টাই আহোমক জনজাতিকৰণ নকৰা প্ৰতিবাদত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পূত্তলিকা দাহ

দীৰ্ঘদিন ধৰি সদৌ তাই আহোম ছাত্ৰ সন্থাই অসমৰ টাই আহোম জনগোষ্ঠী সকলক জনজাতিকৰণ কৰা দাবী জনাই আহিছিল ।

author-image
Asomiya Pratidin
New Update
টাই আহোমক জনজাতিকৰণ নকৰা প্ৰতিবাদত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পূত্তলিকা দাহ

protest

ডিজিটেল সংবাদ ,ধেমাজি: দীৰ্ঘদিন ধৰি সদৌ তাই আহোম ছাত্ৰ সন্থাই অসমৰ টাই আহোম জনগোষ্ঠী সকলক জনজাতিকৰণ কৰা দাবী জনাই আহিছিল । কিন্তু বুধবাৰে কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্তত ৰাজ্যৰ ছয় জনগোষ্ঠীকে ধৰি টাই আহোমকো জনজাতিকৰণৰ পৰা বাদ পৰা প্ৰতিবাদত সদৌ তাই আহোম ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

Advertisment

বৃহস্পতিবাৰে সদৌ তাই আহোম ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ কৰ্মীসকলে চৰকাৰৰ এনে কাৰ্যৰ তীব্ৰ প্ৰতিবাদ জনাই ধেমাজি নগৰৰ চাৰি আলিৰ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পূত্তলিকা দাহ কৰি প্ৰতিবাদ জনায় ৷

অসম চৰকাৰে তাই আহোমকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা অধ্যক্ষতাত গঠন হৈছিল ছয় জনগোষ্ঠীৰ জনজাতিকৰণ মডেলটি কমিটি ৷ কিন্তু ৰহস্যজনভাৱে এই মডেলটিৰ কমিটিৰ প্ৰতিবেদন কেন্দ্ৰীয় কেবিনেটত প্ৰকাশ নকৰাৰ ফলশ্ৰুতিত ৰাজ্যৰ ছয় জনগোষ্ঠীয়ে জনজাতিকৰণ মৰ্যাদাৰ পৰা বঞ্চিত হোৱা বুলি প্ৰতিবাদকাৰীসকলে দাবী কৰিছে ৷

বিজেপি চৰকাৰৰ এই চূড়ান্ত প্ৰতাৰনা আৰু অৱহেল প্ৰতুত্তৰ দিবলৈ তাই আহোম ছাত্ৰ সন্থাই ককালত টঙালি বান্ধিছে বুলি চৰকাৰক সকীয়নি দিয়ে তাই আহোম ছাত্ৰ সন্থাৰ (আটাছুৰ) কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক মনোজ গগৈয়ে ৷

assam protest dhemaji