/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/17c1758a-3951-478a-acb3-9abf78f49429/dhemajiiii.jpg)
dhemaji book fair
ডিজিটেল সংবাদ, ধেমাজি : অসম প্ৰকাশন পৰিষদৰ উদ্যোগত প্ৰথমবাৰৰ বাবে ধেমাজিত অনুষ্ঠিত হ'বলগা অসম গ্ৰন্থমেলা ধেমাজিৰ ৪ নৱেম্বৰত আবেলি ৪ বজাত উদ্বোধন কৰিব শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে।
উদ্বোধনী অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই সন্মানীয় অতিথি আৰু লেখক, গৱেষক ড° প্রদীপজ্যোতি মহন্তই বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰিব। গ্ৰন্থৰ চিৰন্তন আৱেদন তথা বৌদ্ধিক আন্দোলনক ৰাজ্যখনৰ বিভিন্ন প্ৰান্তলৈ প্ৰসাৰিত কৰাৰ লক্ষ্যৰে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ যৌথ উদ্যোগত শুকুৰবাৰৰ পৰা ধেমাজিত আৰম্ভ হ’ব চলিত বৰ্ষৰ প্ৰথমখন ‘অসম গ্ৰন্থমেলা'। এই মন্তব্য অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাৰ ৷
ধেমাজিৰ কাছাৰী ময়দানত ৪ নৱেম্বৰৰ পৰা ১৩ নৱেম্বৰলৈ দহদিনীয়া বৰ্ণিল আয়োজনেৰে অনুষ্ঠিত হ'বলগীয়া 'অসম গ্ৰন্থমেলা ধেমাজিৰ কাৰ্যসূচীৰ ইতিমধ্যে প্ৰস্তুতিৰ সন্দৰ্ভত আজি ধেমাজিৰ কাছাৰী ময়দানত অনুষ্ঠিত এখন সংবাদমলত অংশগ্ৰহণ কৰি কলিতাই কয় যে - কাইলৈ ৪ নৱেম্বৰ শুকুৰবাৰে বিয়লি ৪ বজাত ‘অসম গ্ৰন্থমেলা উদ্বোধন কৰিব শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে। উদ্বোধনী অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই সন্মানীয় অতিথি আৰু লেখক, গৱেষক ড° প্রদীপজ্যোতি মহন্তই বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰিব।
ধেমাজিত প্ৰথমবাৰলৈ আয়োজন কৰা এই গ্ৰন্থমেলাত ৰাজ্য তথা ৰাজ্যৰ বাহিৰৰ ১০০ খন গ্ৰন্থ বিপণীয়ে অংশগ্ৰহণ কৰিছে। গ্ৰন্থমেলাৰ সৈতে সংগতি ৰাখি আলোচনা-সত্ৰ, কবি সন্মিলন, শিশুৰ অনুষ্ঠান, অৰুণাচলৰ অসমীয়া ভাষাৰ লেখকৰ সৈতে অন্তৰংগ আলাপ অনুষ্ঠান, ধেমাজিৰ প্ৰতিভাধৰসকলৰ সমাৰোহ, যুৱ-লেখকৰ সাহিত্য অনুষ্ঠান আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
কাছাৰী ময়দানত ইতিমধ্যে সম্পূৰ্ণ হৈ উঠা 'অসম গ্ৰন্থমেলাৰ বাকৰিত আজি অনুষ্ঠিত সংবাদমেলত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ উপ-সভাপতি বাহাৰুল ইছলাম চৌধুৰীয়ে এই কথা সদৰি কৰে যে ১০ দিনীয়াকৈ আয়োজন কৰা এই গ্ৰন্থমেলাত ৫ নৱেম্বৰৰ বিয়লি ১ বজাত অনুষ্ঠিত হ'বলগীয়া 'গ্রন্থ অধ্যয়নঃ আনন্দ আৰু অন্বেষণ' শীর্ষক আলোচনা সত্ৰ সঞ্চালনা কৰিব লেখক, সমালোচক ড° অন্দিম শৰ্মাই।
এই আলোচনা সত্ৰত আলোচক অতিথি হিচাপে অংশগ্ৰহণ কৰিব ড° মৃদুল শর্মা, জ্যোৎস্না বৰুৱা আৰু ড° স্বাতী কিৰণে। ৬ নৱেম্বৰৰ পুৱা ১১ বজাত ‘মুকুতা' আলোচনীৰ উদ্যোগত তথা ধেমাজি জিলা মইনা পাৰিজাতৰ সহযোগত আয়োজিত ‘শিশুৰ দিন' কাৰ্যসূচী উদ্বোধন কৰিব পূৰেন্দ্ৰ প্ৰসাদ শইকীয়াই।
৬ নৱেম্বৰৰ বিয়লি ২ বজাত কিতাপ গোট আৰু অৰুণাচল প্ৰদেশ লিটাৰেৰী ছ'চাইটিৰ উদ্যোগত অনুষ্ঠিত হ'ব “আৰুণাচলৰ অসমীয়া ভাষাৰ লেখকৰ সৈতে আলাপ” অনুষ্ঠান। 'অসম গ্রন্থমেলা, ধেমাজিৰ অন্যতম গুৰুত্বপূৰ্ণ এই আলাপ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰিব যশস্বী সাহিত্যিক য়েচে দৰজে ঠংচিয়ে।
এই অনুষ্ঠানত অৰুণাচলৰ পৰা নগৰাকী অসমীয়া ভাষাৰ লেখক উপস্থিত থকাৰ লগতে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট ঔপন্যাসিক জয়ন্ত মাধৱ বৰা। ঠিক একেদৰে ৭ নৱেম্বৰৰ পুৱা ১১ বজাত অনুষ্ঠিত হ'ব ‘উন্মীলন' শীৰ্ষক যুৱ- লেখকৰ সাহিত্য অনুষ্ঠান । উন্মীলন সঞ্চালনা কৰিব ড° ভাস্কৰজ্যোতি গগৈয়ে ।
৮ নৱেম্বৰৰ পুৱা ১০ বজাত অনুষ্ঠিত হ'ব ‘ৰজনীকান্ত বৰদলৈৰ 'মিৰি জীয়ৰী' উপন্যাসৰ ঐতিহাসিক-সামাজিক গুৰুত্ব' শীৰ্ষক এক উল্লেখযোগ্য আলোচনা সত্ৰ । এই আলোচনা সত্ৰখন সঞ্চালনা কৰিব ড° পল্লবী বুজৰবৰুৱাই। আলোচনা সত্ৰত আলোচক অতিথি হিচাপে ভাগ ল'ব ড° ভাস্কৰজ্যোতি শৰ্মা, ড° সদানন্দ পায়েং আৰু ড° কবিতা গগৈয়ে। ৯ নৱেম্বৰত দিনৰ ১১ বজাত অনুষ্ঠিত হ'ব ‘অসমীয়া গল্প উপন্যাসত জনগোষ্ঠীয় চেতনা' শীর্ষক এক আলোচনা সত্র। এই আলোচনা সত্ৰ সঞ্চালনা কৰিব ড° মামণি গগৈ বৰগোঁহায়ে।
আলোচনা সত্ৰত আলোচক অতিথি হিচাপে অংশগ্ৰহণ কৰিব ড° অঞ্জন ওজা, ড° অৰবিন্দ ৰাজখোৱা আৰু ড° চিত্ৰজিত শইকীয়াই । সেইদিনা বিয়লি ২ বজাত অনুষ্ঠিত হ'ব ধেমাজি জিলা লেখিকা সমাৰোহ সমিতিৰ সহযোগত এক সাহিত্য অনুষ্ঠান। একেদৰে ১০ নৱেম্বৰত বিয়লি ২ বজাত অনুষ্ঠিত হ'ব লেখক পাঠকৰ সন্মিলন অনুষ্ঠান ‘সাহিত্য-আলচ’। এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত সঞ্চালক হিচাপে উপস্থিত থাকিব ড° ধৰণী লাহন।
সেইদিনাই বিয়লি ৪ বজাত বিশিষ্ট কবি নীলিম কুমাৰৰ সঞ্চালনাত অনুষ্ঠিত হ'ব এখন কবি সন্মিলন। ১১ নৱেম্বৰৰ বিয়লি ২ বজাত অনুষ্ঠিত হ'ব ধেমাজি জিলাৰ যুৱ লেখক লেখিকা, শিল্পী, সাহিত্যকৰ্মীৰ সমাৰোহ অনুষ্ঠান 'প্রান্তপ্রভা'। এই সমাৰোহ অনুষ্ঠান সঞ্চালনা কৰিব ড° ভূপেন গগৈয়ে ৷ ১২ নৱেম্বৰৰ বিয়লি ২ বজাত অনুষ্ঠিত হ’ব “অসমীয়া সাহিত্যৰ উত্তৰনত অসমীয়া লোকজীৱন, লোক সাহিত্য আৰু লোক সংস্কৃতিৰ প্ৰভাৱ” শীৰ্ষক এক আলোচনা সত্ৰ এই বিশেষ আলোচনা সত্ৰখন সঞ্চালনা কৰিব ড° সত্যকাম বৰঠাকুৰে।
আলোচনা সত্ৰত আলোচক অতিথি হিচাপে উপস্থিত থাকিব ড° অসীম চুতীয়া, বগেন গগৈ আৰু ড° ৰণদ্বীপ বৰা। ১০ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে আয়োজিত 'অসম গ্ৰন্থমেলা, ধেমাজি’ৰল সামৰণি পৰিব ১৩ নৱেম্বৰত। বিয়লি ৩ বজাত হ'বলগীয়া সামৰণি অনুষ্ঠানতো সভাপতিত্ব কৰিব শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে ৷
সামৰণি অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড° ননীগোপাল মহন্ত লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট লেখক- সাংবাদিক উমেশ চেতিয়া।
সংবাদমেলত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উপ-সভাপতি বাহাৰুল ইছলাম চৌধুৰীয়ে এই কাৰ্যসূচীৰ বিষয়ে সদৰি কৰি ‘অসম গ্ৰন্থমেলা, ধেমাজি লৈ সকলোৰে সক্ৰিয় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে ।