জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ অৱস্থান ধৰ্মঘট পালন …

জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ অৱস্থান ধৰ্মঘট পালন …

author-image
asomiyapratidin
New Update
জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ অৱস্থান ধৰ্মঘট পালন …

ডিজিটেল সংবাদ ,ধেমাজি : ধেমাজি সদৰত নিৰ্মাণ কৰিবলগীয়া প্ৰস্তাৱিত সংহত জিলা উপায়ুক্ত কাৰ্যালয় আৰু মৰিধল নদী আৰু বৰাচিৰা নদীত  পকী দলং শীঘ্ৰে নিৰ্মাণ  কৰাৰ  দাবীত বুধবাৰে ধেমাজি নগৰৰ কাছাৰী ময়দানৰ সন্মুখত প্ৰতিবাদ সাৱ্যস্ত হয়।

দুপৰীয়া ১২ বজাৰ বিয়লি ২ বজাৰলৈকে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে  অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিৰ  বিভিন্ন প্ৰান্তৰৰ  প্ৰায় তিনি শতাধিক কৰ্মীয়ে  ধেমাজি সদৰত সমবেত হৈ চৰকাৰ বিৰোধী বিভিন্ন শ্লগানেৰে  আকাশ বতাহ মুখৰিত কৰি তোলে ৷ 

প্ৰায় দুই ঘন্টাতকৈ অধিক সময় ধৰি হোৱা ধৰ্মঘটৰ অন্তত  স্হলিতে এখনি প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে ৷   প্ৰতিবাদী সভাত উপস্থিত থকা জাতীয়তাবাদী যুৱ পৰিষদৰ সভাপতি উজ্জ্বল চুতীয়াই  বক্তব্যত  দাবী সমূহ  শীঘ্ৰে পূৰণ নকৰিলে  ইয়াতকৈ অধিক জংগী আন্দোলন কৰাৰ  হুংকাৰ দিয়ে  ৷  কাৰ্য্যসূচীৰ শেষত  জাতীয়তাবাদী যুৱ পৰিষদৰ সভিপতি সঞ্জীব চেতিয়া আৰু সাধাৰণ সম্পাদক ত্ৰৈলোক্য তামুলী স্বাক্ষৰিত  দুটি প্ৰস্তাৱ   ধেমাজি উপায়ুক্তক  স্মাৰক জৰিয়তে প্ৰদান কৰে ৷

আৰু পঢ়ক: য়চে দৰজে ঠংছিক ২০২১ বৰ্ষৰ দুম্বেৰ দাই বঁটা প্ৰদান …

assam protest