/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়ে এক প্ৰেছ বিবৃতিৰ যোগে বৃহস্পতিবাৰে সন্ধিয়া জানিবলৈ দিয়া মতে চিমেন চাপৰি বগৰীচাপৰিত ইতিমধ্যে আক্ৰমণ কৰা ঘটনাকলৈ অপৰাধীৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহন কৰা হৈছে৷ ভাৰতীয় দণ্ডবিধি বি.এন.এছৰ ধাৰাৰ ৬১(২)/ ১২৬(২) /৭৪/১১৭(২)/৩৫১(২) অধীনত ৮/ ২০২৫ নম্বৰতচিমেনচাপৰি আৰক্ষী থানাত ৰুজুৰ হোৱা গোচৰৰ ভিত্তিত ইতিমধ্যে বুধবাৰেমন মহন দলে,হিতেশ পেগু, মেঘ দলে, ভবেশ মিপুন, হেমকান্ত পেগু, নৱজ্যোতি টাৰক, ভাৰত পাটিৰ, অনুক দলেক গ্ৰেপ্তাৰ কৰি আইনমতে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে৷
উল্লেখ্য যে, যোৱা ১৮ মাৰ্চত জোনাইৰ চিমেনচাপৰি বগৰীচাপৰিত অনুষ্ঠিত হোৱা কংগ্ৰেছ দলৰৰাজহুৱা সভাত অংশগ্ৰহণ কৰিবলৈ যোৱা কনকলতা পেগু,টুনিৰাম দলে,বিক্ৰম ৰামচিয়াৰী,ৰহিম পেগু, বানীকান্ত দলে,ৰাজীৱ পেগু,লক্ষ্মীনাথ পাদুনৰ সৈতে যোৱা কংগ্ৰেছৰ কৰ্মীসকলক প্ৰায় ১৮/ ১৯ জনীয়া এটা দুৰ্বৃত্তৰ দলে পথতেদা, লাঠীৰে আক্ৰমণ কৰাৰ অভিযোগ উঠিছিল।
অভিযোগ কৰা মতে দুৰ্বৃত্তৰ দলটোৱে তেওঁলোকক প্ৰহাৰ কৰাৰ লগতে মহিলাৰো কাপোৰ টনা-আজোৰা কৰি অশালীন ভাষাৰে গালি-গালাজ কৰিছিল। ইতিমধ্যেচিমেনচাপৰি আৰক্ষী থানাতএই সন্দৰ্ভতগোচৰ ৰুজু কৰা হৈছিল৷ সেয়ে শীঘ্ৰেই উক্ত ঘটনাৰ সৈতে জড়িত অপৰাধীসকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ আজি এক উত্তাল প্ৰতিবাদৰ মাজতে জিলা প্ৰশাসনক দাবী জনাইছিল কংগ্ৰেছে।
ধেমাজিত বাহিৰ কৰা আজিৰ এই প্ৰতিবাদৰ সময়ত কেইবাজনো কৰ্মীৰ লগতে আৰক্ষী বিষয়াসহ জোৱান হতাহতিৰ ফলত আহত হৈছিল। এই ঘটনাৰ পাছতে আজি কংগ্ৰেছৰ ধেমাজি জিলাৰ সভাপতি আৰু অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতিয়ে আগন্তুক দুটা দিনৰ ভিতৰতযদি ধেমাজি আৰক্ষীয়ে আৰক্ষীয়ে আক্ৰমণকাৰী দুৰ্বৃত্তৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে শক্তিশালী গণতান্ত্ৰিক আন্দোলনৰ কাৰ্য্যসূচী গঢ়িতুলিবলৈ বাধ্য হ'ব বুলি ভাবুকি দিছিল।