/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/dhemaji-7.jpg)
ডিজিটেল সংবাদ ,ধেমাজি : ধেমাজি আবকাৰী বিভাগৰ ভাৰপ্ৰাপ্ত অধীক্ষক প্ৰীতম বৰুৱাক মঙলবাৰে দুপৰীয়া ধেমাজি আৰক্ষীয়ে আটক কৰি ইতিমধ্যে গুৱাহাটী চিটি পুলিচলৈ প্ৰেৰণ কৰিছে। ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাঁই জানিবলৈ দিয়া মতে আবকাৰী বিভাগৰ বিষয়া প্ৰীতম বৰুৱাক গুৱাহাটীৰ চিটি পুলিচে প'ছকো( posco ) আইনৰ গোচৰৰ সংক্ৰান্তত আটক কৰি দিবলৈ ধেমাজি আৰক্ষীলৈ জৰুৰী মেছেজ আহিছিল ৷
সেই মেছেজৰ ভিত্তিতেই মঙলবাৰে ধেমাজি আৰক্ষীয়ে আবকাৰী বিষয়া প্ৰীতম বৰুৱাক আটক কৰি গুৱাহাটীৰ পৰা তেজপুৰলৈকে আগবাঢ়ি অহা চিটিপুলিচক তেজপুৰত গৈ ধেমাজি আৰক্ষীয়ে চমজাই দিয়ে। উল্লেখ্য যে আবকাৰী বিষয়া গৰাকীয়ে দুপৰীয়া অফিচৰ কামকাজৰ সৰ্ন্দভত ধেমাজি উপায়ুক্ত কাৰ্য্যালয়ৰলৈকে আহিছিল যদিও ৰাষ্টাতে আৰক্ষীয়ে তেওঁক দেখা পায় গাড়ী ৰাখিবলৈ কয় আৰু লগে লগেই সেই স্হানতে বিষয়া গৰাকীক আটক কৰে ।
হঠাতে বিষয়া গৰাকীক আটক কৰা কাৰ্য্যত হতসম্ভ হৈ গাড়ী চালকজনে পুনৰ গাড়ীখন কাৰ্য্যালয়ৰলৈকে
ঘূৰাই লৈ যায়।আবকাৰী বিষয়া গৰাকীক গ্ৰেপ্তাৰৰ সম্পৰ্কে ধেমাজিত কোনো বিতং তথ্য নাই। আটক কৰা আবকাৰী বিষয়া প্ৰীতম বৰুৱাই ধেমাজি ভাৰপ্ৰাপ্ত অধীক্ষকৰ লগতে লখিমপুৰ জিলাও আবকাৰী বিভাগৰ উপ- অধীক্ষক দায়িত্বত আছিল ৷
আৰু পঢ়ক: এছিয়া কাপত বৃহৎ অঘটন; আফগানিস্তানৰ হাতত পৰাস্ত বাংলাদেশ