হাইস্কুল শিক্ষান্ত, ৰাজ্যখনৰ ভিতৰতে ধেমাজি জিলাৰ উৰ্ত্তীণ হাৰ ৫৬ .৪৯%

হাইস্কুল শিক্ষান্ত, ৰাজ্যখনৰ ভিতৰতে ধেমাজি জিলাৰ উৰ্ত্তীণ হাৰ ৫৬ .৪৯%

author-image
asomiyapratidin
New Update
বকোত পুনৰ উত্তেজনা :অসমত মেঘালয়ৰ আৰক্ষীয়ে চাউনি পাতি সপ্তাহিক বজাৰ দখলৰ ষড়যন্ত্ৰ…

ডিজিটেল সংবাদ , ধেমাজি: মঙ্গলবাৰে ঘোষিত মেট্ৰিক পৰীক্ষাৰ ফলাফলত দহটা স্থানৰ ভিতৰত এটাও দখল কৰিবলৈ সক্ষম নহলেও ধেমাজি জিলাই সামগ্ৰিকভাৱে ফলাফলত ৰাজ্যখনৰ ভিতৰতে ৫৬.৪৯% পাই প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷

Advertisment

এইবাৰ ধেমাজি জিলাত ২৯৬ বিদ্যালয়ৰ ৩৪টা পৰীক্ষা কেন্দ্ৰত মুঠ ১৩ ,৪৫২ গৰাকীয়ে মেট্ৰিক পৰীক্ষাত অৱৰ্তীন হোৱা বিপৰীতে ইয়াৰে প্ৰথম বিভাগত ২৭১৩ জনে ৷ দ্বিতীয় বিভাগত ৫৬৭৪ জনে ৷ তৃতীয় বিভাগত ৩১০৯ জনে উৰ্ত্তীণ হৈছে ৷ উল্লেখ্য যে তুলনামূলক ভাবে ধেমাজি জিলাখনৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহৰ পৰীক্ষাৰ ফলাফল উন্নতি হোৱা বিপৰীতে চৰকাৰী বিদ্যালয় সমূহৰ পৰীক্ষা ফলাফল তেনেই সন্তোষজনক নহয় ৷

ফলাফল অনুসৰি জানিব পৰা মতে ব্যক্তিগত খণ্ডৰ ধেমাজি এচ .এফ .এচ (SFS) স্কুলত অৱৰ্তীন হোৱা ১১২ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ২৫ গৰাকীয়ে ড্ৰিষ্টিংচন , ২৪ গৰাকীয়ে ষ্টাৰ মাৰ্ক , ৪১ গৰাকীয়ে প্ৰথম বিভাগত, ২০ জনে দ্বিতীয় বিভাগত আৰু মাত্ৰ জনে তৃতীয় বিভাগত উৰ্ত্তীণ হৈছে ৷ বিদ্যালয়খনৰ ফলাফল উৰ্ত্তীৰ্ণহাৰ এশ শতাংশ হৈছে ৷

একেদৰে ব্যক্তিগত কিৰন একাডেমী চিনিয়ৰ উচ্চমাধ্যমিক বিদ্যালয়খনত অৱৰ্তীন হোৱা মুঠ ৩৯ গৰাকী পৰীক্ষাৰ ভিতৰত ৫ গৰাকীয়ে ড্ৰিষ্টিচন ,৬ গৰাকীয়ে ষ্টাৰ মাৰ্ক ,১৩ গৰাকীয়ে প্ৰথম বিভাগত ১৫ গৰাকীয়ে দ্বিতীয় বিভাগৰ সৈতে বিদ্যালয়খনৰ উৰ্ত্তীৰ্ণ হাৰ এশ শতাংশ হৈছে। বিদ্যালয়খনৰ দুগৰাকী ছাত্ৰীয়ে ক্ৰমে উচ্চগণিত বিষয়ত অংকিতা আগৰৱালাই ১০০ নম্বৰ পোৱা লগতে নিস্হাজিতা কলিতাই সমাজ অধ্যয়ন বিষয়ত ১০০ নম্বৰকৈ পাবলৈ সক্ষম হৈছে ।

ইফালে ব্যক্তিগত ধেমাজি পৰমানন্দ একাডেমী বিদ্যালয়ত মুঠ অৱৰ্তীন হোৱা ২৮ গৰাকী পৰীক্ষাৰ্থী ভিতৰত এজনে ড্ৰিষ্টিচন সহ ১০ জনে প্ৰথম বিভাগত , এজনে ষ্টাৰ মাৰ্ক সহ ১৫ জনে দ্বিতীয় বিভাগত আৰু ৩ জনে তৃতীয় বিভাগত উৰ্ত্তীৰ্ণ হোৱা সৈতে বিদ্যালয়খনৰ ফলাফলৰ হাৰ এশ শতাংশ লাভ কৰিছে ৷

আৰু পঢ়ক: নাই দৰমহা, নগাঁও কাগজ কলৰ আৰু এজন শ্ৰমিকৰ মৃত্যু…

assam dhemaji hslc