° সঞ্জীৱ কুমাৰ ফুকনক তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ ইয়াৰ লগে লগেই ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে দাখিল কৰা তথ্য জিলা অতিৰিক্ত আয়ুক্তগৰাকীয়ে পৰীক্ষা কৰাৰ পিছতেই ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ কেলেংকাৰী তথ্য পোহৰলৈ আহে ৷

বুধবাৰে পুৱা ১১ বজাত দুয়ো পক্ষকে জিলা আয়ুক্তৰ কাৰ্যালয়ত তদন্তকাৰী বিষয়া জিলা অতিৰিক্ত আয়ুক্ত ড° সঞ্জীৱ কুমাৰ ফুকনে শুনানি লৈ ঘটনাৰ সবিশেষ পৰীক্ষা কৰি দুয়ো পক্ষৰ সাক্ষাততে ভুৱাকৈ আনৰ নামত নামজাৰি কৰা মাটি নাকচ কৰাৰ কথা ঘোষণা কৰে৷ জালিয়াতিৰে আনৰ মাটি আনৰ নামত নামজাৰি কৰা দুৰ্নীতিগ্ৰস্ত মণ্ডল,কাননগো আৰু ৰাজহ চক্ৰ বিষয়াৰ বিৰুদ্ধে জিলা আয়ুক্তই কি ব্যৱস্থা গ্ৰহণ কৰিব তাৰ ওপৰত দৃষ্টি ৰাখিছে ৰাইজে। 

কেলেংকাৰী ভূমি পট্টা