ধেমাজিত ৯ খন চুৰি মটৰচাইকেল উদ্ধাৰ…

ধেমাজিত ৯ খন চুৰি মটৰচাইকেল উদ্ধাৰ…

author-image
asomiyapratidin
New Update
ধেমাজিত ৯ খন চুৰি মটৰচাইকেল উদ্ধাৰ…

ডিজিটেল সংবাদ ,ধেমাজিঃ ধেমাজি সদৰ থানাৰ আৰক্ষীয়ে আজি কিছুদিন ধৰি বহুকেইটা চুৰি মটৰচাইকেল গোচৰৰ সংক্ৰান্তত তদন্ত চলাই ৯ খন চুৰি মটৰচাইকেল উদ্ধাৰ কৰা লগতে ৩ জন মটৰচাইকেল চোৰ ক্ৰমে প্ৰাঞ্জল বৰমুদৈ ওৰফে প্ৰাঞ্জল বৰুৱা(৩১) ভৱেশ কাদং(৩৯)আৰু ৰাজীৱ বুঢ়াগোহাঁই(২৬)ৰ লগতে ৬ জন চুৰি মটৰচাইকেল ক্ৰেতা ক্ৰমে ডিম্বেশ্বৰ পেগু , ডক্টৰ কুটুম , টিপু দলে , নৰ্ৰমাল কুলি ,হিমাংশু কুলি আৰু মেঘনাথ মিলিৰ সৈতে মুঠ ৯ জনক ধেমাজি আৰক্ষীয়ে গ্ৰেপ্তাৰকৰিছে ।

Advertisment

মঙ্গলবাৰে দুপৰীয়া ১২ বজাত ধেমাজি সদৰ আৰক্ষী থানাত ধেমাজি জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গৌৰৱ আগৰৱালা , উপ- আৰক্ষী অধীক্ষক আবুটানী দলে আৰু ধেমাজি সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিতেশ শৰ্মাই এক সংবাদমেল যোগে এই চুৰি মটৰচাইকেল উদ্ধাৰ আৰু ৯ জনৰ গ্ৰেপ্তাৰৰ সম্পৰ্কে অৱগত কৰে ৷

আৰু পঢ়কঃ দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ চন্দনে লাভ কৰিলে আৰ্থিক সাহায্য…

assam dhemaji dhemaji police