/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/dhemaji.jpg)
ডিজিটেল সংবাদ, ধেমাজি : জিলা প্ৰশাসনৰ অজ্ঞাতেই জিলাখনত বিশুদ্ধ খোৱাপানী ব্যৱসায় কৰা
নামত এচামে অবৈধভাবে চলাইছে ব্যৱসায় ৷ বৃহস্পতিবাৰে ধেমাজি জিলা প্ৰশাসনৰ দণ্ডাধীশসহ জিলা প্ৰশাসনৰ এটা অভিযান কাৰী দলে দিনজোৰা তদন্ত চলাই ধেমাজি হাতীগড়স্থিত 'ধেমাজিৰ খোৱাপানী' আৰু ধেমাজি এৰাধল মিলন নগৰত থকা ' সোৱনশিৰি একুৱা' নামৰ পানী ফেক্টৰী দুটা ছীল কৰে ৷
উল্লেখ্য যে প্ৰয়োজনীয় অনুজ্ঞাপত্ৰ অবিহনেই দীৰ্ঘদিন ধৰি খোৱা পানীৰ ব্যৱসায় চলাই আহিছিল ফেক্টৰী দুটাই ৷ দণ্ডাধীক আৰু যোগান বিভাগৰ বিষয়াই আকস্মিক অভিযান চলাই ফেক্টৰী দুটা ছীল কৰি দিয়াৰ লগতে ফেক্টৰি দুটাৰ বিদ্যুত সংযোগো লগে লগে কৰ্তন কৰি দিছে বিদ্যুত বিভাগে ৷ অভিযানকাৰী দলটোৱে ধেমাজি সদৰত থকা দুটাকৈ পানীৰ প্লান্ট চীল কৰাৰ লগতে জিলাখনৰ আন আন স্থানত থকা অন্য আৰু আঠটা পানীৰ প্লান্ট অচিৰেই ছীল কৰা সম্ভাৱনা আছে ।