গোগামুখত অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত সীমান্ত সম্পৰ্কীয় গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত

অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত থকা দুই ৰাজ্যৰ ধেমাজি জিলাৰ সীমান্ত সম্পৰ্কীয় বহু কেইটা গুৰুত্বপূৰ্ণ সমস্যাৰ সমাধানৰ সম্পৰ্কে দুই ৰাজ্যৰ মন্ত্ৰী, প্ৰশাসনীয় বিষয়াৰ বৈঠক।

author-image
Asomiya Pratidin
New Update
গোগামুখত অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত সীমান্ত সম্পৰ্কীয় গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত

ডিজিটেল সংবাদ, ধেমাজিঃ মঙলবাৰে ধেমাজিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান, অসমত এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত থকা দুই ৰাজ্যৰ ধেমাজি জিলাৰ সীমান্ত সম্পৰ্কীয় বহু কেইটা গুৰুত্বপূৰ্ণ সমস্যাৰ সমাধানৰ সম্পৰ্কে এই সভাত আলোচনা কৰা হয়।

সভাত দুই ৰাজ্যৰ মাজত স্থায়ী শান্তি, সহযোগিতা আৰু উন্নয়নৰ দিশসমূহ সামৰি আলোচনা কৰা হয়। সভাত অৰুণাচল প্ৰদেশৰ পৰা সামাজিক ন্যায়, সৱলীকৰণ আৰু জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কেণ্টো জিনি, অৰুণাচল প্ৰদেশৰ উপাধ্যক্ষ কাৰ্ডো নিগিয়, বিধায়ক টোজিৰ কাৰ্ডো, অৰুণাচলৰ উপায়ুক্ত তথা আঞ্চলিক সমিতিৰ সদস্য সচিব ৰুজ্জুম ৰাক্ষশ্বাপ আদি উপস্থিত থাকে।

অসমৰ চৰকাৰৰ হৈ সভাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মন্ত্ৰী ডাঃ ৰাণোজ পেগু, সাংসদ প্ৰদান বৰুৱা,  জোনাইৰ বিধায়ক ভূবন পেগু, ধেমাজি জিলা আয়ুক্ত ৰাহুল সুৰেশ জাবিৰ, জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায় লগতে জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে।

গোগামুখ