ছাত্ৰ-ছাত্ৰীক স্থায়ী বাসিন্দা প্ৰমাণ পত্ৰ প্ৰদানৰ দাবীত ধনশিৰি আছুৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ…

ছাত্ৰ-ছাত্ৰীক স্থায়ী বাসিন্দা প্ৰমাণ পত্ৰ প্ৰদানৰ দাবীত ধনশিৰি আছুৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ...

author-image
asomiyapratidin
New Update
ছাত্ৰ-ছাত্ৰীক স্থায়ী বাসিন্দা প্ৰমাণ পত্ৰ প্ৰদানৰ দাবীত ধনশিৰি আছুৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ…

ডিজিটেল সংবাদ, সৰুপথাৰঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত অসম-নাগালেণ্ড সীমান্তবৰ্তী চুঙাজন, নাওজান, উৰিয়ামঘাট ,গেলাবিলৰ লগতে মহকুমাটোৰ টেঙানি আদি অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলক স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে ধনশিৰি মহকুমা ছাত্ৰ সন্থাই গোলাঘাট জিলাৰ উপায়ুক্তৰ জৰিয়তে শুকুৰবাৰে মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। উল্লেখ্য যে, ধনশিৰি মহকুমাৰ সীমান্ত বাসীৰ ভূমিৰ ম্যাদী পট্টা নথকাৰ বাবে উক্ত পৰিয়ালৰ ছাত্ৰ ছাত্ৰী সকল স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰৰ পৰা বঞ্চিত হৈ আছে ।

Advertisment

পঢ়িবলৈ ক্লিক কৰকঃ লাভলীনা, হিমা আৰু এথলিট বোৱাৰী…

ইয়াৰ ফলত সীমান্ত অঞ্চলৰ ছাত্ৰ ছাত্ৰী সকল উচ্চশিক্ষা গ্ৰহণৰ ক্ষেত্ৰত বহুতো সমস্যা সন্মুখীন হোৱাৰ লগতে বিভিন্ন জলপানীৰ পৰা বঞ্চিত হ'ব লগীয়া হৈছে । সেয়েহে উক্ত বিষয়টো গুৰুত্ব সহকাৰে লৈ মহকুমাটোৰ সীমান্ত অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলক শীঘ্ৰে স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিবৰ বাবে গোলাঘাট জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ ধনশিৰি আছুৰ সভাপতি বিকাশ বৰা আৰু সাধাৰণ সম্পাদক মিন্টু গগৈৰ দ্বাৰা স্বাক্ষৰিত এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।