/asomiyapratidin/media/media_files/2025/01/29/x1ZBwozlkubnATo02BjC.jpg)
ডিজিটেল সংবাদ,ধেমাজিঃ সদৌ অসম ভিত্তিত অহা ১৪ মাৰ্চ পৰা ২১ মাৰ্চলৈ ধেমাজি জামুকগুৰি পাচঁআলি মদাৰগুৰি কলিতা গাঁৱৰ শ্ৰীশ্ৰী বাসুদেৱ থান ও নামঘৰত আইমাতৃ সকলৰ দিহানাম পৰিৱেশন আৰু ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব।
সেই উপলক্ষত ধেমাজি জামুকগুৰি পাচঁআলি মদাৰগুৰি কলিতা গাঁৱৰ শ্ৰীশ্ৰী বাসুদেৱ থান ও নামঘৰত আইমাতৃ সকলৰ দিহানাম পৰিৱেশন আৰু ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব।ম কৰিবলৈ আয়োজন কৰিছে উদযাপন সমিতিয়ে। সভাপতি তোলন শইকীয়া আৰু সম্পাদক প্ৰদীপ ভৰালীয়ে এক বিবৃতিৰে জনোৱা মতে কাৰ্য্যসূচীত মাজুলীৰ লগতে অসমৰ বহু কেইখন জিলাৰ প্ৰতিযোগী সকলে অংশগ্ৰহণ কৰিব ৷ সেয়ে উদযাপন সমিতিয়ে আটাইকেইটা দিনতে ৰাইজৰ সহায় সহযোগিতা ও সকলোৱে উপস্থিতি কামনা কৰিছে৷