
ডিজিটেল সংবাদ ,ধেমাজি: ১১৩ নং ধেমাজি (জনজাতি) বিধান সভা সমষ্টি সংৰক্ষণমুক্ত দাবী সমিতিৰ উদ্যোগত দেওবাৰে ধেমাজি ডি .আৰ. ডি. এৰ সভাকক্ষত এখন বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ সংৰক্ষণমুক্ত দাবী সমিতিৰ সভাপতি ভবিষ্য দিহিঙীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সংৰক্ষণমুক্ত দাবী সমিতিৰ সম্পাদক মনোজ গগৈয়ে ৷
জিলাখনৰ বিভিন্ন দল ,সংগঠন আৰু ৰাইজৰ উপস্থিতত অনুষ্ঠিত হোৱা সভাই ১১৩ নং ধেমাজি (জনজাতি) বিধান সভা সমষ্টিটো সংৰক্ষণমুক্ত কৰাৰ দাবী সকলোৱে একেমুখে তোলে ৷ ভাৰতবৰ্ষৰ হৈছে পৃথিৱীৰ ভিতৰতে এখন বৃহৎ গণতান্ত্ৰিক জনবহুল দেশ ৷ এনে গণতান্ত্ৰিক দেশত বিভিন্ন জাতি -জনগোষ্ঠী আৰু ধৰ্মাৱলম্বীলোক সকলৰ বাবে সম অধিকাৰ আছে। তাৰ পিছতো ১৯৬৫ চনৰ ১৫ এপ্ৰিলৰ পৰাই ১১৩ নং ধেমাজি (জনজাতি) বিধান সভা সমষ্টিটো বিগত ৫৮ টা বছৰে একেৰাহে অনুসূচিত জনজাতি লোকসকলৰ বাবে সংৰক্ষিত কৰি ৰখা বিষয়টো ধেমাজিবাসীৰ বাবে এইটো বৃহত অন্যায় কৰা হৈছে বুলি উপস্থিত সকলো ৰাইজে ক্ষোভিত হৈ পৰে ৷
এনে শাসন ব্যৱস্থাত একপক্ষীয়ভাবে কোনো এক নিদিষ্ট জনগোষ্ঠীক ৰাজনৈতিক সুবিধা প্ৰদান কৰি অন্যান্য বৃহৎ সংখ্যক জনগোষ্ঠীক ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত কৰি ৰখাৰ আইনগত ব্যৱস্থা আছে বুলি উল্লেখ কৰে । তাৎপৰ্যপূৰ্ণভাৱে ২০০১ চনৰ লোকপিয়ল অনুসৰি ১১৩ নং ধেমাজি (জনজাতি ) বিধাসভা সমষ্টিটোত বসবাস কৰা ৩৬ .১৬ শতাংশহে জনজাতি লোকৰ বিপৰীতে গৰিষ্ঠসংখ্যক হৈছে অ- জনজাতীয় লোক থকা পিছতো কেন্দ্ৰীয় চৰকাৰে আজি পৰ্যন্ত প্ৰাপ্য গণতান্ত্ৰিক অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিছে৷
অৱশ্যে ২০০৭ চনৰ পৰাই ধেমাজি বিধান সভা সংৰক্ষণমুক্ত দাবী সমিতিয়ে ধেমাজি সমষ্টিটো সংৰক্ষণমুক্ত কৰিবলৈ ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ,ভাৰতৰ ৰাষ্ট্ৰপতি,প্ৰধানমন্ত্ৰী , গৃহমন্ত্ৰী আৰু নিৰ্বাচন আয়োগলৈ নাৰ্যাপ্ৰাপ্তিৰ আবেদন জনোৱাৰ পিছতো এই পৰ্যন্ত কোনো গুৰুত্ব পোৱা নাই বুলি সমিতিৰ কৰ্মকৰ্তা সকলে অৱগত কৰে ৷
সভাত সংৰক্ষণমুক্ত দাবী সমিতিৰ উপদেষ্টাদ্বয় গুণ ফুকন ,টংকেশ্বৰ দুৱৰী ,অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতি সভাপতি উজ্বল চুতীয়া , ধেমাজি আহোম সভাৰ সভাপতি প্ৰবীন গগৈ,আহোম জাতীয় গণমঞ্চৰ অসমৰ উপ- সভাপতি গোলাপ গগৈ ,অসম জাতীয় পৰিষদৰ ধেমাজি জিলা সমিতিৰ সম্পাদক মনোজ বুঢ়াগোহাঁই, পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ লখিমপুৰ জিলাৰ সভাপতি উমা গগৈ ,হেম বুঢ়াগোহাঁই ,বলীন বৰগোহাঁই , ভূপেন ফুকন , ৰত্নেশ্বৰ ফুকন ,ভূপেন দিহিঙীয়াৰ লগতে বহু সংখ্যক ব্যক্তিয়ে উপস্থিত থাকি সমষ্টিটো শীঘ্ৰেই সংৰক্ষণমুক্ত কৰি তুলিবলৈ দাবী জনায়।
সভাই অহা ২৫ ফেব্ৰুৱাৰী পৰা গণস্বাক্ষৰ অভিযান , ২৭ ফেব্ৰুৱাৰীত ধেমাজি সদৰত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰাৰ পিছতেই ধেমাজি জিলাৰ উপায়ুক্তৰ জৰিয়তে ভাৰতৰ নিৰ্বাচন আয়োগ আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰিব। এটা পাছঁজনীয়া সজাতি দলে দিল্লীলৈ গৈ ভাৰতৰ মুখ্য নিৰ্বাচনী আয়োগক লগ ধৰি স্মাৰক পত্ৰ প্ৰদান আৰু মাৰ্চ মাহৰ মধ্যভাগতে এক বৃহত গণ সমাবেশ গঢ়ি তোলাৰ কৰাৰ সিদ্ধান্ত গ্ৰহন কৰে ৷
আৰু পঢ়ক: দুদিনায়া ভ্ৰমণসূচীৰে উত্তৰ-পূৱলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ