ধেমাজিৰ চিলাপথাৰ অঞ্চলৰ খহনীয়াগ্ৰস্ত ১৫০ পৰিয়ালক চৰকাৰী ভূমিত সংস্থাপন

ধেমাজিৰ চিলাপথাৰ অঞ্চলৰ খহনীয়াগ্ৰস্ত ১৫০ পৰিয়ালক চৰকাৰী ভূমিত সংস্থাপন। বিধায়ক ভূৱন পেগুক ধন্যবাদ‌ জ্ঞাপন কৰে বান্যাৰ্ত ৰাইজে।

author-image
Asomiya Pratidin
New Update
ধেমাজিৰ চিলাপথাৰ অঞ্চলৰ খহনীয়াগ্ৰস্ত ১৫০ পৰিয়ালক চৰকাৰী ভূমিত সংস্থাপন

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজিৰ চিলাপথাৰ অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্ত ১৫০ পৰিয়ালক চৰকাৰী ভূমিত সংস্থাপন৷ বিধায়ক ভূৱন পেগুক ধন্যবাদ‌ জ্ঞাপন কৰে বান্যাৰ্ত ৰাইজে।

Advertisment

ব্ৰহ্মপুত্ৰৰ নৈপৰিয়া নামনি চিচি টঙানিত শুকুৰবাৰে বহু লোকে হাতে হাতে দা, কুঠাৰ, বাঁহ,কাঠ আদি সৰঞ্জাম লৈ চৰ অঞ্চলটোত উপস্থিত হৈ এডোখৰকৈ ভূমি দখলৰ বাবে খুটা পুতি থকা দেখা যায়।

উল্লেখ্য যে,ধেমাজি জিলাৰ চিচিবৰগাঁও ৰাজহচক্ৰ অন্তৰ্গত নামনি চিচি টঙানী গাঁও পঞ্চায়তৰ চিচি চুমনী, মৌজা চাপৰি, ৰাংকপ চাপৰি, চিচি কঠাল গুৰি, চিচি চুমনী, শিয়াল মৰা,শুকান চাপৰি আদি গাঁওৰ ৰাইজে ব্ৰহ্মপুত্ৰ নদীৰ ধাৰাবাহিক খহনীয়াত আক্ৰান্ত হৈ আহিছে। ভয়ংকৰ বান খহনীয়াত পঞ্চায়তখনৰ ডেৰ শতাধিক পৰিয়ালে ঘৰ-বাৰী, মূল্যৱান গছ-গছনি, শস্য পথাৰ হেৰুৱাব লগা হৈছে।

এনে সময়তে মিচিং জাতীয় সংগঠন টি এম পি কে, এম এম কে আৰু টি এম এম কে'ৰ তৎপৰতাত চিচি ক'লঘৰ নৈপৰিয়া চাতমাৰিৰ বিশাল ভূমি খণ্ডত ৰাইজক স্থায়ীভাৱে সংস্থাপনৰ দিহা কৰা হয়।

মানৱীয় দৃষ্টিৰে চাই আৰ্ত ৰাইজক পুনৰ সংস্থাপনৰ দিহা-পৰামৰ্শ বাবে বিধায়ক ভূৱন পেগুক ধন্যবাদ জ্ঞাপন কৰে দল, সংগঠন আৰু ৰাইজে।

dhemaji