/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/dhemaji-aasu.jpg)
ডিজিটেল সংবাদ ,ধেমাজিঃ ধেমাজি জিলাৰ বিভিন্ন পঞ্চায়তত প্ৰধানমন্ত্রী আৱাস গ্ৰাম্য যোজনা আৰু মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আঁচনি (এম জি এনৰেগা) ত হৈ থকা ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ তদন্তৰ দাবীত শনিবাৰে ধেমাজি নগৰত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰি উত্তাল কৰি তোলে তিনি শতাধিক ধেমাজি মহকুমা ছাত্র কৰ্মীয়ে ।
শনিবাৰে পুৱা ১১ বজাৰ পৰা বিয়লি ১ বজালৈকে অনুষ্ঠিত হোৱা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে হাতে – হাতে বেনাৰ, পোষ্টাৰ , প্লে'কাৰ্ড লৈ যোগ্যব্যক্তিক চৰকাৰী গৃহ প্ৰদান কৰক, দৰিদ্ৰ সীমাৰেখা তলৰ ব্যক্তিক অগ্ৰাধিকাৰ দিয়ক,, যোগ্যজনক বঞ্চিত কৰা কাৰ্য বন্ধ কৰক, অনিয়মত জড়িত ব্যক্তিক শাস্তি দিয়ক, এম জি -এনৰেগা নীতি নিয়ম মানি চলক, ভুৱা জৱ কাৰ্ডসমূহ জব্দ কৰক, ছাত্র ঐক্য জিন্দাবাদ, সদৌ অসম ছাত্র সন্থা জিন্দাবাদ, বিজেপি চৰকাৰ হায় হায় আদি ধ্বনিৰে উত্তাল কৰি তোলে।
কাৰ্যসূচীৰ অন্তত এখন প্ৰতিবাদী সভাও অনুষ্ঠিত হয় ৷ প্ৰতিবাদী সভাত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগাঠনিক সম্পাদক মন্টুৰাজ বৰুৱা , ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপক শৰ্মা ,সাধাৰণ সম্পাদক কল্যাণ গগৈ , মহকুমা ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ গগৈ আৰু সাধাৰণ সম্পাদক অৰ্ণিবান শইকীয়াই বক্তব্যত ধেমাজি জিলাখনৰ বিভিন্ন ঠাইত ইতিমধ্যে ৰূপায়িত কৰা পি এম ৱাই আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনত প্ৰতিটো পঞ্চায়ততে অনিয়ম সংঘটিত হোৱা ঘটনাৰ শীঘ্ৰেই তদন্ত কৰা , দৰিদ্ৰ সীমাৰেখাৰ তলৰ প্ৰকৃত যোগ্য ব্যক্তিসকলক কিহৰ
বাবে বঞ্চিত কৰা হৈছে ইয়াৰ তদন্তৰ ব্যৱস্থা কৰা, চিচিবৰগাঁও উন্নয়ন খণ্ডৰ অধীনৰ শ্ৰীপাণি গাওঁ পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ ৬০ বছৰীয়া বৃদ্ধা সৰুমাই চাংমাইৰ নামত অহা চৰকাৰী ঘৰৰ ধন পঞ্চায়তৰ সভাপতি, সদস্য আৰু সচিবে আত্মাসাৎ কৰা ঘটনাৰ তদন্ত কৰি দোষী ব্যক্তি সকলক উপযুক্ত শাস্তি দিয়া ব্যৱস্থা কৰা , বৰদলনি ,মাছখোৱা ,চিচিবৰগাওঁ উন্নয়ন খণ্ডত থকা দৰিদ্ৰ সীমাৰেখাৰ তলৰ দৰিদ্ৰ পৰিয়ালসমূহক শীঘ্ৰেই চৰকাৰী গৃহ আবন্টণ দিয়াৰ ব্যৱস্থা কৰিবলৈও দাবী জনায় ৷
জিলাখনৰ প্ৰতিটো পঞ্চায়তৰ অধীনত বহু দুৰ্নীতি আৰু অনিয়মেৰে হৈ থকা লাখ লাখ টকা এম জি এনৰেগা কাম-কাজ সমূহৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰিবলৈ প্ৰতিবাদকাৰী সকলে দাবী জনায় ।