বৰদলনিত যান্ত্ৰিক পদ্ধতিৰে শস্য চপোৱা অনুষ্ঠান শুভাৰম্ভ

বৰদলনিত যান্ত্ৰিক পদ্ধতিৰে শস্য চপোৱা অনুষ্ঠান শুভাৰম্ভ

author-image
Asomiya Pratidin
New Update
বৰদলনিত যান্ত্ৰিক পদ্ধতিৰে শস্য চপোৱা অনুষ্ঠান শুভাৰম্ভ

ডিজিটেল সংবাদ ,ধেমাজি: ধেমাজি জিলা কৃষি বিভাগৰ দ্বাৰা এপাৰ্ট আঁচনিৰ অধীনত জিলাখনৰ কৃষক সকলক কৃষি যান্ত্রিকীকৰণৰ ক্ষেত্ৰতো অধিক আগ্ৰহী কৰি তোলাৰ উদ্দেশ্য ধেমাজি জিলাৰ বৰদলনি কৃষি চক্ৰৰ অধীনৰ বৰবাম পথাৰত সোমবাৰে যান্ত্রিক পদ্ধতিৰে শস্য চপোৱা এটি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। কৃষি বিভাগৰ অভিলাষী প্ৰকল্প এপাৰ্টৰ অধীনৰ 'কম্বাইন হাৰ্ভেষ্টাৰ' যন্ত্ৰৰ দ্বাৰা শালি ধান চপোৱা অনুষ্ঠাটো শুভাৰম্ভ কৰে ধেমাজি জিলা কৃষি বিষয়া নৰনাথ পেগুয়ে।

সভাখনৰ আঁত ধৰে জিলা সহকাৰী কৃষি সঞ্চালক তথা এপাৰ্টৰ ন'ডেল বিষয়া গুঞ্জানন দেউৰীয়ে। অনুষ্ঠানত উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান গৱেষক বিজ্ঞানী ঋষিকেষ ফুকন, জ্যেষ্ঠ গৱেষণা কাৰিকৰী কৃষি সম্প্ৰসাৰণ সঞ্জয় কুমাৰ যাদৱ, মধুবন কৃষক উৎপাদক কোম্পানী সঞ্চালক ৰাজু পাতিৰ, কৃষি প্ৰযুক্তিৰ ব্যৱস্থাপনা সংস্থা(CSS ATMA) ৰ উপ প্ৰকল্প সঞ্চালক ৰাণা বুঢ়াগোহাঁইৰ প্ৰমুখ্যে খণ্ড প্ৰযুক্তিৰ পৰিচালক, সহকাৰী প্ৰযুক্তিৰ পৰিচালক আৰু এপাৰ্টৰ বিষয়া কৰ্মচাৰীসকল ৷

সভাত কৃষক ৰাইজক উদ্দেশ্যি কৃষি যন্ত্ৰপাতিৰ ব্যবহাৰ সন্দৰ্ভত ব্যক্তব্য ৰাখে আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ গৱেষক বিজ্ঞানী ঋষিকেষ ফুকনে আৰু এপাৰ্টৰ বিভিন্ন আঁচনিসমূহৰ বিষয়ে অৱগত কৰোৱাই জিলা সহকাৰী কৃষি সঞ্চালক তথা এপাৰ্টৰ ন'ডেল বিষয়া গুঞ্জানন দেউৰীয়ে।

ধেমাজি জিলা কৃষি বিষয়া নৰনাথ পেগুৱে কৃষি যান্ত্ৰিকীকৰণৰ সুবিধা আৰু যিসকল কৃষকে এতিয়াও কৃষক সন্মান নিধি আঁচনিৰ সুবিধা লাভ কৰা নাই তেওঁলোকক বৰদলনি কৃষি উন্নয়ন বিষয়াক যোগাযোগ কৰি যাৱতীয় নথি পত্ৰ প্ৰদান কৰিবলৈ সকলোকে আহবান জনায় ৷

Also Read: বাইক-চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষত ৰক্তাক্ত ঢকুৱাখনাৰ ৰাজপথ