/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
ডিজিটেল সংবাদ,ধেমাজি : ধেমাজি সদৰ আৰক্ষী থানাৰ পৰা প্ৰায় ১০ কিলো মিটাৰ নিলগৰ ধেমাজি জামুগুৰি মিৰি গাৱঁৰ পাচঁআলি কলেজৰ ওচৰতেই শনিবাৰে দুপৰীয়া একাঁঠু পানীত পৰি মৃত্যু হোৱাতএগৰাকী মিস্ত্ৰিৰ মৃতদেহ ৰাইজে উদ্ধাৰ কৰে৷
স্থানীয় ৰাইজে তৎতাতৈয়াৰ আৰক্ষীক অৱগত কৰাত ধেমাজি সদৰ আৰক্ষী থানাৰ দুই মহিলা আৰক্ষী বিষয়াদ্বয় গীতাঞ্জলি বৰ বৰুৱা আৰু ৰেখামনি গগৈৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটিয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি মৃতদেহটো
বলাইপাম গাওঁৰ অৰুণ শইকীয়া (৫৫) বুলি চিনাক্ত কৰে ৷
আৰক্ষীয়ে ইতিমধ্যে মৃতদেহ মৰোনোত্তৰ পৰীক্ষা ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে যদিও মিস্ত্ৰি গৰাকী মৃত্যুৰ প্ৰকৃত কাৰণ উদ্ধাৰ কৰিব পৰা নাই ৷
আৰু পঢ়ক: মৰণৰ বান! পলকতে উটি গৈছে সপোনৰ ঘৰখন, কঙাল জনতাই বিচাৰিছে জিৰাবলৈ থল…