/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-01/z94e8ll2/dhemaji-1.jpg)
সপ্তম দিনাও উখল-মাখল ধেমাজি কাছাৰী: শিক্ষাৰ্থীৰ মাজত কেৰিয়াৰ পৰামৰ্শ...
ডিজিটেল সংবাদ ধেমাজি: সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ধেমাজি আঞ্চলিক ছাত্ৰ সন্থা, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত যোৱা ২৬ অক্টোবৰৰ পৰা ধেমাজি কাছাৰী ময়দানত চলি থকা তৃতীয় গ্ৰন্থ উৎসৱৰ শুকুৰবাৰৰ সপ্তম দিনাও উখল-মাখল পৰিবেশ ধেমাজি কাছাৰী ময়দান ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-01/p6lh27y0/f007d0bf-fc93-453d-9517-8c1a89edc613.jpg)
শুকুৰবাৰে সপ্তম দিনৰ কাৰ্য্যসূচীৰ দুপৰীয়া ১২ বজাত জিলাখনৰ বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কেৰিয়াৰ পৰামৰ্শ আৰু অন্তৰঙ্গ আলাপ অনুষ্ঠিত হয়। ধেমাজি জিলা হাইস্কুল শিক্ষক সংস্থাৰ সভাপতি গোবিন দত্তই উদ্বোধন কৰা অনুষ্ঠানটিত সমল ব্যক্তি হিচাপে উপস্থিত থাকে কেৰিয়াৰ পৰামৰ্শ দাতা তথা অসম ডন বক্স' বিশ্ববিদ্যালয় স্কুল অৱ টেকন'লজীৰ অভিযান্ত্ৰিক বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁইয়ে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-01/qbjmc5sa/ea71abde-83ee-484b-93d3-5f0bacd2b046.jpg)
অনুষ্ঠানত উপস্থিত থাকি সমল ব্যক্তি ড° বুঢ়াগোহাঁয়ে কয় যে বিজ্ঞান, ক'লা অথবা বাণিজ্য বিভাগ বা বৃত্তিমুখী যি কোনো শাখাতে শিক্ষা গ্ৰহণ কৰি নিজৰ দক্ষতা প্ৰকাশ কৰিব পাৰিলে শিক্ষাৰ্থীসকলে সুন্দৰ কেৰিয়াৰ গঢ়াৰ সুবিধা লাভ কৰা বিষয়ে বিষদভাৱে ব্যাখ্যা কৰে ৷ ছাত্ৰ -ছাত্ৰীসকলে যদি দেশৰ যি কোনো স্বীকৃতিপ্ৰাপ্ত মহাবিদ্যালয়ৰ পৰা যি কোনো বিভাগতে যদি স্নাতক ডিগ্ৰী হয় তেন্তে তেওঁৰ অসামৰিক বিভাগৰ যি কোনো পৰীক্ষাত অবৰ্তীণ হোৱাৰ সুযোগ গ্ৰহন কৰিব পাৰিব। তেওঁ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা তথা নিযুক্তিৰ বাবে আয়োজন কৰা সাক্ষাৎকাৰ বোৰত সাধাৰণ জ্ঞানৰ প্ৰয়োজনীয়তা বিষয়ে ছাত্ৰ-ছাত্ৰী অৱগত কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-01/5qlmu67x/e1115d77-221a-430d-81b7-512ed40f278b.jpg)
পিছত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে হোৱা অন্তৰঙ্গ আলাপত কেৰিয়াৰ পৰামৰ্শ দাতাগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলে কৰা প্ৰশ্নসমূহৰ উত্তৰ দিয়ে ৷ বিশেষভাৱে ছাত্ৰ-ছাত্ৰীসকলে স্বনিয়োজন নে চাকৰি? ছাত্ৰ-ছাত্ৰীসকলে কি কি বিষয়ত অধ্যয়ন কৰিব পাৰি, অসমৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহত থকা, স্নাতকোত্তৰ পাঠ্যক্ৰমবোৰ, কেন্দ্ৰীয় লোক সেৱা আয়োগৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহ , ষ্টাফ ছিলেকচন কমিছনৰ বিভিন্ন পৰক্ষীসমূহ, সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক ক্ষাত ছাত্ৰ-ছাত্ৰী সকলে উৰ্ত্তীণ হ'ব পৰা বিষয়সমূহকলৈ মুকলিকৈ বুজাই দিয়ে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-01/utcay2md/4217b593-f977-4571-8f85-b2623a5c7282.jpg)
ইফালে বিয়লি ৩ বজাত বিদ্যা দ্য লিভিং স্কুল সুবাহীৰ তত্বাবধানত গল্প বেলা অনুষ্ঠান অনুষ্ঠিত হয় ৷ বিদ্যা দ্য লিভং স্কুলৰ শিক্ষয়িত্ৰী বিজয় লক্ষ্মী গগৈয়ে আঁত ধৰা গল্প বেলা অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ২০২৪ বৰ্ষৰ মুনীন বৰকটকী বঁটা প্ৰাপক তথা গল্পকাৰ পাপৰি বৰ্মন, বিশিষ্ট গল্পকাৰ ড° পঞ্চানন হাজৰিকা, বিশিষ্ট গল্পকাৰ ড° সিদ্ধাৰ্থ গোস্বামী, লিখক তথা শিক্ষাবিদ দ্বয় তিলন গগৈ আৰু অৰুণ কুমাৰ দিহিঙীয়াই ৷
অনুষ্ঠানত সাম্প্ৰতিক সময়ত অসমীয়া ছুটি গল্প ক'লা কৌশল আৰু নতুন গল্প লিখকসকলে কি দৰে গল্পৰ লিখিব ইত্যাদি বিষয়কলৈ সমল ব্যক্তিসকলে অতি সুন্দৰকৈ সাৱলীলভাৱে বক্তব্য ৰাখে ৷ অনুষ্ঠানৰ আৰম্ভণিতে গল্পকাৰ তিলেন গগৈ আৰু দীপক গগৈৰ গল্প পাঠ কৰে ৷ অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট গল্পকাৰ ক্ৰমে দীপক গগৈ, বন্দনা দত্ত হাজৰিকা, জোনমণি হাজৰিকা, গীতালী তামুলী, পূৰবী কাকতি, স্বপ্না দত্ত ভৰালীক উদ্যোগতাসকলে আদৰণি জনায় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-01/qnqzxdgv/85886732-0acf-434c-9e48-b015ef0e4db0.jpg)
সন্ধিয়া ৭ বজালৈ বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বিচিত্ৰানুষ্ঠান হয়৷ শনিবাৰে অষ্টম দিনত সদৌ অসম ভিত্তিত আন্তঃ শিক্ষানুষ্ঠানসমূহৰ মাজত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব৷ পুৱা ১১ বজাত অনুষ্ঠিত হ'ব লগা প্ৰতিযোগিতাখনি উদ্বোধন কৰিব ধেমাজি জিলা অতিৰিক্ত আয়ুক্ত ড° সঞ্জীৱ কুমাৰ ফুকনে ৷
বিয়লি ২ বজাত ব্যক্তিত্ব আৰু নেতৃত্ব বিকাশ সম্পৰ্কে এখনি কৰ্মশালা অনুষ্ঠিত হ'ব ৷ কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ সহযোগী অধ্যাপক ড° প্ৰাঞ্জল বুঢ়াগোঁহাই আৰু সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি অভিৱৰ্তন গোস্বামীয়ে ৷ সন্ধিয়া ৬ বজালৈ নৱৰূপ সংঘ, কলিতা গাওঁ বৰদলনিৰ দ্বাৰা “একলব্যৰ গুৰুদক্ষিণা” ভাওনা প্ৰদৰ্শিত হ'ব। উদ্বোধন কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক বিতোপন শৰ্মাই ৷
Also Read: 'মই উত্তৰ অসমৰ ডন-গুণ্ডা, উত্তৰ অসমৰ কাৰণে হাজাৰ বাৰ গুণ্ডাগিৰি কৰিম'- পদ্ম হাজৰিকা