ধেমাজি ডায়েটৰ ২১ গৰাকী শিক্ষক-শিক্ষাৰ্থীৰ দেহত কোভিড…

ধেমাজি ডায়েটৰ ২১ গৰাকী শিক্ষক-শিক্ষাৰ্থীৰ দেহত কোভিড…

author-image
asomiyapratidin
New Update
ধেমাজি ডায়েটৰ ২১ গৰাকী শিক্ষক-শিক্ষাৰ্থীৰ দেহত কোভিড…

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজি শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট)ত ভয়ংকৰ ৰূপত সংক্ৰমণ ঘটিছে কৰোনা ভাইৰাছৰ। ধেমাজিৰ শিলআলিস্থিত প্ৰতিষ্ঠাপনখনত আক্ৰান্ত হ'ল ২১ জনকৈ প্ৰশিক্ষাৰ্থী আৰু কৰ্মচাৰীৰ দেহত কোৰোনাৰ উপস্থিতি ধৰা পৰিছে।বুধবাৰে স্বাস্থ্য বিভাগে প্ৰতিষ্ঠানৰ ১১৬ জনৰ ব্যক্তিৰ দেহত কৰা কোভিডৰ ৰেপিড এণ্টিজেন টেষ্টত ১৪ জন পজিটিভ হয়। ইয়াৰে তিনি গৰাকী হোষ্টেলৰ আবাসী আৰু এজন কৰ্মচাৰী। ইপিনে মঙ্গলবাৰে সম্পন্ন কৰা কোভিড পৰীক্ষাত ৬ জনকৈ প্ৰশিক্ষাৰ্থীৰ দেহত ধৰা পৰিছিল কোভিডৰ উপস্থিতি।

উল্লেখ্য যে এতিয়াও কোভিড পৰীক্ষা কৰিবলৈ বাকী আছে বহু প্ৰশিক্ষাৰ্থীৰ। ইফালে কোৰোনাৰ লক্ষণ থকা বহু লোক ঘৰতেই চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে। কোভিড পৰীক্ষাই সকলোকে সামৰিলে পজিটিভিটিৰ সংখ্যা বৃদ্ধিৰ সম্ভাৱনা আছে। আনহাতে ডায়েট প্ৰতিষ্ঠানখনত কোভিড সংক্ৰমিতৰ সংখ্যা বৃদ্ধিৰ ঘটনাই উদ্বিগ্ন কৰি তুলিছে শিক্ষক-প্ৰশিক্ষাৰ্থীসকলক।