ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি জিলা সাহিত্য সভাৰ উদ্যোগত মৰিধল শাখা সাহিত্য সভাৰ সহযোগত মৰিধল মহাবিদ্যালয়ৰ আতিথ্যত ধেমাজি সাহিত্য সমাৰোহ – ২০২৪ লগতে“ধেমাজি ৰত্ন” আৰু “ধেমাজি গৌৰৱ” বঁটা প্রদান অনুষ্ঠানটি মৰিধল মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত দেওবাৰে দিনটোযোৰা বৰ্নাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় ৷ পুৱা ৮.০০ বজাত সামুহিক চাফাইৰে আৰম্ভ কৰা হয় সাহিত্য সমাৰোহৰ শুভাৰম্ভ ৷ পুৱা ৯.০০ বজাত পতাকা উত্তোলন কৰে ধেমাজি জিলা সাহিত্য সভাৰ সভাপতি বিনোদ কুমাৰ গগৈয়ে ৷
স্মৃতি তর্পন কৰে মৰিধল মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দ্বীপেন শইকীয়াই ৷ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মৰিধল শাখা সাহিত্য সভাৰ সভাপতি অনিল শর্মাই ৷ পুৱা ১০:৩০ বজাত ধেমাজি জিলাৰ লেখক লেখিকা আৰু বিশিষ্ট ব্যক্তি সকলৰ লগত অনুষ্ঠিত হোৱা অন্তৰংগ আলাপৰ সঞ্চালনা কৰে ধেমাজি গৌৰৱ বটাঁ প্ৰাপক নবীন কামানে ৷ অন্তৰংগ আলাপত সহযোগ কৰে ড° অচ্যুত গগৈ আৰু শৈল্য বুঢ়াগোহাঁইয়ে ৷
দুপৰীয়া মুকলি সভা আৰু বঁটা প্রদান অনুষ্ঠানৰ সঞ্চালনা কৰে ধেমাজি জিলা সাহিত্য সভাৰ সভাপতি বিনোদ কুমাৰ গগৈয়ে ৷ মৰিধল শাখা সাহিত্য সভাৰ শিল্পী সকলে আৰম্ভণি গীত পৰিৱেশনেৰে মঞ্চ মুকলি কৰাৰ পাছত বন্তি প্ৰজ্বলন কৰে ধেমাজি জিলা সাহিত্য সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিনীতা চৌধুৰী গাৰোডিয়াই ৷
ধেমাজি জিলাৰ আয়ুক্ত ৰাহুল সুৰেশ জাভিৰে উদ্বোধন কৰা মুকলি সভাত ৰাজ্যৰ বিশিষ্ট সাহিত্যিক তথা শিক্ষাবিদ ড° কৰবী ডেকা হাজৰিকাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সমাজৰ বাবে কাম কৰা লোকক স্বীকৃতি দি ভবিষ্যত প্ৰজন্মৰ বাবে আদৰ্শ গঢ়া ধেমাজি সাহিত্য সভাৰ এনে পদক্ষেপক ভূয়সী প্ৰশংসা কৰে ৷ জীৱিত কালতেই কৰ্মৰ স্বীকৃতি এক মহান পদক্ষেপ বুলি তেওঁ উল্লেখ কৰে ৷ সভাত ধেমাজি জিলা সাহিত্য সভাৰ মুখপত্ৰ 'পত্রিকা' উন্মোচন কৰা হয় ৷
সভাত ধেমাজিৰ সাহিত্যিক তথা শিক্ষাবিদ সুদক্ষ অৱসৰপ্ৰাপ্ত প্ৰশাসনীয় বিষয়া খগেশ্বৰ পেগু আৰু বিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া তথা সাহিত্যিক দিলীপ কুমাৰ গগৈক ২০২৪ বৰ্ষৰ “ধেমাজি ৰত্ন“ বটাঁ আৰু ধেমাজিৰ সু-সন্তান আমেৰিকাৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠান “নাছাৰ“ অভিযন্তা তথা বিজ্ঞানী প্ৰিয়ংকা দাস ৰাজকাকতি আৰু ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়াও অসম চৰকাৰৰ ৰাজনৈতিক আৰু গৃহ বিভাগৰ আয়ুক্ত-সচিব তথা ধেমাজিৰ সু-সন্তান বিশ্বজিৎ পেগুক ২০২৪ বৰ্ষৰ “ধেমাজি গৌৰৱ বঁটা“ সভাই প্ৰদান কৰে ৷
অনুষ্ঠানৰ আঁত ধৰে ধেমাজি জিলা সাহিত্য সভাৰ সম্পাদক প্ৰেমানন্দ তালুকদাৰে ৷ মুকলি সভাত
সদৌ তাই আহোম ছাত্ৰ সন্হাৰ উপদেষ্টা দুলাল বৰুৱা , মৰিধল মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° কমল গগৈ,ধেমাজি,অসম সাহিত্য সভাৰ লখিমপুৰ আঞ্চলিকৰ সম্পাদক বিপুল শৰ্মা বৰুৱা, অসম সাহিত্য সভাৰ কেন্দ্রীয় কার্যনির্বাহক প্রশান্ত ভাগৱতী, অসম সাহিত্য সভাৰ কুঁহি উপ-সমিতিৰ কাৰ্যকৰী সভাপতি ঊষা বৰগোহাঁই, ধেমাজি জিলা সাহিত্য সভাৰ উপ-সভাপতি ৰনজিত চিৰিং, বিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত শিক্ষক মিনেশ্বৰ চেতিয়া উপস্থিত থাকে ৷
আবেলি মুকলি সভাত আমন্ত্ৰিত শিল্পী সকলৰ দ্বাৰা বৰ্ণাঢ্য সাস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয় ৷ সভাত
ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ দ্বয় ড° সৰ্ব্বেশ্বৰ চুতীয়া আৰু ড° বনজিত ভট্ট , শিক্ষয়িত্ৰী তথা সমাজকৰ্মী অমিয়া বৰুৱা ভুঞা, বিশিষ্ট সমাজকৰ্মী ভবেন পাঞাং, বিশিষ্ট সমাজকৰ্মী দীপক কলিতা, ৰাষ্ট্ৰপতিৰ পুৰস্কাৰপ্ৰাপ্ত তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষ লাৱন্য লাহন চুতীয়া, বাটঘৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তথা আজোহা শাখা সাহিত্য সভাৰ সভাপতি সুনিল কোঁচ, মহিলা নেত্ৰী কুঞ্জলতা বড়া, সাহিত্যিক পেঞ্চনাৰ কৰৱী দেউৰী, বিশিষ্ট সমাজকৰ্মী ঘনকৃষ্ণ বৰগোহাঁই, গোগামুখৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সমাজকৰ্মী ৰঞ্জিত গগৈ, নিলীমা গগৈ, অৱসৰপ্ৰাপ্ত শিক্ষক ধনীৰাম গগৈ, ৰাজ্যিক কৃৰ্তি শিক্ষক গকুল চুতীয়া, ধেমাজি প্ৰেছ ক্লাৱৰ সভাপতি অশ্বিনী কুুমাৰ দুৱৰা , ধেমাজি জিলা সাংবাদিক সংস্হাৰ সাধাৰণ
সম্পাদক জীৱন কোঁৱৰ , জ্যেষ্ঠ সাংবাদিক বীৰেন কুমাৰ কোঁৱৰ , বৰদলনিৰ পবিত্ৰ বুঢ়াগোঁহাই, যোগেশ্বৰ শৰ্মা, বিশিষ্ট সমাজকৰ্মী অৱসৰপ্ৰাপ্ত শিক্ষক ৰোহিত বৰগোহাঁই, মাছখোৱাৰ বিশিষ্ট সমাজকৰ্মী টেপুৰাম কোঁচ, অৱসৰপ্ৰাপ্ত শিক্ষক তীৰ্থ বৰগোহাঁই, চিমেনচাপৰিৰ প্ৰমোদ সন্দিকৈ, পৱন সন্দিকৈ, দক্ষিণ ধেমাজিৰ দিব্যজ্যোতি বৰগোহাঁই, শ্ৰীপানী শাখা সাহিত্য সভাৰ সভাপতি উত্তম গগৈ, মৰিধল শাখাৰ প্ৰাক্তন সম্পাদক গকুল চেতিয়া, ধেমাজি জিলা সাহিত্য সভাৰ উপ-সভাপতি ৰনজিত চিৰিঙ, জোনাই শাখাৰ জয় কুমাৰ দলে, ধেমাজি জিলা বিহু সুৰক্ষা সমিতিৰ প্ৰাক্তন সস্পাদক শৈল্য বুঢ়াগোহাঁই, বিশিষ্ট অধিবক্তা তথা ধেমাজি জিলা সাহিত্য সভাৰ আইন উপদেষ্টা প্ৰশান্ত কোঁচ, সাহিত্য সংগঠক জিতেন ৰাজকোঁৱৰ, বিশিষ্ট সমাজকৰ্মী হেমলতা বৰগোহাঁই, বিশিষ্ট নৃত্য শিল্পী প্ৰনৱ দিহিঙীয়া, বৰবাম জয়ৰামপুৰ শাখা সাহিত্য সভাৰ সভাপতি তথা সমাজকৰ্মী প্ৰভাত বৰ্মন চিলাপথাৰৰ আনন্দৰাম বৰুৱা সহ জিলাখনৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তি সকলক বিশেষভাৱে সম্বৰ্ধনা জনায় ৷