ধেমাজি গোঁহাই গাঁৱত দুদিনীয়াকৈ ৰাসলীলা উদযাপন...

গোঁহাই গাঁৱৰ উদীয়মান যুৱ নাট্য সংঘৰ স্থায়ী মঞ্চত শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা উদযাপন কৰে
dhemaji
dhemaji

ডিজিটেল সংবাদ, ধেমাজিঃ উদীয়মান যুৱ নাট্য সংঘৰ সৌজন্যত শুকুৰবাৰ আৰু শনিবাৰে দুদিনীয়াকৈ ধেমাজি গোঁহাই গাঁৱৰ উদীয়মান যুৱ নাট্য সংঘৰ স্থায়ী মঞ্চত শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা উদযাপন কৰে ৷ কাৰ্য্যসূচী অনুসৰি প্ৰথম দিনা পুৱা যুটীয়াভাৱে পতাকা উত্তোলন কৰে স্থায়ী সমিতিৰ সভাপতি চুহুংফ্ৰা বৰগোঁহাই আৰু উদযাপন সমিতিৰ সভাপতি ভদ্ৰেশ্বৰ বৰগোঁহায়ে ৷

উপদেষ্টা দিলীপ বৰগোঁহায়ে স্বৰ্গীয় বীৰেন বৰুৱা পথ উন্মোচন কৰা পিছতেই সন্ধিয়া স্বৰ্গীয় যমুনা বুঢ়াগোঁহাইৰ সোঁৱৰণত পৰিয়াল বৰ্গই বন্তি প্ৰজ্বলন কৰাৰ পিছত মঞ্চ উদ্বোধন কৰে চৌখামগাঁৱৰ সমাজসেৱক ফটিক চুতীয়াই। প্ৰথম দিনা সম্বৰ্ধনা অনুষ্ঠানৰ অন্তত ৰাতি ৮ বজাৰ পিছৰ পৰা উদীয়মান যুৱ নাট্য সংঘৰ নাট্যবৃন্দৰ দ্বাৰা প্ৰথম দিনাৰ কাৰ্য্যসূচীৰ ৰাসলীলা প্ৰদৰ্শন হয় ৷

শেষৰ দিনা স্বৰ্গীয় প্ৰতিষ্ঠিত ব্যৱসায়ী অনিল বৰগোঁহাই পৰিয়াল বৰ্গই বন্তিপ্ৰজ্বলন কৰা পিছতেই ব্যৱসায়ী মনোজ দিহিঙীয়াই মঞ্চ উদ্বোধন কৰে। ৰাতি প্ৰায় ৮ বজাৰ পৰা গাঁওখনৰ এক প্ৰাকৃতিক পৰিৱেশত উদীয়মান যুৱ নাট্য সংঘৰ নাট্যকৰ্মীবৃন্দৰ দ্বাৰাই শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা প্ৰদশৰ্নৰ কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in