Advertisment

ধেমাজিত হৰিৰাম খণ্ডেলীয়া' স্মৃতি বটাঁ আৰু 'গুগনৰাম ৰাথি' স্মৃতি বটাঁ প্ৰদান...

ধেমাজিৰ এগৰাকী আধাত্মিক সমাজকৰ্মী সংগঠক প্ৰয়াত হৰিৰাম খণ্ডেলীয়াৰ পুণ্য স্মৃতিত বিগত ২০০৯ চনৰে পৰা পৰিয়ালবৰ্ষই আগবঢ়াই অহা হৰিৰাম খণ্ডেলীয়া স্মৃতি বটাঁ এইবাৰ লাভ কৰে যোৰহাট জিলাৰ চিনামৰা  মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপকগ্ৰন্হ প্ৰণেতা

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
dhemaji.

dhemaji. Photograph: (dhemaji.)

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজিৰ এগৰাকী আধাত্মিক সমাজকৰ্মী সংগঠক প্ৰয়াত হৰিৰাম খণ্ডেলীয়াৰ পুণ্য স্মৃতিত বিগত ২০০৯ চনৰে পৰা পৰিয়ালবৰ্ষই আগবঢ়াই অহা হৰিৰাম খণ্ডেলীয়া স্মৃতি বটাঁ এইবাৰ লাভ কৰে যোৰহাট জিলাৰ চিনামৰা  মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক গ্ৰন্হ প্ৰণেতা ড০ দ্বিপেন নাথে আৰু প্ৰয়াত গুগনৰাম ৰাঠি স্মৃতি বঁটা লাভ কৰে লখিমপুৰ জিলা  নাৰায়ণপুৰৰ বিশিষ্ট লেখিকা শিশু সাহিত্যিক জোনমনি বৰাই ৷

Advertisment
ধেমাজি
ধেমাজি Photograph: (ধেমাজি)

 

মাৰৱাড়ী সন্মিলন ধেমাজি আৰু ধেমাজি জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ যৌথ উদ্যোগত ধেমাজি নগৰৰ চাৰিআলিস্হ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা স্মৃতিৰ ভৱনত দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা শিল্পী দিৱসৰ দ্বিতীয় দিনা শনিবাৰে আনুষ্ঠানিকভাৱে বটাঁ দুটি প্ৰদান কৰা হয় ৷

ধেমাজি জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি নন্দেশ্বৰ বৰগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ পূৰ্বে মাৰৱাড়ী সন্মিলনৰ মাণ্ডলিক  সভাপতি ছত্তৰ সিং  গিৰিয়াই বন্তি প্ৰজ্বলনেৰে  কাৰ্য্যসূচী শুভাৰম্ভণি হয়৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে যোৰহাট চিনামৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অঞ্জনজ্যোতি শইকীয়া৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া তথা ধেমাজি সাহিত্য সভাই সন্মান দিয়া ধেমাজি ৰত্নবঁটা প্ৰাপক দিলীপ কুমাৰ গগৈ, মুকংচেলেক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ জয় কুমাৰ দলে, ধেমাজি জিলা সাহিত্য সভাৰ সভাপতি তথা ধেমাজি সাহিত্য সভাই সন্মান দিয়া সাহিত্য জ্যোতি বঁটা প্ৰাপক  বিনোদ গগৈ পৰ্বোত্তৰ মাৰৱাড়ী মণ্ডলীয় সন্মিলনৰ সম্পাদক ৰাজ কুমাৰ সৰাফ ধেমাজি মাৰৱাড়ী সন্মিলনৰ কমল কিশোৰ শৰ্মা আৰু দূৰ্গাদত্ত ৰাঠিয়ে ৷

ধেমাজি.
ধেমাজি. Photograph: (ধেমাজি.)

 

দুই স্মৃতিৰ বটাঁ প্ৰদানৰ পূৰ্বে জ্যেষ্ঠ সাংবাদিক তথা লিখক তথা হৰিৰাম খণ্ডেলীয়াৰ পুত্ৰ উমেশ খণ্ডেলীয়াই বক্তব্যত তেওঁৰ পিতৃয়ে  ধেমাজিত সমাজ জীৱনত  কৰা নিস্বাৰ্থ ত্যাগ আৰু সমাজ সেৱাৰ বিষয়ে উল্লেখ কৰে ৷ সেইয়ে তেওঁ পিতৃৰ ত্যাগ স্মৰণীয় হৈ থকা উদ্দেশ্যেৰে এই বটাঁ প্ৰদান কৰা হৈছে বুলি অৱগত কৰে৷

ইয়াৰ পিছতে অনুষ্ঠানত ড০ দ্বিপেন নাথক  মাৰৱাড়ী সমাজৰ পৰম্পৰাৰ ৰীতি নীতিৰে সন্মান জনাই এখন চেলেং চাদৰ, গামোছা, কিতাপৰ টোপোলা, মানপত্ৰ আৰু পোন্ধৰ হেজাৰ এশ টকাৰ চেকপাতেৰে বটাঁ প্ৰদান কৰে৷ একেদৰে নাৰায়নপুৰৰ বিশিষ্ট লেখিকা তথা শিশু সাহিত্যিক  জোনমনি বৰাকো মাৰৱাড়ী সমাজৰ ৰীতি নীতি পৰম্পৰাৰে সন্মান জনাই এখন চেলেং চাদৰ, গামোছা, কিতাপৰ টোপোলা, এঘাৰ  হেজাৰ  এশ টকাৰ চেকপাতৰে  প্ৰয়াত  গুগনৰাম ৰাঠি স্মৃতিৰ বটাঁ প্ৰদান কৰে ৷

অনুষ্ঠানত বটাঁ গ্ৰহন কৰি দ্বিপেন নাথ আৰু জোনমনি বৰাই উপস্থিত সকলোকে ধন্যবাদ জনাই দুয়ো বটাঁ পাপকে দিয়া বক্তব্যত মনৰ কথা প্ৰকাশ কৰি অসমীয়া আৰু মাৰৱাড়ীৰ কৃষ্টি সংস্কৃতিৰ আৰু সমাজ ব্যৱস্থাৰ সাতামপুৰুষীয়া সমন্বয় অক্ষুণ্ণ ৰখাৰ আহবান জনায়৷

ধেমাজি...
ধেমাজি... Photograph: (ধেমাজি...)

 

ধেমাজি