মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত বাতিলৰ দাবীত ধেমাজি জিলা ছাত্র সন্থাৰ প্ৰতিবাদ

মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত বাতিলৰ দাবীত ধেমাজি জিলা ছাত্র সন্থাৰ প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত বাতিলৰ দাবীত ধেমাজি জিলা ছাত্র সন্থাৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, ধেমাজিঃ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত বাতিলৰ দাবীত ধেমাজি জিলা ছাত্র সন্থাই বৃহস্পতিবাৰে এৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে । প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি অসম চৰকাৰে মাধ্যমত হাত নিদিব, অসমত অসমীয়া, বড়ো মাতৃভাষা মাধ্যম সুৰক্ষিত হৈ থাকিব লাগিব, মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰ কৰক আদি ধ্বনিৰে প্ৰতিবাদ সাব্য়স্ত কৰে ।

Advertisment

তদুপৰি চৰকাৰে ইতিমধ্যে বিতৰণ কৰা ইংৰাজী পাঠ্যপুঁথিসমূহ ঘূৰাই লৈ মাতৃভাষা মাধ্যমৰ পাঠ্যপুথি প্ৰদান কৰক, মাতৃভাষা মাধ্যমৰ ছাত্ৰ -ছাত্ৰীক ইংৰাজী বিষয়টো ভালকৈ শিকোৱা লগতে ল'ৰা-ছোৱালীয়ে ইংৰাজী শুদ্ধকৈ লিখা আৰু সলসলীয়াকৈ ইংৰাজী ক'ব পৰা কৰি তোলক ৷ মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহৰ আন্তঃগাঁঠনি উন্নত কৰি সকলো বিদ্যালয়ৰ আধুনিক সা-সুবিধা প্ৰদান কৰাৰ দাবীত ধেমাজি জিলা ছাত্ৰ সন্থাই আজি ধেমাজি নগৰত এক বিক্ষোভ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে ৷

ধেমাজি শ্বহীদ উদ্যানত আৰম্ভ কৰি তিনিআলিৰ পৰা ধেমাজি চাৰিআলি হৈ পুনৰ শ্বহীদ বেদী প্ৰাংগনত সামৰণি পৰা সংগঠনটোৰ চাৰি শতাধিক আছুৰ প্ৰতিবাদীকাৰীয়ে হাতে-হাতে বেনাৰ, পোষ্টাৰ, প্লে'ৰ্কাড লৈ বিজেপি চৰকাৰ হুচিয়াৰ, মাধ্যম বিৰোধী সিদ্ধান্ত বাতিল কৰক, মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ আন্তঃগাঠঁনি উন্নত কৰক , শিক্ষামন্ত্ৰী হায় হায় , ইংৰাজী ভাষাত গণিত আৰু বিজ্ঞান পঢ়োৱাৰ সিদ্ধান্ত বাতিল কৰক ইত্যাদি শ্লো'গানেৰে ধেমাজি নগৰ উত্তাল কৰি তুলে ৷

কাৰ্য্যসূচীৰ অন্তত প্ৰতিবাদী স্থলিতে এখনি প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে ৷ জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাসে পৰিচালনা কৰা প্ৰতিবাদী সভাৰ আঁত ধৰে জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঁইয়ে ৷ প্ৰতিবাদী সভাত ধেমাজি জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা দ্বয় দিপক শৰ্মা আৰু কল্যাণ গগৈ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য সম্পাদক মন্টুৰাজ বৰুৱাই চৰকাৰৰ এনে কাৰ্য্যক ধিক্কাৰ দি একেমুখে মাতৃভাষা বিৰোধী সিদ্ধান্ত অনতিপলমে বাতিল কৰিবলৈ দাবী জনায় ৷ প্ৰতিবাদী সভাত আছুৰ কেন্দ্ৰীয় কাৰ্য্যনিবাক দ্বয় ৰাজীৱ গগৈ আৰু ৰবি কছাৰী, ধেমাজি মহকুমাৰ ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ গগৈ, সাধাৰণ সম্পাদক অনিৰ্বাণ গগৈ আৰু সম্পাদক মানৱ বণিয়া লগতে জোনাই মহকুমাৰ ছাত্ৰ সন্থাৰ সভাপতি লক্ষ্য শৰণীয়া উপস্থিত থাকে ৷

protest aasu