Advertisment

ধেমাজিত বিদ্যুতৰ টাৱাৰক লৈও চোৰাং কাৰবাৰ...

ধেমাজি আৰক্ষী থানাৰ অন্তৰ্গত ধেমাজি ৰে'লৱে ষ্টেচনৰ সমীপৰ নাৰেং ৰেল দলঙৰ ওচৰতে বুধবাৰে বিয়লি এটি চাৰি পাঁচ জনীয়া টেক্টৰ , ব'লেৰো পি আপ গাড়ী, দুটা গেছ চিলিণ্ডাৰ আৰু লোহা কাটা মেচিনসহ দলটোৱে বিদ্যুতৰ টাৱাৰ কাটি নিবলৈ

author-image
Asomiya Pratidin
New Update
চোৰাং কাৰবাৰ

চোৰাং কাৰবাৰ Photograph: (চোৰাং কাৰবাৰ)

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি আৰক্ষী থানাৰ অন্তৰ্গত ধেমাজি ৰে'লৱে ষ্টেচনৰ সমীপৰ নাৰেং ৰেল দলঙৰ ওচৰতে বুধবাৰে বিয়লি এটি চাৰি পাঁচ জনীয়া টেক্টৰ , ব'লেৰো পি আপ গাড়ী, দুটা গেছ চিলিণ্ডাৰ আৰু লোহা কাটা মেচিনসহ দলটোৱে বিদ্যুতৰ টাৱাৰ কাটি নিবলৈ বিচৰা মূহূৰ্ততেই ৰতন কছাৰী নামৰ অঞ্চলস্হৰ লোকজনে বাধা প্ৰদান কৰি কিয় এই টাৱাৰবোৰ কাটি নিব বিচাৰ  সম্পৰ্কে প্ৰশ্ন কৰাত লোক কোনো উত্তৰ দিব নোৱাৰি  ততাতৈয়াকৈ গাড়ীত উঠাই ৰখা কিছু সংখ্যক কটা টাৱাৰ টুকুৰাৰ সৈতে গাড়ী, টেক্টৰ  লৈ সেই ঠাইৰ পৰা পলায়ন কৰে৷ লগে লগেই সচেতন ব্যক্তি ৰতন কছাৰীয়ে ঘটনাৰ সম্পৰ্কে ওচৰৰ ৰাইজক অৱগত কৰা লগতে লগে লগেই ধেমাজি সদৰ আৰক্ষী থানাত এখনি এজেহাৰ দাখিল কৰে৷ এজেহাৰ  দাখিল কৰা কিছু সময়  পিছতেই আৰক্ষীয়ে কটা টাৱাৰ আৰু AS- 22C5597 নম্বৰ ব'লেৰো  পি আপ গাড়ী সৈতে জব্দ কৰে ৷

Advertisment

যোৱা কালিয়েই জব্দ কৰা গাড়ী বৃহস্পতিবাৰে সন্ধিয়া পৰ্যন্ত আৰক্ষীয়ে কোনো গোচৰ ৰুজু কৰা নাই ৷  তাৎপৰ্যপূৰ্ণভাৱে আৰক্ষীয়ে জব্দ কৰাৰ পিছতেই ঠিকাদাৰে আৰক্ষীক ৰে'লৱে বিভাগৰ লখিমপুৰৰ চিনিয়ৰ ইলেকট্ৰিকেল অভিযন্ত্ৰা আকাশ বৰুৱা নামৰ অভিযন্ত্ৰা গৰাকীয়ে ৰে'লৱে ট্ৰেকলাইলানৰ ওপৰেৰে পাৰ  হৈ যোৱা ট্ৰেন্সমিছন টাৱাৰ ভাঙি পেলোৱাৰ সম্পৰ্কে  চিঠি দাখিল কৰিছে যদিও সেই চিঠি ৰহস্যজনকভাৱে ধেমাজি এপিডিএলৰ সহকাৰী মহাপ্ৰৱন্ধক সুনীল পেগুলৈ বৃহস্পতিবাৰে চিঠি প্ৰেৰণ কৰা বুলি  জানিব পৰা গৈছে ৷ মহাপ্ৰবন্ধক সুনীল পেগুক সোঁধাত তেওঁৰ এই বিষয়ে কোনো জ্ঞাত  নহয় বুলি জানিবলৈ দিয়ে ৷

ধেমাজি  বিদ্যুৎ বিভাগৰ সংমণ্ডল  অভিযন্ত্ৰা  অংকুৰ শইকীয়াও এটো বিষয়ে আমাক অৱগত কৰা নাই  আৰু বিদ্যুৎ বিভাগৰ টাৱাৰ  নহয় বুলিহে উল্লেখ কৰি ৰে'লৱে টাৱাৰ ৰে'লৱে বিভাগত বা ৰে'লৱে ষ্টেচনতে থাকিব লাগে কিন্তু ঠিকাদাৰে নিবলৈ বিচৰা কাণ্ডটো কি ৰহস্য আছে আমি একো বুজি পোৱা নাই বুলি উল্লেখ কৰি আৰক্ষীক বিষয়টো তদন্ত কৰি ব্যৱস্থা গ্ৰহন কৰিবলৈ কোৱা হৈছে বুলিও অৱগত কৰে ৷

লগতে এইটোও কয় যে ইয়াৰ আগতে ৰে'লৱে বিভাগে আমাক টাৱাৰ কটা সম্পৰ্কে কোনো অফিচিয়েল চিঠি দিয়া নাছিল ৷ ইফালে টাৱাৰ কটা দলটোৱে যোৱা ২৮ জানুৱাৰীতো আন এটা টাৱাৰ কাটি লৈ যায় বুলি পোহৰলৈ আহিছে ৷ উল্লেখ্য যে উক্ত টাৱাৰটো কাটি নিওঁতে কাষতে  থকা কমল বৰগোহাঁই (কাতি) নামৰ মানুহজনৰ  ঘৰটো ভাঙি ক্ষতিসাধন কৰে ৷ দুৰ্ভাগ্য ক্ৰমে দ্বিতীয়টো টাৱাৰ কাটি নিবলৈ আহোতেহে হাতে লোটে ধৰা পৰি জব্দ হ'ব লগা হয় ৷

ইফালে দলটোৱে বিভিন্ন নথিপত্ৰ দেখোৱাত আৰক্ষীও বিমোৰত পৰি এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহনো কৰা নাই জব্দ গাড়ীও মুকলি কৰি দিয়া নাই ৷ সেইয়ে বৃহস্পতিবাৰে সন্ধিয়া পৰ্যন্ত আৰক্ষীয়ে কোনো গোচৰ ৰোজুৰ কৰা নাই ৷ ইফালে গোচৰীয়া ৰতন কছাৰী আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি  উজ্জ্বল চুতীয়া আৰু জিলা সমিতিৰ সভাপতি সঞ্জীৱ চেতিয়াই বিষয়টো তদন্ত কৰি ইয়াৰ উচিত ব্যৱস্থা গ্ৰহন কৰিবলৈ দাবী জনাইছে ৷

তেওঁলোকে দাবী কৰি ৰে'লৱে বিভাগৰ এনে বহু লাখ টকীয়া বিদ্যুৎৰ টাৱাৰ চৰকাৰী কাৰ্য্যালয় বা গোদামত নাথাকি ব্যক্তিগত ঠিকাদাৰ অথবা ভঙাচিঙা বিক্ৰী কৰা অথবা কাবাৰী গাড়ীত লৈ যোৱাটো সম্পূৰ্ণ আইন বিৰোধী কাম কৰিছে বুলি উল্লেখ কৰে ৷ লখিপুৰৰ ৰে'লৱে অভিযন্ত্ৰা আকাশ বৰুৱাৰ কাৰ্য্য সন্দেহজনক হৈছে বুলিও কয় ৷ পৰিষদৰ বিষয়ববীয়াই বিষয়টো আৰক্ষীক তদন্ত কৰি ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁলোকে দাবী জনায় ৷ 

ধেমাজি