/asomiyapratidin/media/media_files/2025/07/21/breaking-news-2025-07-21-20-10-48.jpg)
ডিজিটেল সংবাদ , ধেমাজিঃ ধেমাজি আৰক্ষী থানাৰ পৰা প্ৰায় ১২ কিলো মিটাৰ নিলগৰ চমৰাজানৰ নৰাবিলত মঙ্গলবাৰে ৰে'লৱে লাইনৰ ওপৰতে পৰি থকা অৱস্থাত অচিনাক্ত মুণ্ডছেদ হোৱা এটা মৃতদেহ ৰে'লৱে আৰক্ষীয়ে উদ্ধাৰ কৰে ৷
চিলাপথাৰ জি আৰ পি অ পিৰ ৰে'লৱে আৰক্ষী থানাৰ অধীনস্থ আৰক্ষী বিষয়া উমেশ চন্দ্ৰ ৰেগনে জনোৱা মতে যোৱা কালি বিয়লিৰে পৰা সেই অঞ্চলতে ঘূৰি থকা অচিনাক্ত প্ৰায় ৪০ উৰ্ধত যুৱকজনে কোন মুহূৰ্ততেএনে দুৰ্ঘটনা সংঘটিত হৈছে ই সচাকৈয়ে অতি মৰ্মান্তিক আৰু দুখজনক ঘটনা বুলি আৰক্ষীৰ আগত দাতিকাষৰীয়া গাঁৱৰ ৰাইজে অবগত কৰে ৷
ৰে'লৱে আৰক্ষীয়ে ইতিমধ্যে ঘটনা তদন্ত কৰিছে যদিও এতিয়ালৈকে ঘটনা সবিশেষ পোহৰলৈ অহা নাই ৷ৰে'লৱে আৰক্ষীয়ে জনোৱামতে মৃত যুৱকজনে পিন্ধনত ক'লা পেন আৰু বগা ক'লা স্পটিং লগতে প্ৰায় ৫ ফুট ৫ ইঞ্চি মান উচ্চতাৰ হোৱা মৃতদেহটোৰ বিষয়েকিবা জানিবলৈ বিচৰা লোক সকলক চিলাপথাৰ ৰে'লৱেআৰক্ষীৰ সৈতে যোগাযোগকৰিবলৈ ৰে'লৱে আৰক্ষীয়ে অনুৰোধ জনাইছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us