ধেমাজিত ৬ হত্যাকাৰীক যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ড

ধেমাজি জিলা আৰু সত্ৰ ন্যায়াধীশ কৌশিক হাজৰিকাৰ আদালতে শুকুৰবাৰে এটা হত্যাৰ গোচৰত মুঠ ৬ জনক যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ড বিহিছে। ২০১২ চনৰ ২ নৱেম্বৰত সংঘটিত হৈছিল এই হত্যাকাণ্ড।

author-image
Asomiya Pratidin
New Update
ধেমাজিত ৬ হত্যাকাৰীক যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ড 

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজি জিলা আৰু সত্ৰ ন্যায়াধীশ কৌশিক হাজৰিকাৰ আদালতে শুকুৰবাৰে এটা হত্যাৰ গোচৰত মুঠ ৬ জনক যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ড বিহিছে। গোচৰটোৰ ৰায়দানৰ বিবৰণীত প্ৰকাশ যে ধেমাজি আৰক্ষী থানাৰ অন্তৰ্গত বিষ্ণুপুৰ গাঁৱত ২ নৱেম্বৰ ২০১২ চনত দিনতে নন্দী সিং নামৰ লোকজন ঘৰৰ ভিতৰত থকাৰ অৱস্থাতে ৮ জন লোকে লোকজনৰ ঘৰ ঘেৰাও কৰি ঘৰৰ ভিতৰতে চোকা অস্ত্ৰৰে নৃশংসতাৰে হত্যা কৰে।

Advertisment

এই হত্যাৰ ঘটনাৰ সম্পৰ্কে নন্দী সিঙৰ পত্নী সাৰথি সিঙে ধেমাজি আৰক্ষী থানাত দাখিল কৰা গোচৰ ২৪৪/২০১২ নম্বৰত পঞ্জীয়ন কৰি আৰক্ষীয়ে ইয়াৰ আধাৰতে তদন্ত কৰি মুঠ ৮ জনক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল।

পৰবৰ্তী সময়ত ধেমাজি জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতত ১০৬(ডি এইচ)/২০১৩ নম্বৰত বিগত ১২ বছৰে চলা গোচৰৰ অন্তত শুকুৰবাৰে দেৱ বৰ্মন, নিৰেন বৰ্মন, অজিত বৰ্মন, ৰাজীৱ দাস,  টপেচ দাস আৰু ধনঞ্জয় কৰকে ধৰি মুঠ ৬ জনক আদালতে দোষী চিনাক্ত কৰি যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ড বিহিছে৷

গোচৰত চৰকাৰী পক্ষৰ হৈ অধিবক্তা অজয় ফোকলাই উকালতি কৰিছিল৷

ন্যায়ালয় অপৰাধ হত্যাকাণ্ড