শিশু নিৰ্যাতনকাৰীক ধেমাজি সত্ৰ ন্যায়াধীশ আদালতৰ ২৫ বছৰ সশ্ৰম কাৰাদণ্ড...

শিশু নিৰ্যাতনকাৰীক ধেমাজি সত্ৰ ন্যায়াধীশ আদালতৰ ২৫ বছৰ সশ্ৰম কাৰাদণ্ড...

author-image
Dimpul Borgohain
New Update
শিশু নিৰ্যাতনকাৰীক ধেমাজি সত্ৰ ন্যায়াধীশ আদালতৰ ২৫ বছৰ সশ্ৰম কাৰাদণ্ড...

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি জিলা ও সত্ৰ ন্যায়াধীশ কৌশিক হাজৰিকা আদালতে শিশু নিৰ্যাতনকাৰী আইনৰ অধীনত শনিবাৰে শিশু নিৰ্যাতনকাৰী দুই অপৰাধীক ২৫ বছৰকৈ সশ্ৰম কাৰাদণ্ড আৰু নগদ বিশ হেজাৰকৈ জৰিমনা বিহে ৷

Advertisment

শিশু নিৰ্যাতন আইন 4 দণ্ডবিধি ধাৰাৰ Spl(p) case no. 12/2019 নম্বৰ আদালতৰ গোচৰৰ ৰায়দান অনুসৰি ধেমাজি আৰক্ষী থানাৰ অন্তৰ্গত বাটঘৰীয়াৰ জিতেন বৰপাত্ৰগোঁহাই ওৰফে ভেবেলে ২০১৯ চনৰ এপ্ৰিল মাহত তেওঁৰ দোকানলৈ অহাএটি ১৩ বছৰীয়া কিশোৰীক অকলে অহা সুযোগলৈ নিৰ্যাতন চলাইছিল ৷

পিছতপৰিয়ালে ঘটনা অবগত হোৱাত ধেমাজি সদৰ আৰক্ষী থানাত এজেহাৰ দাখিল কৰিছিল ৷ আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি অপৰাধীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰাপৰবৰ্তী সময়ত বিগত ৫ বছৰে হোৱা বিচাৰৰ অন্তত আদালতে দোষী সাৱস্ত কৰি অপৰাধীক ২৫ বছৰ সশ্ৰম কাৰাদণ্ডৰ লগতে বিশ হেজাৰ টকা জৰিমনা বিহে ৷

একেদৰে চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত অয়েঙ্গীয়া চাৰি আলি গাওঁৰ ৰাজীৱ মেদক নামৰ লোকজনে ২০২১ চনৰ আগষ্ট মাহত ঘৰত অকলে তাঁতৰ কামত ব্যস্ত হৈ থকা এটি ১২বছৰীয়া কিশোৰীক নিৰ্যাতন চলাইছিল ৷ ঘটনাৰ সম্পৰ্কে পিছত পৰিয়ালে অবগত হোৱাত চিলাপথাৰ আৰক্ষী থানাত এজেহাৰ দাখিল কৰিছিল ৷

পৰবৰ্তী সময়ত আৰক্ষীয়ে ঘটনা তদন্ত কৰি অপৰাধীক জেল হাজোতলৈ প্ৰেৰণ কৰি আৰক্ষীৰ চূড়ান্ত প্ৰতিদেনৰ পিছত শিশু নিৰ্যাতন আইন 4 ভাৰতীয় দণ্ডবিধি ধাৰাৰ অধীনত আদালত হোৱা Spl(p)39/2021নম্বৰ গোচৰত বিগত ৩ বছৰে আদালত হোৱা বিচাৰৰ অন্তত শনিবাৰে আদালতে অপৰাধীক ২৫ বছৰ সশ্ৰম কাৰাদণ্ডৰ লগতে নগদ বিশ হেজাৰ জৰিমনা বিহে ৷

উল্লেখ্য যে প্ৰথমটো গোচৰৰ ৰায়দানত অপৰাধী পক্ষৰ হৈ অধিবক্তা দিলীপ বৰপাত্ৰগোঁহাই আৰু মুনীন দিহিঙীয়াৰ বিপৰীতে চৰকাৰী পক্ষৰ হৈ অধিবক্তা অজয় ফোকলাই উকালতি কৰিছিল৷ একেদৰে দ্বিতীয়টো গোচৰৰ ৰায়দানত অপৰাধী পক্ষৰ হৈ অধিবক্তা ইলা বৰগোহাঁই আৰু গীতিমা বৰপাত্ৰগোঁহাইৰ বিপৰীতে চৰকাৰী পক্ষৰ হৈ অধিবক্তা অজয় ফোকলাই উকালতি কৰিছিল ৷

ধেমাজি সত্ৰ ন্যায়াধীশ আদালত