ধেমাজি এছ. বি. আইৰ ২৩ জন কৰ্মচাৰীৰ ভিতৰত ১৪ জনৰ দেহতেই কোভিড…

ধেমাজি এছ. বি. আইৰ ২৩ জন কৰ্মচাৰীৰ ভিতৰত ১৪ জনৰ দেহতেই কোভিড…

author-image
asomiyapratidin
New Update
সাৱধান! বিছনাৰ পৰাই চোৰ হ’ল ১৮ দিনীয়া শিশু…

ডিজিটেল সংবাদ ধেমাজিঃ বৃহস্পতিবাৰে ধেমাজি জিলা স্বাস্থ্য বিভাগে জিলাখনৰ বিভিন্ন ঠাইত কৰা ৯০৪ জনৰ কোৰোনা পৰীক্ষাৰ ভিতৰত ৫১ জনেই কোডিভ পজিটিভ হিচাপে ধৰা পৰিছে ৷ জিলা স্বাস্থ্য বিভাগে উন্নত চিকিৎসাৰ বাবে এজনক অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ৰলৈ প্ৰেৰন কৰিছে ৷ ধেমাজিত কোৰোনাৰ সংক্ৰমন দিনক দিনে ইমানেই বৃদ্ধি পাবলৈ ধৰিছে যে বৃহস্পতিবাৰে একে দিনাই ভাৰতীয় ষ্টেট বেংক ধেমাজি শাখাত বেংকটোৰ ২৩ গৰাকীৰ কৰ্মচাৰী ভিতৰত ১৪ গৰাকীয়েই কোভিড পজিটিভ ধৰা পৰিছে ৷

Advertisment

উল্লেখ্য যে বেংকৰ সন্মুখতে কোভিড টেষ্ট কৰা হৈছিল ৷ দুপৰীয়া বেংকটোৰ ২৩ গৰাকী কৰ্মচাৰীয়ে সাধাৰণ ভাবেই যেতিয়া কোভিড পৰীক্ষা টেষ্ট কৰা পিছত ১৪ গৰাকীয়ে পজিটিভ বুলি চিনাক্ত হয়। লগে লগে বেংকটোৰ মুখ্য প্ৰৱন্ধক গৰাকীয়ে বেংকটোৰ কামকাজ তাৎক্ষণিকভাবেই বন্ধ কৰি দিয়ে ৷

তাৎপৰ্যপূৰ্ণ ভাবে বেংকটোৰ বেছি সংখ্যক কৰ্মচাৰীয়েই কোভিড পজিটিভ হোৱাত বেংকটোৰ কাম কাজ হঠাতে বন্ধ কৰি দিবলগীয়া হোৱাত বেংকত ভিৰ হৈ থকা গ্ৰাহক সকল ফৰিং চিটিকা দি সেই ঠাইৰ পৰা অন্যান্য বেংক, অসম গ্ৰামীন বিকাশ বেংক , চেন্ট্ৰেল বেংক , কানাৰা বেংক , ইউকো বেংক , এলাহাদ বেংক , ইউ. বি. আই. বেংক , এইচ. ডি. এফ . চি বেংককে ধৰি গ্ৰাহক সেৱা কেন্দ্ৰ সমূহত ভিৰ কৰিবলৈ ধৰে গৈ ৷

ইফালে জিলা স্বাস্থ্য বিভাগে বৃহস্পতিবাৰে ৪৮ জনক আইশ্যলেছনত , ধেমাজি অসামৰিক চিকিৎসালয়কে ধৰি মুঠ তিনিজনক নতুনকৈ চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰিছে ৷ স্বাস্থ্য বিভাগৰ তথ্য মতে বৃহস্পতিবাৰে জিলাখনৰ পজিটিভৰ শতকৰা হাৰ ৫.৬% শতাংশলৈ বৃদ্ধি পালে ৷ বৰ্তমানে জিলাখনৰ সক্ৰিয় কোভিড পজিটিভ ৰোগীৰ সংখ্যা ১৮৭ জনলৈ বৃদ্ধি পালে ৷