/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/attack.jpg)
ডিজিটেল সংবাদ ,ধেমাজি: ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত চিমেন চাপৰি আৰক্ষী থানা এলেকাৰ চিমেন চাপৰি বাঘগাঁৱত বুধবাৰে সংঘটিত হয় এক ভয়ংকৰ ঘটনা। এগৰাকী মহিলাই আন এগৰাকী মহিলাক চোকা অস্ত্ৰৰে উপৰ্যুপৰি আঘাত কৰাৰ ফলত গুৰুতৰ ভাৱে আহত হয় মহিলা।
ঘটনাৰ বিৱৰণী মতে চিমেন চাপৰি আৰক্ষী থানাৰ পৰা প্ৰায় তিনি কিলোমিটাৰ মান নিলগৰ বাঘগাঁৱৰ দীনাৰাম শইকীয়াৰ পত্নী অমিয়া শইকীয়া(৫৫)ই একেগাঁৱৰ তপন বৰুৱাৰ বছৰেকীয়া শ্ৰাদ্ধলৈ যায়। সকলোৱে আহাৰ গ্ৰহণ কৰি খোৱা বাচন বৰ্তন আদি বাহিৰত পেলাবলৈ যায়। তেনে অৱস্থাতে ক্ষন্তেক সময়ৰ পৰা অপেক্ষা কৰি থকা একে গাঁৱৰ প্ৰয়াত ভোগীৰাম বৰাৰ জী মিনাক্ষী বৰা(৪৬)ই চোকা অস্ত্ৰৰে অমিয়া শইকীয়াক পিছফালৰ
খেদি গৈ চোকা অস্ত্ৰৰে আঘাত কৰে।
তেনে পৰিস্থিতিত আদ্য শ্ৰাদ্ধত উপস্থিত থকা আন এগৰাকী মহিলাই বাধা দিয়াতহে অমিয়া শইকীয়াই মৃত্যুৰ মুখৰ পৰা কথমপি প্ৰাণ ৰক্ষা কৰে ৷ হাত মূৰত বেয়াকৈ চোকা অস্ত্ৰৰ আঘাত পোৱা অমিয়া শইকীয়াক ততাতৈয়াকৈ ওচৰৰ ডেকাপাম প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয়।
জানিব পৰা মতে মূৰত পাঁচটা চিলাই পৰা উপৰি হাতত আঘাত পাইছে অমিয়া শইকীয়াই।বুধবাৰে বিয়লি ৩.২০ মান বজাত সংঘটিত হোৱা ঘটনাৰ অপৰাধীৰ বিৰুদ্ধে চিমেন চাপৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত চিমেন চাপৰি আৰক্ষীয়ে ঘটনা সংঘটিত কৰা মিনাক্ষী বৰাক ঘৰৰ পৰাই আটক কৰে । আৰক্ষীয়ে গোচৰ কৰি ইতিমধ্যে ঘটনাৰ সম্পৰ্কে তদন্ত আৰম্ভ কৰিছে যদিও ঘটনাৰ প্ৰকৃত কাৰন পোহৰলৈ অহা নাই ৷
আৰু পঢ়ক: ৩ মাহৰ অন্তত মুকলি আকাশৰ তললৈ নৱজ্যোতি; আলফা(স্বা)ৰ সমৰ্থনত দিছিল পোষ্ট