/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/11/f978508a-6c02-4014-a768-089404927b7f.jpg)
ডিজিটেল সংবাদ, ওৰাং: সামাজিক দায়বদ্ধতাক সাৰোগত কৰি ঢেকিয়াজুলিৰ ৰঙ্গপীঠৰ সঞ্চালক, সাংবাদিক, নাট্যকাৰ-পৰিচালক ভাস্কৰ ডেকাৰ নীৰৱচিন্ন গৱেষণা মূলক তথ্য ভিত্তিত নাটক "ঐৰাৱত" । সাংবাদিক ভাস্কৰ ডেকাই সামাজিক দ্বায়িত্ব পালন কৰাৰ সমান্তৰালকৈ নাট্যকৰ্মী সৃষ্টিৰ লক্ষ্য আগত ৰাখি নাটক কৰি আহিছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/11/f978508a-6c02-4014-a768-089404927b7f.jpg)
ৰঙ্গপীঠ ঢেকিয়াজুলিয়ে বহু কেইখন সফল নাট মঞ্চায়নৰ লগতে যি দৰে ঢেকিয়াজুলিৰ শ্বহীদ সকলৰ আত্মত্যাগৰ সমগ্ৰ তথ্য সন্নিবিষ্ট কৰি ২০ ছেপ্টেম্বৰ ১৯৪২ নামৰ ভাস্কৰ ডেকাই ৰচনা আৰু পৰিচালনা কৰা এখন নাটক ৰাইজলৈ বুলি আগবঢ়াই দিছিল, থিক তেনেকৈ এইবাৰ অহা ১৮ আৰু ১৯ নৱেম্বৰ ২০১৯ তাৰিখে ঢেকিয়াজুলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ গাতে লাগি থকা বনানীকৰণৰ গছৰ তলত সন্ধ্যা ৬:১৬ মিনিটত ১ ঘন্টা ১০ মিনিটৰ এখন অতি স্পৰ্শকাতৰ বিষয়ৰ ওপৰত ৰচিত নাটক পৰিৱেশন কৰিবলৈ আগবাঢ়িছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/11/f6b556a2-4ced-44f9-b5c7-b43691a505c2-1024x768.jpg)
য'ত তিনিটাকৈ হাতীৰ অভিনয় দেখিবলৈ পোৱাৰ লগতে ঢেকিয়াজুলিৰ বিভিন্ন প্ৰান্তৰ এজাক নবীন প্ৰতিভাবান নাট্যকৰ্মীৰ অভিনয় দৰ্শকে দেখিবলৈ পাব৷ অভিনয়,সংগীত,পোহৰ আৰু শব্দৰ মায়াজালৰ মাজেৰে সমাজলৈ হাতী আৰু মানুহৰ সংঘাতৰ এখন জীয়া অথচ কৰুন ছবি দাঙিধৰাৰ প্ৰয়াস কৰা হৈছে নাটকখনত ৷
সৰ্বপ্ৰথমবাৰৰ বাবে প্ৰাকৃতিক পৰিৱেশত, গছৰ তলত প্ৰদৰ্শিত হ'বলগা নাটখন আমেৰিকাৰ দুজন প্ৰকৃতিপ্ৰেমী পৰ্যতকৰ কেমেৰাত আৱদ্ধ হোৱাৰ লগতে তেখেত সকলৰ এখন তথ্যচিত্ৰত সংযোজন হ'ব আৰু নাটকে যে সমাজৰ বাবে ,মানুহৰ বাবে বাৰ্তা বহন কৰে তাকেই প্ৰতিপন্ন কৰিব ৷ আৰু এই তথ্যচিত্ৰ BBC চেনেলযোগে সম্প্ৰচাৰিত হ'ব ৷ হয়টো অসমৰ নাট্যক্ষেত্ৰত প্ৰথমবাৰৰ বাবে এনেকৈ আমেৰিকাৰ ব্যক্তি আহি তথ্যচিত্ৰৰ বাবে ৰঙ্গপীঠ ঢেকিয়াজুলিক তেওঁলোকৰ সৈতে সাঙুৰি লৈছে ৷ যি ৰঙ্গপীঠ আৰু নাট্যকৰ্মী সকলৰ বাবে এক শুভবাৰ্তা ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/11/0086cccc-258f-43c7-95f8-44c5a0905649-1024x768.jpg)
ৰঙ্গপীঠৰ "ঐৰাৱত" নাটখনত অসমীয়া সমাজ জীৱন, অসমীয়া সংস্কৃতি তথা লোকাচাৰ প্ৰস্ফুতিত কৰাৰ লগতে দৰ্শকৰ মনোগ্ৰাহী হোৱাকৈ নাটখন পৰিচালনা কৰি সাজুকৰা হৈছে পৰিৱেশনৰ বাবে ৷ সকলো দৰ্শকৰ যোগাত্মক সহাৰি কামনা কৰিছে এতিয়া ৰঙ্গপীঠ পৰিয়ালে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us