ধেমাজিত আপৰ 'গাঁৱলৈ যাত্রা' কাৰ্যসূচী ৰূপায়ণ : পথাৰত কৃষকৰে মত-বিনিময়

ধেমাজিত আপৰ 'গাঁৱলৈ যাত্রা' কাৰ্যসূচী ৰূপায়ণ : পথাৰত কৃষকৰে মত-বিনিময়

author-image
Asomiya Pratidin
New Update
ধেমাজিত আপৰ 'গাঁৱলৈ যাত্রা' কাৰ্যসূচী ৰূপায়ণ : পথাৰত কৃষকৰে মত-বিনিময়

ডিজিটেল সংবাদ,জোনাই : সোমবাৰে ধেমাজি জিলাৰ চিমেন চাপিৰ গাঁৱত আম আদমি পার্টীৰ এমহীয়া 'গাঁও যাত্রা' কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী, ৰাষ্ট্রীয় তত্ত্বাৱধায়ক ৰাজেশ শর্মা,ধেমাজি জিলা সমিতিৰ সভাপতি নলিনী দলেৰ উপস্থিতিত চিমেন চাপৰি গাঁৱৰ স্থানীয় লোকৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ অভাব-অভিযোগৰ বুজ লয়।

Advertisment

ইয়াৰ পিছতে জোনাইৰ দিমাক গাঁৱত এক সমদলৰে পদযাত্রা কৰি আগন্তুক লোকসভা নির্বাচনৰ ৰণশিঙা বজায়। 'সবল গাঁও, উন্নত অসম, আমি গঢ়িম নতুন অসম' ধ্বনিৰে কৰা পদযাত্ৰাৰ সময়ত দলটোৱে ৰাইজৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰা পৰিলক্ষিত হয়।

তাৰোপৰি দলটোৱে জোনাই সমষ্টিৰ বিলফাৰ কানকাং গাঁৱৰ পথাৰে পথাৰে গৈ বহু কৃষকৰ সৈতে মত বিনিময় কৰি তেওঁলোকে দীর্ঘদিনে সম্মুখীন হৈ অহা সমস্যাৰ বুজ লয়। অঞ্চলবাসী ৰাইজে সকলো ধৰণৰ চৰকাৰী আঁচনি তথা সা-সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে বুলি অভিযোগ দিয়ে।

ধেমাজি জিলাত কেইবাখনো পঞ্চায়তত ৰাজহুৱা সভা সম্বোধন কৰি সভাপতি ডাঃ চৌধুৰীয়ে ধেমাজিবাসী ৰাইজৰ সহাঁৰিয়ে উৎফুল্লিত কৰি তুলিছে বুলি উল্লেখ কৰে। ৰাজেশ শর্মাই আপৰ 'গাঁওলৈ যাত্রা'ৰ লক্ষ্য-উদ্দেশ্য ৰাইজৰ আগত বর্ণনা কৰি কয়- আমি জনসাধাৰণৰ মনৰ কথা শুনিবলৈ গাওঁলৈ আহিছো। তেওঁলোকৰ মাজত থাকি সমস্যাৰ কথা শুনিম। নির্বাচনত বিজেপিক পৰাজিত কৰাটোবে আমাৰ উদ্দেশ্য নহয়। ৰাইজৰ প্ৰধান সমস্যাসমূহ গুৰুত্ব দি কাম কৰাই হৈছে আপৰ লক্ষ্য আৰু উদ্দেশ্য।

Also Read: বটদ্ৰৱা থানাৰ আৰক্ষীৰ অভিযানত জব্দ ড্ৰাগছ : আটক সৰবৰাহকাৰী

aap jonai aap assam