/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/a023f7ef-f072-489d-9aca-4cfd76219a5c/dhemaji_11.jpg)
ধেমাজিত নৰেন্দ্ৰ মোডী, অমিত শ্বাহৰ প্ৰতিমূৰ্তি, 'কা'ৰ প্ৰতিলিপি দাহেৰে প্ৰতিবাদ
ডিজিটেল সংবাদ ধেমাজিঃ নাগৰিকত্ব সংশোধনী আইনৰ বিধি জাৰি হোৱাৰ লগে লগে আজি সন্ধিয়া প্ৰায় ৬.৩০ বজাত ধেমাজি জিলা ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পৃথকে পৃথকে প্ৰতিবাদ সাব্যস্ত কৰে। জিলা ছাত্ৰ সন্থাৰ প্ৰায় দুই শতাধিক প্ৰতিবাদকাৰীয়ে ধেমাজি থানা তিনিআলিৰ পৰা ৰাষ্ট্ৰীয় ঘাই পথেৰে খোজকাঢ়ি হাতে- হাতে প্লে'কাৰ্ড লৈ 'কা’ আমি নামানো, নৰেন্দ্ৰ মোডী শুনি ল,অমৃত শ্বাহ শুনিল, সৰ্বানন্দ সোনোৱাল শুনিল, হিমন্ত বিশ্ব শৰ্মা গ'বেক, বিজেপি চৰকাৰ গ'বেক আদি শ্ল’গানেৰে উত্তাল কৰি তোলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/629f9b5b-014e-4a07-8395-3533399c007b/d639202d_60b3_44cc_a516_9e65ea994f62.jpg)
ইয়াৰোপৰি সংগঠনটোৱে 'কা’ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনাই ধেমাজি জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত 'কা’ আইনৰ প্ৰতিলিপি দাহ কৰে ৷ একেদৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়েও এই আইনৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদকাৰীসকলে হাতে- হাতে 'কা’ বিৰোধী প্লে’কাৰ্ড লৈ নৰেন্দ্ৰ মোডী হুচিয়াৰ,অমিত শ্বহ হুচিয়াৰ, হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ, বিজেপি চৰকাৰ গ'বেক, 'কা’ আমি নামানো ইত্যাদি শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে। সংগঠনটোৱে প্ৰায় ৮-৩০ বজাত ধেমাজি তিনিআলিত প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু 'কা’ আইনৰ প্ৰতিকৃতি দাহ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/4996fc3a-f56f-4ea7-bdcc-19a60b5d7815/47f49012_138f_48c4_8c68_53a593b62bd2.jpg)
Also Read: মঙলদৈৰ ৰাজপথত আছুৱে জ্বলালে 'কা'ৰ প্ৰতিলিপি