/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/8940315e-3cf1-4c6a-abc2-148b0825b3a3.jpg)
ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলাৰ মৰঙি মৌজাত এতিয়া গৰাখহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ধনশিৰি নৈৰ পৰা সোমাই অহা পানীয়ে ভাবুকিৰ সৃষ্টি কৰিছে নৈপৰীয়া গাওঁসমূহলৈ।
মৰঙিৰ দুখুটিমুখত এতিয়া কেইবাটাও পৰিয়ালৰ ঘৰ-বাৰী নদীখনৰ বুকুত জাহ গৈছে। তদুপৰি এটা চাহৰ কলঘৰৰ বৃহৎ অংশ আজি জাহ যায় ধনশিৰিৰ বুকুত। কলঘৰটোৰ এটা জেনেৰেটৰ আৰু চিমনি উটুৱাই লৈ যায় ধনশিৰিৰ সোঁতে। ফলত আতংকিত হৈ পৰিছে কল ঘৰটোৰ কৰ্মচাৰীসকল।
আনহাতে নৈৰ দাঁতি কাষত থকা ঘৰসমূহো পানীত জাহ যোৱাৰ আশংকাত কলঘৰৰ কমৰ্চাৰীসকলে যন্ত্ৰ-পাতি, সামগ্ৰী আদি অন্য স্থানলৈ স্থানান্তৰ কৰা পৰিলক্ষিত হৈছে। ইয়াৰ ফলত প্ৰায় দহ কোটি টকা লোকচান হোৱা বুলি জানিবলৈ দিয়ে কলঘৰটোৰ স্বত্বাধিকাৰীয়ে। চৰকাৰ তথা স্থানীয় প্ৰশাসনৰ ফালৰ পৰা কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপন কৰে কলঘৰটোৰ কৰ্মচাৰীসকলে।