ধেমাজিৰ পাঁচোটা উন্নয়ন খণ্ডত প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ ব্যাপক দুৰ্নীতি..

চৰকাৰী চাকৰিয়ালক প্ৰধানমন্ত্ৰী আৱাস গৃহ প্ৰদান কৰি বিমোৰত কতৃপক্ষঃ দুনীৰ্তিৰ তদন্ত দাবীত আটাছুৰ সংবাদমেলঃ আন্দোলনৰ হুংকাৰঃ ধেমাজিত মুখ্যমন্ত্ৰীৰ ভিজিলেঞ্চ তদন্তৰ দাবী
ধেমাজিৰ পাঁচোটা উন্নয়ন খণ্ডত প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ ব্যাপক দুৰ্নীতি..

ডিজিটেল সংবাদ, ধেমাজি: ধেমাজি জিলাৰ পাঁচটা উন্নয়ন খণ্ডতে মহাত্মা গান্ধী গ্ৰাম্য নিশ্চিত নিয়োগ আইনৰ লগতে প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনা আঁচনি ৰূপায়নৰ নামত চুড়ান্ত দুৰ্নীতি আৰু লুটৰাজ চলিছে, এই অভিযোগ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক মনোজ গগৈৰ ৷শুকুবাৰে ধেমাজি প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদমেলত অংশগ্ৰহণ কৰি গগৈয়ে কয় যে, ধেমাজি, বৰদলনি, মাছখোৱ, চিচিবৰগাওঁ আৰু মুকংচেলেক উন্নয়ন খণ্ডত এচাম দালাল জাতীয় কৰ্মচাৰী আৰু ভেণ্ডৰৰ সহযোগত বিডি অ’য়ে মিলি ৰাজহুৱা ধন খাইছে৷ যাৰ ফলত ধেমাজি জিলাৰ বিভিন্ন গাঁৱৰ প্ৰকৃত দৰিদ্ৰ জনতাই আজি প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ এটি পকী গৃহৰ পৰা বঞ্চিত হৈছে ৷

তাৰোপৰি আটাইকেইটা উন্নয়ন খণ্ডতে মহাত্মা গান্ধী গ্ৰাম্য নিশ্চিত নিয়োগ আইন ৰূপায়নৰ নামত চলিছে কেৱল দালালৰ লুণ্ঠনৰাজ । প্ৰকৃত শ্ৰমিকে এশ দিনৰ কাম পোৱাতো আকাশত চাং পতাৰ দৰে হৈছে ৷যদিও আটাইকেইটা উন্নয়ন খণ্ডত জৱকাৰ্ড শ্ৰমিকৰ পৰিৰ্ৱতে জে চি বি, ট্ৰেক্টৰ আৰু ফকলেণ্ড লগাই এম জি এমৰেগাৰ আঁচনিৰ কাম কৰি কেন্দ্ৰীয় চৰকাৰৰ উক্ত অভিলাষী আঁচনি খন ধোৱাচাঙত তুলিছে ৷ তথ্য জনাৰ অধিকাৰ আইনৰ তথ্যৰ ভিত্তিত আটাছুৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া মনোজ গগৈয়ে কয় যে, এম জি এনৰেগাত শ্ৰমিকৰ নামত এতিয়া গাঁৱত থকা বিভিন্ন বেংকৰ চি এচ পি সমুহত শ্ৰমিকৰ নামত ভুৱা একাউণ্ট খুলি একাংশ মধ্যভোগী আৰু দালাল শ্ৰেনীৰ লোকে ভুৱা জৱকাৰ্ডৰ বিল বনাই আৰু একোখন বিলৰ বাবদ প্ৰতিজন শ্ৰমিকক তেওঁ লোকৰ জৱকাৰ্ডৰ বিনিময়ত প্ৰতিখন বিলত ৩০০/ টকাকৈ দি বাকী লাখ লাখ টকা লুণ্ঠন চলাই আহিছে ।

নামত শ্ৰমিকে কাম কৰা দেখুৱালেও প্ৰকৃতপক্ষে ধেমাজি জিলাৰ পাঁচটা উন্নয়ন খণ্ডত এম জি এনৰেগাৰ নামত প্ৰতিমাহে প্ৰতিখন বিলত লাখ লাখ টকা এই দালাল শ্ৰেণীৰ লোকসকলে আত্মসাৎ কৰি আহিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷ সংবাদ মেলত তেওঁ কয় যে, এম জি এনৰেগাৰ আইনৰ আটাইতকৈ বেছি দুৰ্নীতি হৈছে মেটেৰিয়েলচ বিলৰ নামত ৷

প্ৰতিটো উন্নয়ন খণ্ডতে বহুকেইটাকৈ ভেণ্ডৰ আছে যদিও মেটেৰিয়েলচ বিলৰ নামত এই ভেণ্ডৰ সমুহৰ লগত গোপন কমিচনৰ বুজাবুজিৰে গাঁও পঞ্চায়তৰ সভাপতি, সচিব, কনিষ্ঠ অভিযন্তা আৰু বি ডি অ’ সকলে মিলি লাখ লাখ টকা আত্মসাৎ কৰি আহিছে৷ ইয়াৰ ভিতৰত বিগত এটা বছৰৰ ভিতৰত চিচিবৰগাওঁ উন্নয়ন খণ্ডত মেটেৰিয়েলচ বিলৰ বাবদ ১৩ কোটি টকা খণ্ড উন্নয়ন বিষয়া বৰ্নালী গগৈ, সহকাৰী খণ্ড উন্নয়ন বিষয়া মানস কোঁৱৰ আৰু কৰ্মচাৰী তথা দালাল প্ৰশান্ত কোঁৱৰে মিলি ভুৱা বিল বনাই আত্মসাৎ কৰে ৷

তেনেদৰে জোনাইৰ মুকংচেলেক উন্নয়ন খণ্ডৰ বিষয়া কৰ্মচাৰীয়ে মিলি মেটেৰিয়েলচৰ নামত ভুৱা বিল বনাই ১৩ কোটি আত্মসাৎ কৰা বুলি গুৰুতৰ অভিযোগ কৰে ৷ ইয়াৰোপৰি চিচিবৰগাওঁ উন্নয়ন খণ্ডত ৬০ টা, ধেমাজি উন্নয়ন খণ্ডত ৭৮ টা, বৰদলনি উন্নয়ন খণ্ডত ৪৫ টা আৰু মুকংচেলেক উন্নয়ন খণ্ডত ৪৮ টা প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ ঘৰ আৱন্টন চুড়ান্ত দুৰ্নীতিৰ অভিযোগ কৰে ৷

উক্ত গৃহ সমূহ দৰিদ্ৰ পৰিয়ালৰ পৰিৱৰ্তে চাকৰিয়াল আৰু ধনী শ্ৰেণীৰ লোকক প্ৰদান কৰাৰ পাছত ৰাজহুৱা অভিযোগৰ ভিত্তিত তদন্ত কৰি উক্ত গৃহ তিনিটা কৃষ্টিৰ ধন প্ৰদান কৰা হিতাধিকাৰী সকলক পুনৰ ধন ঘুৰাই দিবলৈ নিৰ্দেশ দিয়াৰ উপৰিও চিচিবৰগাওঁ উন্নয়ন খণ্ডৰ বিষয়াই চিলাপথাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা ঘটনাই ধেমাজি জিলাত প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনা আঁচনি ৰূপায়নত চুড়ান্ত দুৰ্নীতি হোৱাৰ কথাটো দিনৰ পোহৰৰ দৰে সত্য বুলিও উল্লেখ কৰে ৷

উক্ত প্ৰধানমন্ত্ৰী আৱাস গৃহ প্ৰদানত হোৱা অনিয়মৰ সন্দৰ্ভত আটাইকেইটা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াসকলে ইতিমধ্যে ধেমাজিৰ উপায়ুক্তক লিখিত অভিযোগ দাখিল কৰিছে৷ উক্ত দু্ৰ্নীতিৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা দু্ৰ্নীতিত সহনশীলতাৰ কথা উল্লেখ কৰি ধেমাজি জিলাৰ আটাইকেইটা উন্নয়ন খণ্ডত মুখ্যমন্ত্ৰীৰ ভিজিলেঞ্চ তদন্তৰ দাবী জনায় আৰু দু্ৰ্নীতি গ্ৰস্ত বিষয়া কৰ্মচাৰীক জেললৈ প্ৰেৰন কৰাৰ দাবী উত্থাপন কৰে আটাছুৰ নেতাগৰাকীয়ে ৷ অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিয়ে৷ সংবাদমেলত ধেমাজি জিলা আৰু সদৰ আঞ্চলিক আটাছুৰ বহুকেইগৰাকী কৰ্মীয়ে উপস্থিত থাকে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in