আঙুৰলতা ডেকাক গ্ৰেপ্তাৰৰ দাবীত ধেমাজিত আটাছুৰ অৱস্থান ধৰ্মঘট…

আঙুৰলতা ডেকাক গ্ৰেপ্তাৰৰ দাবীত ধেমাজিত আটাছুৰ অৱস্থান ধৰ্মঘট…

author-image
asomiyapratidin
New Update
আঙুৰলতা ডেকাক গ্ৰেপ্তাৰৰ দাবীত ধেমাজিত আটাছুৰ অৱস্থান ধৰ্মঘট…

ডিজিটেল সংবাদ, ধেমাজি : আহোম জাতিৰ বিৰুদ্ধে মুৰ্দাবাদ ধ্বনি দিয়া বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ লগতে ঘটনাৰ উচিত তদন্তৰ দাবীত সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু) ধেমাজি সদৰ আঞ্চলিক সমিতিৰ প্ৰায় চাৰি শতাধিক কৰ্মীয়ে প্লে কাৰ্ড আৰু হেদাং লৈ শনিবাৰে পুৱা ১১ বজাৰ পৰা বিয়লি ১ বজাৰলৈ ধেমাজি জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট পালন কৰে ৷

Advertisment

বিজেপি দলৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী লগতে অসম চৰকাৰৰ এগৰাকী প্ৰাক্তন বিধায়িকা হোৱা
পিছতো এটা জাতিৰ বিৰুদ্ধে এনে বিৰোপ মন্তব্য দিয়া কাৰ্য্যয়ে ধেমাজিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ প্ৰতিবাদকাৰী সকলে আঙুৰলতা ডেকাক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰক, আঙুৰলতা মুৰ্দাবাদ, বিজেপি গ' বেক, আছু জিন্দাবাদ আদি ধ্বনিৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷ কাৰ্য্যসূচীৰ অন্তত এখনি প্ৰতিবাদী সভাও অনুষ্ঠিত
কৰে ।

প্ৰতিবাদী সভাত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক মনোজ গগৈ, ধেমাজি জিলা তাই আহোম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পংকজ বৰগোহাঁই , আটাছু ধেমাজি সদৰ আঞ্চলিক সমিতিৰ সভাপতি চিত্তৰঞ্জন বৰুৱা, সম্পাদক চেতন প্ৰৱিৰ বৰপাত্ৰগোঁহাই, কাৰ্য্যকৰী সভাপতি মনোজ বুঢ়া গোহাঁই, তাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতি সহকাৰী সম্পাদক গনেশ গগৈ, ধেমাজি জিলা তাই আহোম যুৱ পৰিষদৰ সভাপতি , সম্পাদক ক্ৰমে লক্ষীবৰ গোহাঁই আৰু প্ৰনৱ হাজৰিকা, আহোম জাতীয় মহাসভাৰ সভাপতি, সম্পাদক ক্ৰমে ৰত্নে ফুকন আৰু জয়ন্ত দিহিঙীয়া, আহোম জাতীয় গণমঞ্চৰ সম্পাদক পতুল বুঢ়াগোহাঁই, পূৰ্বাঞ্চল তাই
সভাৰ সভাপতি নৱ বৰুৱা আৰু তাই আহোম ফুৱালুং সংঘৰ প্ৰফুল্ল ভাৰধৰাই উপস্থিত থাকে। লগতে আহোম জাতিৰ বিৰুদ্ধে বিৰোপ মন্তব্য দিয়া আঙুৰলতা ডেকাক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি তদন্ত ব্যৱস্থা কৰিবলৈ দাবী জনায় ৷

আৰু পঢ়ক : মঙলদৈৰ এখন বিদ্যালয়ত চোৰৰ চাফাই অভিযান, লুটি নিলে বহু মূল্যবান সামগ্ৰী

assam atasu bjp dhemaji himanta biswa sarma Assam police