/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/78490971-7d17-4e5f-b512-00f474cff8a9.jpg)
ডিজিটেল সংবাদ, সৰুপথাৰঃ ধনশিৰি মহকুমাৰ গেলাবিল ৰেংমাগ্ৰান্ট আয়োজন কৰা হৈছে মহাপুৰুষীয়া এখন মহিলা ভাওনা ৷ যাৰবাবে ৰেংমাগ্ৰান্ট আদৰ্শ প্ৰাথমিক শাখা নামঘৰত এতিয়া পূৰ্ণদমে চলিছে ভাওনাৰ আখৰা ৷ অহা ১ জুনত প্ৰদৰ্শন কৰা হব "দ্ৰুণ পৰ্ৱ"নামৰ ভাওনা খন আৰু স্থানীয় মহিলা সকলে এই নাটখনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে ৷ সেয়েহে পূৰ্ণ গতিত ভাওনাৰ আখৰা কৰিছে মহিলা সকলে ৷
পোন প্ৰথম বাৰৰ বাবে মহাপুৰুষীয়া ভাওনাত অভিনয় কৰিবলৈ সুযোগ লাভ কৰা মহিলা সকল উৎফুল্লিত হৈ পৰাৰৰ লগতে কৃষ্ণ, অৰ্জুন, ভীম দুৰ্য্যোধন, শকুনি ভীষ্ম, দ্ৰুৰ্ণ আদি বিভিন্ন চৰিত্ৰত সাৱলিল অভিনয়ো আগবঢ়াবলৈ সক্ষম হৈছে গৃহিনীৰ ৰূপত ঘৰত আৱদ্ধ থকা মহিলা সকলে ৷ হাতত গদা, তৰুৱাল ,ধনু লৈ তয়াময়া যুদ্ধ দিয়াটো পাৰদৰ্শিতা দেখুৱাইছে এইসকল মহিলাই ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/8b2569be-aa05-4c22-a308-58526b213fea-1024x461.jpg)
বায়নৰ খোলৰ চেৱে চেৱে প্ৰৱেশ, যুদ্ধ যাত্ৰা, যুদ্ধৰ ভঙগিমা আকৰ্ষনিয় ভাৱে প্ৰদৰ্শন কৰিছে গাঁওৰ মহিলা ভাওৰীয়াৰ সকলে ৷ মহিলা ভাওনাখনৰ বৃহস্পতিবাৰে নিশা "বৰ অাখৰা" অনুষ্ঠিত হোৱাৰ পিচত অহা ১ জুন তাৰিখে ৰেংমাগ্ৰাণ্ট আদৰ্শ প্ৰাথমিক শাখা নামঘৰত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/d5b7481b-7da2-4eb0-b847-167388bb2339-1024x461.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us