মৃত নৱজাতকক ৫০০ টকাত কিনি খালত দলিয়ালে দুবৃৰ্ত্তই …

মৃত নৱজাতকক ৫০০ টকাত কিনি খালত দলিয়ালে দুবৃৰ্ত্তই …

author-image
asomiyapratidin
New Update
মৃত নৱজাতকক ৫০০ টকাত কিনি  খালত দলিয়ালে দুবৃৰ্ত্তই …

ডিজিটেল সংবাদ ,ধেমাজি :শনিবাৰে নিশা প্ৰায় ৮ বজাত ধেমাজি অসামৰিক চিকিৎসালয়ত মৃত নৱজাতকক বস্তাৰে বান্ধি এটা খালত দলিয়াই দিয়া ঘটনাই ধেমাজিত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

Advertisment

ঘটনাৰ বিৱৰণী মতে,ধেমাজি অসামৰিক চিকিৎসালয়ৰ দাঁতিকাষৰৰ লাচিত নগৰত এটা পানী থকা খালত আন্ধাৰৰ সুযোগ লৈ ৰাতিয়েই মৃত নৱজাতকৰ অভিভাৱকৰ পৰা ৫০০ টকা লৈ দুই দুবৃৰ্ত্তৰূপী ব্যক্তিয়ে নৱজাতকক বস্তাত বান্ধি খালত দলিয়াই থৈ যায় ৷

এনে সময়তে স্থানীয় বহু কেইজন লোকে ঘটনাটো প্ৰত্যক্ষ কৰি উত্তেজিত হৈ খেদি খেদি যুৱক দুজনক হাতে লোটে ধৰি আৰক্ষীক চমজাই দিয়ে ৷ আটকাধীন যুৱকজনৰ এজনে এনেদৰে টকা পইচা লৈ অসামৰিক চিকিৎসালয়ত দীৰ্ঘদিন ধৰি মৃত নৱজাতকক এনেদৰে বিভিন্ন স্থানত পেলাই অহাৰ কথা স্বীকাৰ কৰিছে ৷

জানিব পৰামতে,টকা দি পেলাই থৈ আহিবলৈ দিয়া মৃত নৱজাতকৰ মাতৃৰ ঘৰ ধেমাজি জিলা চিচিবৰগাঁও ৰাজহচক্ৰৰ ভাঙিদিয়াত ৷

আৰু পঢ়ক:ৰহাত ভয়াৱহ পথ দুৰ্ঘটনা,আহত কেইবাজনো…

assam dhemaji