/asomiyapratidin/media/media_files/2025/01/22/oYkQLE5neLr80wteU4jA.jpg)
জ্যোৎস্না বৰাৰ মৃত্যুঃ Photograph: (অসমীয়া প্ৰতিদিন)
ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি তুলশীবাৰী গাঁৱৰ জ্যোৎস্না বৰা (৬১) বয়সত সোমবাৰে বিয়লি ডিব্ৰুগড়ৰত চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা খৱৰে অঞ্চলত গভীৰ শোকৰ ছাঁ পেলাইছে ৷ উল্লেখ্য যে অতি অমায়িক,কৰ্মব্যস্ত থকা গাওঁখনৰ মহিলা গৰাকীয়ে দীঘদিন ধৰি দুৰাৰোগ্য ৰোগত ভুগি আছিল ৷
ইতিমধ্যে তেওঁক পৰিয়ালবৰ্গই গুৱাহাটীকে ধৰি অন্যান্য কেইবাঠাইতো চিকিৎসাৰ অন্তত শেহতীয়াকৈ ডিব্ৰুগড় টাটা কেঞ্চাৰ হ'স্পাতালত চিকিৎসাধীন হৈ থকা অৱস্থাতে বৃদ্ধা মহিলা গৰাকী সোমবাৰে মৃত্যু হয় ৷ মৃত্যুৰ সময়ত তেওঁৰ স্বামীৰ সৈতে তিনিজন লৰা আৰু আঠ গৰাকী কন্যাৰ সৈতে পৰিয়ালৰ অনেকজনক এৰি গৈছে ৷
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us