ধেমাজি গ্ৰন্থ উৎসৱঃ পঞ্চম দিনা জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ, শিল্পীৰ বিচিত্ৰানুষ্ঠান সম্পন্ন...

সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক চৰ্জুন হাঞ্চেৰ অংশগ্ৰহণ

author-image
Asomiya Pratidin
New Update
ধেমাজি গ্ৰন্থ উৎসৱঃ পঞ্চম দিনা জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ, শিল্পীৰ বিচিত্ৰানুষ্ঠান সম্পন্ন...

ধেমাজি গ্ৰন্থ উৎসৱঃ পঞ্চম দিনা জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ, শিল্পীৰ বিচিত্ৰানুষ্ঠান সম্পন্ন...

ডিজিটেল সংবাদ ধেমাজি: সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ধেমাজি আঞ্চলিক ছাত্ৰ সন্থা, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত যোৱা ২৬ অক্টোবৰৰ পৰা ধেমাজি কাছাৰী ময়দানত চলি থকা তৃতীয় ধেমাজি গ্ৰন্থ উৎসৱৰ পঞ্চম দিনাও উখল-মাখল পৰিৱেশ৷

Advertisment

পঞ্চম দিনৰ প্ৰতিকুল বতৰকো নেওচি দুপৰীয়া প্ৰথম কাৰ্য্যসূচী জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হয় ৷ অনুষ্ঠানৰ আৰম্ভণিতে ২০২২ বৰ্ষৰ প্ৰতিমা পাণ্ডে বঁটা প্ৰাপক একলব্য গামে উদ্ধোধন কৰা জনগোষ্ঠীয় সাংস্কৃতিক সভাখনিৰ সভাপতিত্ব কৰে ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাসে ৷

সভাত মুখ্য অতিথি হিচাপে সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক চৰ্জুন হাঞ্চে উপস্থিত থাকি বক্তব্যত কয় যে, সমাজ ব্যৱস্থাৰ লগতে নৱপ্ৰজন্মক বৌদ্ধিক দিশত আগুৱাই নিবলৈ হ'লে আমি কিতাপ পঢ়াৰ বাদে জ্ঞান আহৰণৰ আন বিকল্প একো নাই বুলি উল্লেখ কৰি ধেমাজি জিলা ছাত্ৰ সন্থাই অনুষ্ঠিত কৰা গ্ৰন্থ উৎসৱৰ এই পদক্ষেপক প্ৰশংসাৰ কৰি অসমৰ আন আন জিলা সমূহকো এনেধৰনৰ পদক্ষেপেৰে কাৰ্য্যসূচী ল'বলৈ আহবান জনায় ৷

সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ ৰাখে ক্ৰমে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উপদেষ্টা দুলাল বৰুৱা, সদৌ মিচিং ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক চান কুমাৰ পাংগিং, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰীক্ষিত সোণোৱাল, সদৌ অসম দেউৰী ছাত্ৰ সন্থাৰ সভাপতি প্ৰশান্ত দেউৰী, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নোমল চেত্ৰী, সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দেৱ কুমাৰ দাস আৰু কোঁচ ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনী অসমৰ সাধাৰণ সম্পাদক জয়ন্ত ডেকাই ৷

সভাত ধেমাজি জিলা ছাত্ৰ সন্থাই তৃতীয় গ্ৰন্থ উৎসৱকলৈ বিশেষভাৱে প্ৰকাশ কৰি উলিওৱা আৰু অৱসৰপ্ৰাপ্ত বিষয় শিক্ষয়িত্ৰী তথা বিশিষ্ট কবি নিবেদিতা বড়া সন্দিকৈয়ে সম্পাদনা কৰা অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি পদ্মশ্ৰী নলিনীবালা দেৱীৰ জীৱন দৰ্শন আৰু সাহিত্য অন্বেষণ গৱেষণামূলক ৪২০ পৃষ্ঠা যোৰা গ্ৰন্থ “ মহাশ্বেতা ” উন্মোচন কৰে ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তথা বিশিষ্টতা কণ্ঠ শিল্পী ড° বনজিত ভট্টই ৷

সভাত সদৌ অসম ছাত্ৰ সন্থাৰ ক্ৰমে সহকাৰী সম্পাদক দীপক শৰ্মা, সাংস্কৃতিক সম্পাদক বিতুপন শৰ্মা, সাংগাঠনিক সম্পাদক অৰ্ণৱজ্যোতি কাকতি,কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বিকাশ মিচিং, কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ সভাপতি দ্বীপজ্যেতি দাস, দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰাজু শৰ্মা, কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ কাৰ্য্যনিৰ্বাহক সদস্য নেকিব আলি, ধেমাজি জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা ৰবি কছাৰী আদি উপস্থিত থাকে ৷

বিয়লিলৈ ধেমাজি চিত্ৰশিল্পী সমাজে অনুষ্ঠিত কৰা “তুলিকাৰ বৰ্ণালী” উদ্বোধন কৰে বিশিষ্ট চিত্ৰ শিল্পী, তথা চ্যুকাফা বঁটা প্ৰাপক ড° পুষ্প গগৈয়ে ৷ উদ্বোধনৰ ভাষণত ড° গগৈয়ে বিভিন্ন সময়ত চিত্ৰ শিল্পী সমাজে কৰি অহা অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰি ধেমাজিত গ্ৰন্থ উৎসৱৰ দৰে অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে আছুৰ কৰ্মকৰ্তা সকলক ধন্যবাদ জনায় ৷

সন্ধিয়া ৫ বজালৈ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰী সকলৰ বিচিত্ৰানুষ্ঠানৰ পিছতেই সন্ধিয়া ৮ বজাত ধেমাজি জিলা শিল্পী সমাজৰ বিচিত্ৰানুষ্ঠান উদ্বোধন কৰে ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক তথা বিশিষ্ট কণ্ঠ শিল্পী ড° শংকৰ পাটোৱাৰীয়ে৷

Also Read: ধুবুৰীৰ মাজেৰচৰত পাৰঘাটক কেন্দ্ৰ কৰি ভয়ংকৰ মাৰপিটৰ ঘটনা...

ধেমাজি গ্ৰন্থ উৎসৱ আছু