লাভলীনা, হিমা আৰু এথলিট বোৱাৰী…

লাভলীনা, হিমা আৰু এথলিট বোৱাৰী…

মৃদুল কুমাৰ সন্দিকৈ

অলিম্পিকৰ পদক এতিয়াও বহু দূৰ আমাৰ বাবে। অলিম্পিক খেলিবলৈ পোৱাতোৱেই পৰম সৌভাগ্য আৰু কৃতিত্ব ৰূপে বিবেচিত হৈ আহিছে। বিশ্বৰ শ্ৰেষ্ঠ ক্ৰীড়াবিদ সকলৰ এই প্ৰতিযোগিতাত প্রথমবাৰৰ বাবে দেখা পোৱা যাব অসমৰ এগৰাকী যুৱতীক। ইয়াৰ পূৰ্বে কোনোৱেই অসমৰ পৰা গৈ অলিম্পিক খেলা সৌভাগ্য মহিলা খেলুৱৈ হিচাপে অৰ্জন কৰা নাছিল।

ৰাজ্যখনত ক্ৰীড়া ক্ষেত্ৰত এক সুস্থ বাতাবৰণ গঢ়ি তুলিবলৈ চৰকাৰী পক্ষই বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ কথা কৈ আহিছে। কিন্তু অলিম্পিক যাত্ৰা ৰাজ্যৰ খেলুৱৈসকলৰ বাবে এতিয়াও সপোন হৈ ৰৈ গৈছে। দীপাংকৰ ভট্টাচাৰ্যই ১৯৯২চনত বাৰ্চেলিনা অলিম্পিক আৰু ১৯৯৬চনত আটলান্টা অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।

শেষলৈ তেওঁ প্ৰি কোৱাৰ্টাৰ ফাইনেলত চীনৰ খেলুৱৈ জাহু জিয়ান হুৱাৰ হাতত ১৫-৪, ১৫-১২ পইন্টৰ ব্যৱধানত পৰাস্ত হৈছিল। সেয়াও আছিল অসমৰ ক্ৰীড়াপ্ৰেমীৰ বাবে এক ভাবিব নোৱাৰা সুখবৰ। এইবাৰ তেনে এক সপোন সজীৱ কৰিছে বক্সাৰ লাভলীনা বৰগোঁহাইয়ে। টকিঅ' অলিম্পিকলৈ লাভলীনাই খেলাৰ যোগ্যতা অৰ্জন কৰাৰ লগে লগেই ৰাজ্যবাসীৰ মাজত লাভলীনাক লৈ বিশেষ চৰ্চা লাভ কৰিছে। বক্সাৰ শিৱ থাপায়ো দুবাৰকৈ অলিম্পিক খেলি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছিল। ২০১২চনত লণ্ডন অলিম্পিক আৰু ২০১৬ চনত ৰিঅ' অলিম্পিকত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিল এইগৰাকী প্ৰতিভাবান খেলুৱৈয়ে। তদুপৰি, ২০১২চনত খেলুৱৈ জয়ন্ত তালুকদাৰে ভাৰতৰ হৈ লণ্ডন অলিম্পিক খেলিবলৈ গৈছিল।

১৯৯৭চনৰ ২ অক্টোবৰত জন্মগ্ৰহণ কৰা লাভলীনাৰ ঘৰ গোলাঘাটত। তেওঁৰ পিতৃৰ নাম টিকেন বৰগোঁহাই আৰু মাতৃৰ নাম মামনী বৰগোঁহাই। লাভলীনাৰ পিতৃ এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ী। বহু প্ৰতিবন্ধকতাৰ মাজত লাভলীনাই আজি এই স্থানত উপনীত হৈছে। এগৰাকী কিক বক্সাৰ হিচাপে খেলুৱৈ জীৱন আৰম্ভ কৰা লাভলীনাই সৰুৰে পৰাই লক্ষ্য নিৰ্ধাৰণ কৰিছিল।

২০২০চনৰ লকডাউনৰ সময়ত লাভলীনা আছিলহি ঘৰত। সেই সময়ত তেওঁ পথাৰত ভূঁই ৰুই থকা অৱস্থাত তোলা আলোকচিত্ৰই যথেষ্ট চৰ্চা লাভ কৰিছিল। ২০২০চনৰ ২১ আগষ্টত ৰাজ্যৰ ষষ্ঠতম খেলুৱৈ হিচাপে লাভলীনাৰ নাম অৰ্জুন বঁটাৰ বাবে বিবেচিত কৰা হৈছিল। লকডাউনৰ বাবে ঘৰত কিছুদিন থাকি পাটিয়ালাৰ প্ৰশিক্ষণ শিবিৰত যোগদান কৰা লাভলীনাই সেই বছৰ জ'ৰ্ডানত অনুষ্ঠিত এক প্ৰতিযোগিতাতো উজ্বলি উঠিছিল।

দীৰ্ঘদিন ধৰি অনুশীলন, ট্ৰেইনিং কেম্প, প্ৰতিযোগিতা আদিৰ মাজতেই সময় অতিবাহিত কৰা লাভলীনাই এগৰাকী সফল বক্সাৰ হিচাপে প্ৰতিষ্ঠা লাভৰ বাবে সকলোখিনি কৰি গৈছে। প্ৰতিদিনাই সাধনা অব্যাহত ৰখা লাভলীনাৰ ইচ্ছা এতিয়া পূৰণ হ'ল। ২০১২চনত কিক বক্সিঙৰ পৰিৱৰ্তে তেওঁ বক্সিৰ প্ৰশিক্ষণ লৈছিল। বৰপথাৰ হাইস্কুলত পঢ়ি থকা সময়তে লাভলীনাৰ ক্ৰীড়া কৌশলৰ ওপৰত চকু পৰিছিল পদুম বড়োৰ।

তাৰপাছত লাভলীনাই বক্সিঙৰ ক্ষেত্ৰখনত উজ্বলি উঠিছে। নতুন দিল্লীত অনুষ্ঠিত প্রথম মুকলি ইন্টাৰনেশ্যনেল বক্সিং টুৰ্ণামেন্টত লাভলীনাই লাভ কৰিছিল সোণৰ পদক। ৰাছিয়াত অনুষ্ঠিত এআইডিএ ৱ'মেনছ ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপত লাভলীনাই পাইছিল ব্ৰঞ্জৰ পদক। ২০১৮চনৰ কমন ৱেলথতো লাভলীনা বিবেচিত হৈছিল।

বিপৰীত পক্ষক ধৰাসায় কৰিব পৰাকৈ লাভলীনা সক্ষম। বক্সিং ৰিংগত কেতিয়াবা তেওঁ ইমানেই অপ্ৰতিৰুদ্ধ হৈ পৰে যে প্ৰতিপক্ষক তেওঁ কোনো সুযোগেই নিদিয়ে। টকিঅ'ত ৬৯ কেজি শাখাত লাভলীনাই দেশক প্ৰতিনিধিত্ব কৰিলে। এতিয়া লাভলীনাৰ সপোন অলিম্পিকৰ সোণৰ পদক। অলপতে অনুষ্ঠিত হৈ যোৱা এছিয়ান বক্সিং চেম্পিয়নশ্বিপত লাভলীনাই ৬৯ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

অলিম্পিকত অসমৰ পৰা গৈ প্ৰতিনিধিত্ব কৰিব বুলি ভবা হৈছিল হিমা দাসকো। কিন্তু সেই সপোন এতিয়াও বাস্তৱ হোৱাৰ সম্ভাৱনাই দেখা দিয়া নাই। অত্যাধিক সংবাদমাধ্যমৰ চৰ্চা আৰু প্ৰচাৰৰ বিপৰীতে আঁৰত থাকিয়েই লাভলীনাই বক্সিং ৰিংগত কঠোৰ পৰিশ্ৰম কৰি গৈছে। সকলো ঠিকে-ঠাকে থাকিলে টকিঅ' অলিম্পিকত উজ্বলি উঠিব অসমৰ এইগৰাকী খেলুৱৈ।

এক সাধাৰণ পৰিয়ালৰ পৰা গৈ ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰৰ নক্ষত্ৰ হৈ পৰা লাভলীনাই এতিয়া কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিছে। এগৰাকী খেলুৱৈ হিচাপে লাভলীনাই জানে বা বুজে এই সময়খিনি তেওঁৰ বাবে অতি মূল্যবান। সংবাদমাধ্যমৰ চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈয়ে যে সফলতা লাভ কৰিব নোৱাৰি সেই কথা লাভলীনাই বুজি উঠিছে।

অসমৰ হিমা দাসৰ পৰাও দেশে বহু আশা কৰিছিল। হিমাৰ দৰে বিষ্ময় প্ৰতিভাই অলিম্পিকত ভাৰত আৰু অসমৰ নাম উজ্বলাই তুলিব বুলি ভবা হৈছিল। হিমাৰ অলিম্পিক জয়ৰ সপোন ৰাজ্যবাসীৰো সপোন আছিল। হিমাক লৈ অত্যাধিক চৰ্চা আৰু খেলতকৈ প্ৰচাৰত অধিক গুৰুত্ব দিয়াৰ বাবেই এইগৰাকী খেলুৱৈ সফলতাৰ সপোন বাস্তৱত পৰিণত নহ'ল বুলি বহুতে ক'ব খোজে।

সেয়ে হ'লেও হিমায়ো দেশৰ ক্ৰীড়াৰ মানচিত্ৰত অসমৰ খেলুৱৈ সকলৰ এক মৰ্যাদা আনি দিলে। নগাঁৱৰ ধিঙৰ পৰা গৈ বিশ্বৰ ক্ৰীড়া ক্ষেত্ৰতেই হিমাই নিজৰ পৰিচয় তুলি ধৰিছিল। ট্ৰেকত নতুন অভিলেখ গঢ়িছিল। সেই সূত্ৰে হিমাৰ প্ৰতি দেশ তথা ৰাজ্যবাসীৰ আস্থা আৰু আশা বৃদ্ধি পাইছিল। এইবোৰ কথাই হিমাৰ কেৰিয়াৰতো নিশ্চিতভাৱে প্ৰভাৱ পেলাইছিল।

লাভলীনাৰ ক্ষেত্ৰত তেনে নহওঁক। নিজস্ব ধৰণেৰে কাৰো পৰা কোনো চাঁপ নোপোৱাকৈ লাভলীনাই এই অলিম্পিক যাত্ৰাৰ সমাপ্তি ঘটাওঁক। লাভলীনাই জানে তেওঁৰ লক্ষ্য কি? অনাহকত লাভলীনাই অলিম্পিকৰ পদক পাবই লাগিব বুলি চৰ্চাৰ জৰিয়তে চাপ সৃষ্টি কৰাতকৈ স্বাভাৱিকভাৱে খেলি এই প্ৰতিযোগিতাত সফলতা অৰ্জনৰ বাবে আমি তেওঁক মনোবল বৃদ্ধি কৰাত জোৰ দিব লাগে।

অসম তথা উত্তৰ-পূৰ্বাঞ্চল ক্ৰীড়া ক্ষেত্ৰৰ অভিকেন্দ্ৰ। গ্ৰামাঞ্চলত বহু প্ৰতিভা অকালতে মৰহি যায়। সেই প্ৰতিভা সমূহক সঠিক প্ৰশিক্ষণৰে বিচাৰি উলিয়াই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ লৈ যোৱাৰ দায়িত্ব ক্ৰীড়া সংগঠন তথা চৰকাৰে গ্ৰহণ কৰিব লাগে। মৰিগাঁৱত বাঁহনীৰ মাজতে এচাম যুৱকে শৰীৰ চৰ্চা আৰু বিভিন্ন ধৰণৰ শাৰীৰিক ব্যায়ামৰ কৌশলেৰে সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছে। কোনো প্ৰশিক্ষক নথকাকৈ কেৱল নিজৰ একাগ্ৰতাৰ বলত তেওঁলোকে এই অসাধ্যক সাধ্য কৰিছে।

সেই অঞ্চলসমূহত এনেবোৰ ক্ৰীড়াক গুৰুত্ব সহকাৰে প্ৰচাৰ-প্ৰসাৰ কৰি নতুন প্ৰজন্মক উলিয়াই অনাৰ ক্ষেত্ৰত চৰকাৰৰ এক নীতি থাকিব লাগে। নহ'লে এইবোৰ দুই-এদিনৰ খবৰ হৈয়েই সময়ৰ গতিত হেৰাই যাব। অসমৰে চুবুৰীয়া ৰাজ্য মণিপুৰে ক্ৰীড়া ক্ষেত্ৰখনত দেশকেই প্ৰতিনিধিত্ব কৰিছে। এই সৰু ৰাজ্যখনত ক্ৰীড়াই নতুন মাত্ৰা লাভ কৰাৰ কাৰণ হ'ল সৰুৰে পৰাই শিশু সকলক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰাৰ পৰিৱেশ গঢ়ি তোলাত ৰাজ্যখনত সফল হৈছে।

তেনে বিষ্ময় আৰু প্ৰতিভাবান লোকসকলক দৃষ্টিগোচৰলৈ আনিবৰ বাবে সংবাদমাধ্যমৰো ভূমিকা থাকে। সেই দায়িত্ব সংবাদমাধ্যমে পালন কৰিব পাৰে। অতি শেহতীয়াকৈ ৰাজ্যৰ এগৰাকী বোৱাৰীক লৈ চৰ্চা চলিছে। তেওঁৰ সাধনা আৰু কৰ্মৰ কৌশলতা সন্দৰ্ভত প্ৰশ্ন উঠিব নোৱাৰে। কিন্তু প্ৰশ্ন উঠিছে- এইধৰণৰ বিষয় বা খবৰেৰে যি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সেই প্ৰতিক্ৰিয়াই কাৰোবাৰ উপকাৰ সাধিছেনে?

একে দায়িত্ববোধেৰে স্থানীয় ক্ৰীড়া সংগঠক, সংগঠন, ক্লাৱ বা বিভিন্ন প্ৰতিযোগিতা আয়োজনৰ আঁৰৰ লোকসকলে গ্ৰাম্য আৰু দুৰ্গম অঞ্চলবোৰলৈ গৈ ক্ষুপ্ত প্ৰতিভাবোৰক আগবঢ়াই লৈ আহিলে অসমৰ পৰা অলিম্পিক খেলিবলৈ যোৱা খেলুৱৈৰ সংখ্যা ভাবিব নোৱাৰা ধৰণে বৃদ্ধি পাব। আমি এতিয়া কেৱল এগৰাকী লাভলীনা বা হিমাক লৈ গৌৰৱ কৰি আছো। সেই খেলুৱৈ সকলৰ সফলতাৰে অনুপ্ৰাণিত হৈ আন ১০ গৰাকী লাভলীনা বা হিমাক সৃষ্টি কৰাৰ দায়িত্বও আমাৰ সকলোৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in