অৰুণাচল প্ৰদেশৰ আনি নি’ত আবদ্ধ চিলাপথাৰৰ ১৯ শ্ৰমিক…

অৰুণাচল প্ৰদেশৰ আনি নি’ত আবদ্ধ চিলাপথাৰৰ ১৯ শ্ৰমিক…

author-image
asomiyapratidin
New Update
বকোত পুনৰ উত্তেজনা :অসমত মেঘালয়ৰ আৰক্ষীয়ে চাউনি পাতি সপ্তাহিক বজাৰ দখলৰ ষড়যন্ত্ৰ…

ডিজিটেল সংবাদ, ধেমাজি : পেটৰ তাড়নাত অৰুণাচল প্ৰদেশলৈ গৈ বন্দীত্ব জীৱন অতিবাহিত কৰিবলগা হৈছে চিলাপথাৰৰ ১৯ জন যুৱকে। প্ৰাপ্ত অভিযোগ মতে চিলাপথাৰ মুক্তিয়াৰ শিয়াল চাপৰিৰ ২১ জনকৈ যুৱকক কাম কৰিবলৈ বুলি যোৱা মে' মাহতে অৰুণাচল প্ৰদেশৰ দিবাং ভেলী জিলাৰ আনি নি'লৈ লৈ যায়।

Advertisment

লখিমপুৰ গৰৈমাৰী নামৰ নিজকে ঠিকাদাৰ বুলি পৰিচয় দিয়া কৃষ্ণ কান্ত নামৰ লোকজনে দৰিদ্ৰ পৰিয়ালৰ যুৱক সকলক উচিত পাৰিশ্ৰমিক দিয়াৰ প্ৰতিশ্ৰুতি দি ঘৰৰ পৰা উলিয়াই নিয়ে। পিছে গন্তব্যস্থান পোৱাৰ পিছৰ পৰাই কৃষ্ণ কান্তই আন এজন লোকক যুৱকৰ দলটোক চমজি দিয়ে। কথামতেই ঠিকাদাৰৰ নিৰ্দেশ মৰ্মে দলটোৱে আৰম্ভ কৰে কামকাজ।

পিছে পৰিতাপৰ বিষয় যে অতি কষ্টকৰ কামত খটুৱাই শ্ৰমিক সকলক এটা টকা পাৰিশ্ৰমিক হিচাপে আদায় দিয়া নাই বুলি অভিযোগ উত্থাপিত হৈছে। তেনেই নিম্নমানৰ খাদ্য যোগান ধৰিয়েই দায় সৰা ঠিকাদাৰে যোৱা ৩ মাহ ধৰি শ্ৰমিক সকলক পাৰিশ্ৰমিকৰ নামত এটা টকা আদায় দিয়া নাই। ফলত চৰম সংকটত দিন অতিবাহিত কৰিছে যুৱক সকলে।

ইপিনে বিনা পাৰিশ্ৰমিকত গুৰু কাৰ্যত খটুৱাই মুনাফা লুটা অৰুণাচলী ব্যৱসায়ীয়ে দলটোক ঘৰলৈ যাবলৈ বাধা প্ৰদান কৰি বলপূৰ্বক আবদ্ধ কৰি ৰাখিছে বুলি জানিব পৰা গৈছে। যুৱকৰ দলটোৰ এইখিনিতে ঠিকাদাৰৰ চকুত ধূলি দি শিয়ালচাপৰিৰ জ্যোতি প্ৰসাদ দলে, কমল টায়ে আৰু বাবু মৰাং নামৰ তিনিজন পলায়ন কৰি আহি ঘৰত উপস্থিত হয়।

ইয়াৰ পিছতে সমগ্ৰ ঘটনাটো পোহৰলৈ আহে। ঘটনাৰ সংক্ৰান্তত যোৱা ৩০ আগষ্টত প্ৰদেশখনত আবদ্ধ হৈ থকা যুৱকৰ দলটোৰ অভিভাৱকে ধেমাজি জিলা উপায়ুক্তৰ শৰণাপন্ন হয়। জিলা উপায়ুক্তই ইতিমধ্যে DA/39/2021-22/88 নং পত্ৰ যোগে তদন্তৰ বাবে ধেমাজিৰ আৰক্ষী অধীক্ষকৰ নিৰ্দেশ প্ৰেৰণ কৰে।

আনহাতে প্ৰদেশখনৰ দুৰ্গম স্থানত আবদ্ধ হৈ থকা দলটোক উদ্ধাৰৰ শীঘ্ৰে ব্যৱস্থা কৰিবলৈ ৰাইজে ধেমাজি প্ৰশাসনৰ ওচৰত দাবী জনাইছে।

assam himanta biswa sarma Assam police