বনকৰা কিশোৰী আৰতি তুৰিৰ মৃত্যু প্ৰসংগ : খান্দি উলিয়ালে মৃতদেহ

বনকৰা কিশোৰী আৰতি তুৰিৰ মৃত্যু প্ৰসংগ : খান্দি উলিয়ালে মৃতদেহ

author-image
asomiyapratidin
New Update
বনকৰা কিশোৰী আৰতি তুৰিৰ মৃত্যু প্ৰসংগ : খান্দি উলিয়ালে মৃতদেহ

ডিজিটেল ডেস্ক : বৃহস্পতিবাৰে ঢেকীয়াজুলিত উপস্থিত হয় ফ'ৰেনছিকৰ এটা দল। আৰতি তুৰি নামৰ কিশোৰীগৰাকীৰ মৃতদেহ ফ'ৰেনছিকৰ দলটোৱে গাঁত খান্দি উলিয়াই আনে। এই ফ'ৰেনছিকৰ দলটোৰ সৈতে আছে GMCHৰ এজন চিকিৎসক। শাৰীৰিক নিৰ্যাতনৰ বলি হৈ কিশোৰীগৰাকীৰ মৃত্যু হৈছিল বুলি জানিব পৰা গৈছে।ঘটনাৰ উচিত তদন্তৰ বাবে এটা বিশেষ তদন্তকাৰী গোট গঠন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্দেশ দিছিল।

Advertisment

উল্লেখ্য যে যোৱা ১১ জুনত দৰঙ জিলাৰ ধূলা থানাৰ অন্তৰ্গত কৃষ্ণকমল বৰুৱা নামৰ লোকজনৰ ঘৰত এগৰাকী কিশোৰীৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছিল। ঢেকীয়াজুলিৰ প্ৰজা পথৰ ১৩ বছৰীয়া এগৰাকী কিশোৰী চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল। সেই কিশোৰী গৰাকী কৃষ্ণকমল বৰুৱা নামৰ লোকজনৰ ঘৰত বনকৰা ছোৱালী হিচাপে আছিল।

ঘটনাৰ তদন্তৰ বাবে ধূলা আৰক্ষী থানাত কিশোৰীগৰাকীৰ পৰিয়ালে এজাহাৰ দিবলৈ গৈছিল যদিও সেই ক্ষেত্ৰত বাধা প্ৰদান কৰা হৈছিল। এই সমগ্ৰ ঘটনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিগোচৰ হোৱাত ঘটনাৰ সন্দৰ্ভত তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে। কিন্তু মুখ্যমন্ত্ৰী গৰাকীৰ নিৰ্দেশনাকো আওকাণ কৰি ঘটনাৰ তদন্ত নকৰাত নিলম্বিত হ'বলগা হয় দৰং জিলাৰ আৰক্ষী অধীক্ষক ৰাজ মোহন ৰায়, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন আৰু ধূলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া।

assam Assam police himanta biswa sarma