ধেমাজিৰ অসম গ্ৰন্থমেলাৰ শুভ উদ্বোধন কৰে মন্ত্ৰী ৰণোজ পেগুৱে...

ভাষণ প্ৰসংগত ডা: পেগুৱে কয় যে গ্ৰন্থ যেনেদৰে জ্ঞান আৰু প্ৰজ্ঞাৰ আহিলা ঠিক তেনেদৰে গ্ৰন্থক কেন্দ্ৰ কৰি উদ্যোগ গঢ়ি উঠিছে

author-image
Asomiya Pratidin
New Update
ধেমাজিৰ অসম গ্ৰন্থমেলাৰ শুভ উদ্বোধন কৰে মন্ত্ৰী ৰণোজ পেগুৱে...

ranoj pegu

ডিজিটেল সংবাদ, ধেমাজিঃ “জ্ঞান আৰু প্ৰজ্ঞা অবিহনে মানুহ আৰু অন্য জীৱৰ মাজত কোনো পাৰ্থক্য নাই ৷ সহজভাৱে বুজিবলৈ জ্ঞান হৈছে তথ্যৰ আহৰণ আৰু আৰু আহৰিত তথ্য কৰ্ষণ কৰি সিদ্ধান্ত ল’ব পৰা দক্ষতাই হৈছে প্ৰজ্ঞা ৷ গ্ৰন্থই মানুহক জ্ঞান দিয়ে আৰু প্ৰাজ্ঞ কৰে ৷”

Advertisment

অসম গ্ৰন্থমেলা, ধেমাজিৰ উদ্বোধন কৰি শুকুৰবাৰে এই গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে ৷

ভাষণ প্ৰসংগত ডা: পেগুৱে কয় যে গ্ৰন্থ যেনেদৰে জ্ঞান আৰু প্ৰজ্ঞাৰ আহিলা ঠিক তেনেদৰে গ্ৰন্থক কেন্দ্ৰ কৰি উদ্যোগ গঢ়ি উঠিছে ৷ এই উদ্যোগৰ সতে সাঙোৰ খাই আছে লেখক-পাঠকৰ অৰ্থনৈতিক দিশ ৷ গতিকে গ্ৰন্থমেলালৈ আহি সাধ্যানুসৰি কিতাপ ক্ৰয় কৰি অসম গ্ৰন্থমেলা, ধেমাজি সাফল্যমণ্ডিত কৰাৰ বাবে ৰাইজক আহ্বান জনায় ৷

উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি বিশিষ্ট লেখক-গৱেষক ড° প্ৰদীপজ্যোতি মহন্তই ধেমাজিক ভাষা-সাহিত্যৰ ৰত্নগৰ্ভা অঞ্চল বুলি অভিহিত কৰে ৷ গ্ৰন্থমেলাৰ আয়োজনে ধেমাজিক শৈক্ষক-বৌদ্ধিক-সাংস্কৃতিকভাৱে আৰু অধিক সমৃদ্ধ কৰিব বুলি আশা প্ৰকাশ কৰি তেওঁ কয় - “গ্ৰন্থমেলা কেৱল বিপণী বা গ্ৰন্থৰ সমাহাৰ ঘটা স্থান নহয় ৷ গ্ৰন্থমেলা স্ৰষ্টা আৰু দ্ৰষ্টাসকলৰ মিলনভূমি ৷ গ্ৰন্থমেলাৰ বাকৰিত চিন্তাৰ সমন্বয় ঘটে আৰু ভাষা-সাহিত্যই নতুন সৃষ্টিৰ বাট বিচাৰি পায় ৷”

তেওঁ বিলুপ্তপ্ৰায় ভাষাৰ বিষয়েও গভীৰ আলোকপাত কৰি কয় যে, ভাষা হৈছে এটা জনসমষ্টি, এটা জাতি আৰু ৰাষ্ট্ৰৰো সত্ত্বা ৷ গতিকে সকলো ভাষাক জীয়াই ৰখাটো সংশ্লিষ্ট জনসমষ্টিৰ দায়িত্ব ৷ বিদ্বৎ সমাজৰ দায়িত্ব এইক্ষেত্ৰত অধিক বুলি ডা° মহন্তই উল্লেখ কৰে ৷ শুকুবাৰে উদ্বোধনী অনুষ্ঠানত সন্মানীয় অতিথিৰ আসন অলংকৃত কৰে অসম সাহিত্য সভাৰ সভাপতি, বিশিষ্ট সাহিত্যিক কুলধৰ শইকীয়াই ৷

ভাষণত তেওঁ কয় যে, বতৰ্মান সময়ত ল’ৰা-ছোৱালীক গ্ৰন্থৰ প্ৰতি আকৰ্ষিত কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে বুলি উল্লেখ কৰে ৷ প্ৰযুক্তিয়ে এতিয়া সকলোৰে হাতে হাতে মোবাইল ফোন তুলি দিছে ৷ গতিকে ল’ৰা-ছোৱালীকো ইয়াৰ পৰা আঁতৰাই ৰাখিব পৰা নাযায় ৷ অভিভাৱকসকলে নিজে ঘৰত কিতাপ পঢ়াৰ অভ্যাস গঢ়ি সন্তানক আকৰ্ষিত কৰিব লাগিব ৷

তেওঁ লগতে ছপা- শিল্পক জীয়াই ৰখাৰ বাবে গ্ৰন্থ ক্ৰয়-বিক্ৰয় হোৱাটো অতি জৰুৰী বুলি উল্লেখ কৰি গ্ৰন্থমেলাসমূহে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি উল্লেখ কৰে ৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয় যে, বিগত বৰ্ষৰ অসম গ্ৰন্থমেলাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ উপৰি বিভিন্ন জিলালৈ গ্ৰন্থমেলাৰ প্ৰসাৰ কৰাৰ পৰামৰ্শ দিছিল ৷

সেইমৰ্মে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে প্ৰথমখন অসম গ্ৰন্থমেলা আজিৰে পৰা ধেমাজিত অনুষ্ঠিত কৰিছে ৷ লগতে অহা ৮ নবেম্বৰৰ পৰা নলবাৰীত, ২ ডিচেম্বৰৰ পৰা যোৰহাটত, ২৯ ডিচেম্বৰৰ পৰা গুৱাহাটীত আৰু ইয়াৰ পাছত বঙাইগাঁৱত এইবছৰ অসম গ্ৰন্থমেলা অনুষ্ঠিত হ’ব ৷

তেওঁ ডিফুৰ পৰাও অসম গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তাৱ অহা বুলি ব্যক্ত কৰে ৷ প্ৰবোধ দাসে আঁত ধৰা অনুষ্ঠানটিত মঞ্চ অলংকৃত কৰি সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সভাপতি নগেন শৰ্মাই শলাগৰ শৰাই আগবঢ়াায় ৷

গ্ৰন্থমেলা উদ্বোধক মন্ত্ৰী ডাঃ ৰণোজ পেগু, বিশিষ্ট অতিথি ড° প্ৰদীপজ্যোতি মহন্ত , সন্মানীয় অতিথি কুলধৰ শইকীয়াক অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ফুলাম গামোছা আৰু গ্ৰন্থৰ টোপোলাৰে আদৰণি জনায় ৷

বাৰ্লীনা চুতীয়াৰ এটি গুৰু বন্দনাৰে উদ্বোধনী অনুষ্ঠান আৰম্ভ কৰা শুকুবাৰে গ্ৰন্থমেলাৰ নিশালৈ মূল মঞ্চত অনুষ্ঠিত হয় সাংস্কৃতিক সন্ধিয়া ৷

assam dhemaji book fair