ধেমাজি মহাবিদ্যালয়ৰ ৫৮ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন…

ধেমাজি মহাবিদ্যালয়ৰ ৫৮ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন…

author-image
asomiyapratidin
New Update
ধেমাজি মহাবিদ্যালয়ৰ ৫৮ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন…

ডিজিটেল সংবাদ ,ধেমাজি : ধেমাজি জিলাখনৰ অগ্ৰনি শিক্ষানুষ্ঠান ধেমাজি মহাবিদ্যালয়ৰ ৫৮ সংখ্যক প্ৰতিষ্ঠা দিৱসটি সোমবাৰে পালন কৰা হ'য় ৷ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিপক কুমাৰ নেওগে পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে ৷

প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে দুপৰীয়া ১২ বজাত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিপক কুমাৰ নেওগৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত হয় ৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক তথা উদযাপন সমিতিৰ সমন্বয়ক অতুল শইকীয়াই ৷

ইয়াৰ আগে মহাবিদ্যালয়ৰ ছাত্ৰী সকলৰ দ্বাৰা সমবেত সংগীতেৰে সভাৰ শুভাৰম্ভ কৰে ৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ব বিদ্যালয়ৰ পৰিবেশ বিজ্ঞান বিভাগৰ অৱসৰ প্ৰাপ্ত মুৰবী প্ৰাধ্যাপক ড° হৰি প্ৰসাদ শৰ্মা আৰু ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক তথা ধেমাজি মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড° শৰৎ চন্দ্ৰ কাকতিয়ে ৷ মুখ্য অতিথি ভাষনত প্ৰাধ্যাপক শৰ্মাই ছা্ত্ৰ- ছাত্ৰী সকলক উদ্দেশ্যি নতুন শিক্ষা নীতি আৰু পৰিবেশ , প্ৰদূষণ, সজাগতা মূলক সম্পৰ্কীয় বক্তব্য ৰাখে ৷

সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি মহাবিদ্যালয়খনৰ অতীত ৰোমন্থন কৰি বৰ্তমানৰ উত্তৰণৰ দিশ সমূহ সম্পৰ্কে বক্তব্য ৰাখে মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত উপাধ্যক্ষ গোবিন চন্দ্ৰ মেদকে ৷ সভাত মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা কালৰ পৰা জড়িত থকা সমাজসেৱক তথা সাহিত্যিক পেঞ্চনা উমেশ চেতিয়াই মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা সময়ত হোৱা সমস্যা সমূহ দূৰ কৰি বহু ত্যাগৰ বিনিময়ত মহাবিদ্যালয়খনি উন্নতি দিশে আগুৱাই আজি এই অৱস্থাৰ পোৱা বিষয়ে বক্তব্য ৰাখে ৷

মহাবিদ্যালয়ৰ ছাত্ৰ – ছাত্ৰী , শিক্ষক- শিক্ষয়িত্ৰী আৰু শুভাকাংক্ষী সকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনৰ শেষত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা জাতীয় সংগীত পৰিবেশনেৰে প্ৰতিষ্ঠা দিৱসৰ সভা সামৰণি পৰে৷

আৰু পঢ়ক: ১ মিনিটত ২৫ খবৰ…

assam dhemaji