
ডিজিটেল সংবাদ , ধেমাজি : হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাক কেন্দ্ৰ কৰি ধেমাজি জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ। চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনাৰ লগত জড়িত সকলক শাস্তি প্ৰদান আৰু ব্যৰ্থ শিক্ষামন্ত্ৰী ডাঃ ৰানোজ পেগু, ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন আৰু পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাৰ পদত্যাগৰ দাবীত মঙ্গলবাৰে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাই সমদল কৰি গৈ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত পুত্তলিকা ওলোমাই প্ৰতিবাদ কৰে।
প্ৰতিবাদস্থলীত ছাত্ৰ সন্থাৰ শতাধিক প্ৰতিবাদকাৰীয়ে অসম চৰকাৰ মুর্দাবাদ, ব্যৰ্থ শিক্ষা মন্ত্ৰী পদত্যাগ কৰক, ছেবা হুচিয়াৰ, ছেবাৰ অধ্যক্ষ আৰু পৰীক্ষা নিয়ন্ত্ৰকক গ্ৰেপ্তাৰ কৰক ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদস্থলীত সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য সম্পাদক মণ্টুৰাজ বৰুৱা, ৰাজ্যিক নিৰ্বাচক ৰবি কছাৰী, জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা দিপক শৰ্মা জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ঋতুপৰ্ণ কোঁছ আৰু সাধাৰণ সম্পাদক জয়ন্ত বৰগোঁহাই লগতে ধেমাজি মহকুমা ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ গগৈ উপস্থিত থাকে।
প্ৰতিবাদ স্থলীত বক্তব্য ৰাখি উপদেষ্টা দিপক শৰ্মাই অদক্ষ,অকৰ্মণ্য শিক্ষামন্ত্ৰী আৰু ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনক পদত্যাগৰ দাবী জনায়। লগতে তদন্ত নিৰপেক্ষ হোৱাৰ স্বাৰ্থত ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়ন জ্যোতি শৰ্মা তাৎক্ষণিক ভাৱে অপসাৰণ কৰি গেপ্তাৰ কৰিবলৈ দাবী জনায় ।
অসম চৰকাৰৰ এই গৰাকী সৰ্বকালৰ ব্যৰ্থ শিক্ষামন্ত্ৰী যি গৰাকীয়ে পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হ'লেও আমোদ লাভ কৰে। নিজৰ বিভাগৰ কৰ্মচাৰীক নাকী লগাব নোৱাৰা মন্ত্ৰী শিক্ষা বিভাগৰ দৰে গুৰু দ্বায়িত্বত থকাৰ কোনো নৈতিক যুক্তি নাই। প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাত সকলো দ্বায়িত্ব, নিজৰ ব্যৰ্থতা মুৰ পাতি লৈ পদত্যাগ কৰাৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷
এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাৰ মৌনতাক ধিক্কাৰ দিয়ে। যি সময়ত অসমৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত অনিশ্চয়তাৰ দিশলৈ গতি কৰিছে সেই সময়ত অসমৰ দ্বায়িত্বশীল মুখ্যমন্ত্ৰী বুলি ফিতাহি মাৰি ফুৰা মুখ্যমন্ত্ৰীগৰাকী অন্য ৰাজ্যৰ ৰাজনৈতিক অংকত ব্যস্ত থকাত ছাত্ৰ সন্থাই তীব্ৰ নিন্দা কৰে। লগতে ছাত্ৰ সন্থাই অসমৰ জন সাধাৰণক এই ঘটনাৰ লগত জড়িত কোনো তথ্য থাকিলে আৰক্ষীক অৱগত কৰাৰ আহ্বান জনোৱাৰ লগতে প্ৰতিগৰাকী দোষীক অতি শীঘ্ৰে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷