বটলৰ পানী খোৱাৰ আগত এবাৰ ভাৱক! ধেমাজিত সংঘটিত হ'ল এই ঘটনা...

বটলৰ পানী খোৱাৰ আগত এবাৰ ভাৱক! ধেমাজিত সংঘটিত হ'ল এই ঘটনা...

author-image
Asomiya Pratidin
New Update
বটলৰ পানী খোৱাৰ আগত এবাৰ ভাৱক! ধেমাজিত সংঘটিত হ'ল এই ঘটনা...

ডিজিটেল সংবাদ, ধেমাজিঃ বুধবাৰে সন্ধিয়া প্ৰায় ৭.৩০ বজাত ধেমাজি নগৰৰ কাছাৰী ময়দানৰ সন্মুখৰ মানিক ধৰ ষ্টোৰ নামৰ দোকান খনত নেচাৰ পিৰুৰ( Nature pure)  পেকেজিং কোম্পানীৰ নামৰ নামফলক থকা বটল সমূহত ক'লা ,ৰঙা আৰু সেউজীয়া বৰণৰ আইনযুক্ত ঘোলা পানী  উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোৰ  উপস্থিত সকলোকেই  আচম্বিত কৰি তুলিছে৷

Advertisment

উল্লেখ্য যে,  দোকানীজনে বিক্ৰীবলৈ থোৱা পানী বটলবোৰত বিভিন্ন বৰণৰ আইনযুক্ত লেতেৰা পানী   ওলোৱা লগে লগেই অসম জাতীয়তাবাদী যুৱ পৰিষদৰ  ধেমাজি জিলা সমিতিৰ কৰ্মীসকলে তাৎক্ষণিকভাৱেই জিলা স্বাস্থ্য বিভাগৰ খাদ্য সুৰক্ষা পৰিদৰ্শকক ঘটনাৰ বিষয়ে অৱগত কৰাত  পৰিদৰ্শক বিজু কোঁৱৰে  ঘটনাস্থলীত ৰাতিয়েই গৈ  উপস্থিত হৈ দোকানীজনৰ পৰা হাতে-লুটে ৩২ টা আইনযুক্ত বটলৰ পানী উদ্ধাৰ কৰি জব্দ কৰে খাদ্য সুৰক্ষা পৰিদৰ্শক গৰাকীয়ে জব্দ কৰা বটল সমূহৰ পানী নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে গুৱাহাটীলৈ পঠোৱা ব্যৱস্থা কৰে ৷

জানিব পৰা মতে মানিক ধৰ নামৰ দোকানী জনে  চাৰিদিনৰ আগতে বিক্ৰীৰ বাবে এজেণ্টৰ পৰা ২০ কাৰ্টন পানী বটল কিনি লৈছিল ৷ এনেধৰনে বিক্ৰীবলৈ থোৱা বটল সমূহৰ পৰা ক' লা , ৰঙা আৰু সেউজীয়া বৰনৰ গেদ থকা পানী দেখা পায় দোকানীও আচৰিত হৈ পৰিছোঁ বুলি জানিবলৈ দিয়ে ৷  ইতিমধ্যে দোকানীজনে এজেণ্টক ৯ কাৰ্টন পানী বটল ঘূৰাই দিছে ৷ ঘটনাস্থলীত উপস্থিত থকা অসম  জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি  উজ্জ্বল চুতীয়া আৰু জিলা সমিতিৰ সভাপতি সঞ্জীৱ চেতিয়াৰ সৈতে যোৱা প্ৰতিনিধি দলটিয়ে বটল সমূহৰ দৃশ্য প্ৰত্যক্ষ কৰি  বিষয়টো তাৎক্ষণিকভাৱে জিলা প্ৰশাসনক তদন্ত কৰি  ব্যৱস্থা গ্ৰহন কৰিবলৈ দাবী জনাইছে ৷

উল্লেখ্য যে এই কোম্পানীত বহুদিনৰ পৰাই এনে অভিযোগ হৈ থকা পিছতো নেচাৰ পিয়ৰ পানী বটল পেকেজিং পাইভেট  কোম্পানীটোৱে কোনো সৰ্তকতা অৱলম্বন নকৰাটো  অতি পৰিতাপৰ বিষয় ৷ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি সমিতিৰ কৰ্মীসকলে মানুহৰ জীৱনকলৈ এনেধৰনৰ হেতালি নেখেলিবলৈ পানী বটল পেকেজিংটোৰ স্বতাধিকাৰক সকিয়াই দিছে ৷ কিবা যদি অঘটন ঘটে ইয়াৰ  সম্পূৰ্ণ দায়িত্ব মূৰপাতি  লব লাগিব বুলিও কৰ্মীসকলে সকিয়াই দিয়ে ৷

ধেমাজি জিলা আয়ুক্ত