মাছখোৱাৰ মহিৰূঢ় ফুলেশ্বৰ দত্তৰ ৯২ সংখ্যক জন্মদিনৰ আয়োজন...

মাছখোৱাৰ মহিৰূঢ় ফুলেশ্বৰ দত্তৰ ৯২ সংখ্যক জন্মদিনৰ আয়োজন...
মাছখোৱাৰ মহিৰূঢ় ফুলেশ্বৰ দত্তৰ ৯২ সংখ্যক জন্মদিনৰ আয়োজন...

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজি জিলা মাছখোৱা অঞ্চলৰ সামাজিক-সাংস্কৃতিক ক্ষেত্ৰখনৰ মহিৰূঢ় স্বৰূপ তথা শিক্ষাবিদ ফুলেশ্বৰ দত্তৰ ৯২ সংখ্যক জন্ম দিনটো অহা ১৫ আগষ্টত মাছখোৱা মিলন সংঘত উদযাপন কৰিবললৈ মাছখোৱা ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ মাছখোৱাবাসী অঞ্চলৰ সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা ৯২ বছৰীয়া ফুলেশ্বৰ দত্তৰ জীৱন কৰ্মৰাজীক লৈ প্ৰণয়ন কৰা অভিনন্দন গ্ৰন্থখনি উন্মোচন কৰিব অসম সাহিত্য সভাৰ উপ- সভাপতি ড° গিৰিশ সন্দিকৈয়ে ৷

ইয়াৰ উপৰিও তেখেতৰ জীৱন পৰিক্ৰমাক লৈ প্ৰস্তুত কৰা তথ্যচিত্ৰ “ মন দেখ হদয়ে হামাৰু” উন্মোচন কৰিব অসম কলেজ শিক্ষক সন্থাৰ সম্পাদক জয়ন্ত কুমাৰ বৰাই৷ অনুষ্ঠানত মাছখোৱাৰ বিভিন্ন দল সংগঠনে ফুলেশ্বৰ দত্তক সম্বৰ্ধনাও জ্ঞাপন কৰিব ৷

ফুলেশ্বৰ দত্তৰ প্ৰাক্তন ছাত্ৰ - ছাত্ৰী, সহকৰ্মী তথা অনুৰাগীসকলক উদযাপন সমিতিৰ কৰ্মকৰ্তা সকলে ৮৬৩৮৭৭৮৩৮১,৯৪০১১২০৩৫১ আৰু ৯৪৩৫৯২১১৪৩ নম্বৰত যোগাযোগ কৰিবলে অনুৰোধ জনাইছে৷

মাছখোৱাৰ মহিৰূঢ় ফুলেশ্বৰ দত্তৰ ৯২ সংখ্যক জন্মদিনৰ আয়োজন...
উত্তৰ যোৰহাট উপ-ক্ৰীড়া সন্থাৰ আন্তঃক্লাব ফুটবলত পঞ্চৰত্ন সমাজ কল্যাণ কেন্দ্ৰ চেম্পিয়ন...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in