অৰুণাচলীৰ অসমীয়াক অত্যাচাৰ, গ্ৰেপ্তাৰ পাঁচজন...

সোমবাৰে অৰুণাচলী দুৰ্বৃত্তই অসমৰ ভূমিত প্ৰৱেশ কৰি অসমীয়াৰ ওপৰত নিৰ্বিচাৰ গুলী চলায় ।

author-image
Asomiya Pratidin
New Update
তিনিচুকীয়াত চাঞ্চল্যঃ স্বামীয়ে শিৰচ্ছেদ কৰিলে পত্নীক !

ভাড়াঘৰৰ মালিকে ১৩ বছৰীয়া নাবালিকাক কৰিলে ধৰ্ষণঃ অভিযোগ দিয়াৰ পিছতে আৰম্ভ মানসিক অত্যাচাৰ...

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজিৰ অসম অৰুণাচল সীমান্তৱৰ্তী পানবাৰিত সোমবাৰে অৰুণাচলী দুৰ্বৃত্তই অসমৰ ভূমিত প্ৰৱেশ কৰি অসমীয়াৰ ওপৰত নিৰ্বিচাৰ গুলী চলাই দুজনকৈ অসমীয়া লোকক হত্যা কৰাৰ সমান্তৰালকৈ গুৰুতৰভাৱে আহত কৰিছিল আন তিনিজন লোকক ৷ আৰু শেহতীয়াকৈ এই ঘটনাৰ সৈতে জড়িত পাঁচজন অৰুণাচলী লোকক ল’ৱাৰ চিয়াং জিলাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ কথা এক টুইট যোগে ৰাজহুৱা কৰিছিল অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিঙে ৷

Advertisment

ল’ৱাৰ চিয়াং জিলাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিয়ুক্ত কেইজনৰ নাম হৈছে, ব’গাম টাছ’, ইগিপ টাছ’, মিক্‌জম টাছ’, বমপাৰ্‌ টাছ’ আৰু ইয়ংগেম টাছ’ ৷ অৰুণাছল আৰক্ষীয়ে আটক কৰা আটাইকেইজন লোককে ল’ৱাৰ চিয়াং জিলাৰ সদৰ লিকাবালি আৰক্ষী চকীত ৰখা বুলি জানিব পৰা গৈছে ৷ বিভাগীয় নীতি নিয়মৰ মাজেৰে শীঘ্ৰেই আটাই কেইজন অভিযুক্তকে পৰৱৰ্তী সময়ত অসম আৰক্ষীয়ে জিম্মাত লোৱাৰ সম্ভাৱনা আছে ৷

Also Read: সফলতাৰ অনন্য বাট দেখুৱাইছে ৰামানুজনৰ শিক্ষক দিলীপ বৰাই...

firing